পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
প্রথম সঙ্গীতগুৰু জমিৰুদ্দিন ছাৰৰ সোঁৱৰণত

কেন্দ্ৰ কৰিয়েই এতিয়াও নলবাৰীৰ গীতৰ চকৰি ঘূৰি আছে। তেওঁৰ অক্ষয় কীৰ্তি গীতশ্ৰী সঙ্গীত বিদ্যালয়ে আজি মহাবিদ্যালয় ৰূপ লৈ জিলিকি আছে। তেওঁৰ অমূল্য অৱদান আজি গীতশ্ৰীৰ অগণন ছাত্ৰ-ছাত্ৰীৰ অন্তৰে অন্তৰে। নলবাৰীৰ ঘৰে ঘৰে৷

 জমিৰুদ্দিন ছাৰ আছিল এজন কৃতি গীতিকাৰ। সীমিত বচা বচা শব্দ চয়নেৰে তেওঁ ৰচা গীতসমূহ অসমীয়া সাহিত্যৰ সম্পদ হৈ ৰ'ল।

 মানুহ হিচাপে স্থূলদৃষ্টিত তেওঁক সাধাৰণ যেন লাগিছিল। কিন্তু সূক্ষ্ম দৃষ্টিত তেওঁ আছিল অসাধাৰণ। খং অলপ বেছি আছিল। কিন্তু ৰং আছিল তাতকৈও বেছি। ৰংবোৰ সকলোৱে দেখা নাছিল। তেওঁৰ লগত নিবিড়ভাৱে লাগি থকাবোৰে দেখিছিল। আমিও দেখিছিলোঁ। মাদাৰ ইণ্ডিয়া আৰু যুগান্তৰ বিড়িৰ টুকুৰাৰে মজিয়া ভৰাই; অলপ অলপ চাহেৰে কণ্ঠ তিয়াই ৰাতিক দিন কৰি অনৰ্গল পাতি থকা দাৰ্শনিক আলাপৰ মজা আমি পাইছিলোঁ। তেওঁৰ সান্নিধ্যৰ ৰঙীন দিনবোৰৰ কথা আমি পাহৰিব নোৱাৰোঁ।

 উদাৰ অন্তৰৰ জমিৰুদ্দিন ছাৰ সকলোতে বিয়পি আছিল। কোনো এক দৰ্জীৰ দোকানত আজৰি পৰৰ মেলৰে পৰা আৰম্ভ কৰি নলবাৰীৰ অলি-গলি, চাহ-দোকান, ৰাজপথ, বিয়া-সবাহ, কোনো ক্ষুধাৰ্ত শিষ্যৰ চাউলৰ খবৰ, কোনো উকীলৰ চোতালত গীতশ্ৰীৰ পূজা আয়োজন, সাংস্কৃতিক অনুষ্ঠানৰ বিচাৰকৰ আসন, বন্ধুবান্ধৱৰ সংকট কালত সহানুভূতি উপদেশ দান আদি সকলো ক্ষেত্ৰতে আছিল জমিৰুদ্দিন ছাৰ। ক্ষুদ্ৰৰ পৰা বিৰাটলৈ আছিল তেওঁৰ দৃষ্টি।

 যদিও নাম তেওঁৰ জমিৰুদ্দিন জাতত তেওঁ আছিল শিল্পী। সকলো ধৰ্মৰে উৰ্দ্ধত আছিল তেওঁৰ শিল্পী মন। গীতা, বাইবেল, কোৰাণৰ মাজত তেওঁ অৱগাহন কৰিছিল। সেয়েহে সমন্বয়ৰ মাজেৰে উদাৰ ভাৰতীয় সংস্কৃতিক তেওঁ আকোৱালি ল'ব পাৰিছিল।

 এনে বিশাল অন্তৰৰ অধিকাৰী, সুৱাগী, সৎ পুৰুষ জমিৰুদ্দিন ছাৰৰ মানৱী দেহ আজি আমাৰ মাজত নাই। কিন্তু আছে তেওঁৰ আদৰ্শোজ্জ্বল গুণাৱলী। ইয়াক আমি জীয়াই ৰাখিব লাগিব। তেওঁ তেওঁৰ অক্লান্ত সেৱাৰে নলবাৰীক অসমৰ সঙ্গীত জগতত জিলিকাই থৈ গ'ল। তেওঁৰ কৰ্তব্য তেওঁ কৰি গ'ল। এতিয়া আমাৰ তেওঁৰ প্ৰতি কৰ্তব্য কৰাৰ পাল। আমি তেওঁৰ মৃত্যু তিথিত বা জন্ম তিথিত গুণ-কীৰ্তন কৰিলেই তেওঁৰ প্ৰতি আমাৰ কৰ্তব্য কৰা নহ'ব। তেওঁৰ সৃষ্ট গীত-মাতেৰে সৈতে জীৱনী এখন প্ৰকাশ কৰিব পাৰিলেহে তেওঁৰ প্ৰকৃত শিল্পী সত্ত্বাক শ্ৰদ্ধা জনোৱা হ'ব।