পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অন্তঃসাৰ শূন্যঃ বৰ্তমান শিক্ষা জগত


 প্ৰাক্ স্বাধীন যুগৰ তুলনাত স্বাধীনোত্তৰ যুগত ভাৰতৰ শিক্ষানুষ্ঠান সমূহে দেশৰ কৰ্ণধাৰ, শিক্ষাবিদসকলৰ চিন্তাৰ অনুকূলে যিসকল শিক্ষিত লোকৰ সৃষ্টি কৰিলে সেইসকলৰ গৰিষ্ঠ সংখ্যকেই অনৰ্থক বুলি ক’লেও অত্যুক্তি কৰা নহয়। বৰ্তমানৰ শিক্ষা জীৱনৰ বুনিয়াদ তৈয়াৰ কৰিবলৈ অক্ষম। ক্ৰমবৰ্দ্ধিত তথাকথিত অসাৰ্থক শিক্ষিত লোকৰ সৃষ্টিয়ে বৰ্তমান শিক্ষাবিভাগৰ চূড়ান্ত পৰাজয় ঘোষণা কৰিছে।

 স্বাধীন দেশ এখনৰ শিক্ষাদিশৰ অক্ষমণীয় বিপৰ্যয়ৰ কাৰণসমূহ নিৰ্ণয় কৰাৰ নিমিত্তে দেশৰ কোনোৱে দায়িত্ববোধপূৰ্ণ মনেৰে অগ্ৰসৰ হোৱা নাই অথবা কাৰণসমূহ নিৰ্ণিত হলেও অৰ্থলিপ্সু মনৰ দাসত্ব স্বীকাৰ কৰি কোনোৱে তাৰ নিৰ্ভুলকৰণৰ প্ৰতি বিশেষ মনোযোগ দিয়া নাই।

 প্ৰয়োজনীয় শিক্ষাবস্তু শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু চৰকাৰৰ মণিকাঞ্চন সংযোগতহে পূৰ্ণাঙ্গ শিক্ষা সম্ভৱ হৈ উঠিব পাৰে। এই কেইবিধ উপাদানৰ যিকোনো এবিধৰ ত্ৰুটি-বিচ্যুতি ঘটিলেই শিক্ষা বিপৰ্যয় সংঘটিত হয়। অনুধাৱন কৰিলে দেখা যায় আমাৰ দেশত শিক্ষাসংগঠনৰ আটাইকেইবিধ উপাদানেই দোষপূৰ্ণ, যাৰ ফলত আজি দেশত অপৰিশোধনীয় দোষপূৰ্ণ সীমাহীন শিক্ষিত লোকৰ সৃষ্টি হৈছে।

 ঐতিহ্যমণ্ডিত ভাৰতীয় আদৰ্শক জীয়াই ৰাখি সম্পূৰ্ণ ভাৰতীয় পটভূমিত আধাৰিত শিক্ষাবস্তু গ্ৰহণ নকৰা পৰ্যন্ত ভাৰতীয় আদৰ্শসদ্ভূত শিক্ষাই ৰূপলৈ উঠিব বুলি আশা কৰা ভুল। বৰ্তমান ভাৰতে নিজ আদৰ্শৰ ওপৰত আস্থা ৰাখি পৃথিৱীৰ আন আন প্ৰগতিশীল জাতিসমূহৰ গ্ৰহণীয় বলিষ্ঠ আদৰ্শৰ প্ৰতি আগ্ৰহান্বিত হৈছে নে নিজ আদৰ্শ বলিদান দি অইন অইন আদৰ্শৰ পিছত ঢাপলি মেলিছে বুজিব পৰা নাই। বোধহয় ভাৰতীয় আদৰ্শ আৰু পশ্চিমীয়া আদৰ্শৰ সংঘাতত আমাৰ সমাজ জৰ্জৰিত। এনে এখন আদৰ্শসংঘাত জৰ্জৰ সমাজত আমাৰ চৰকাৰে কোনো এক নিশ্চিত আদৰ্শ আগত ৰাখি শিক্ষাজগতত আজি পৰ্যন্ত এক সুস্থিৰ প্ৰয়োজনীয় শিক্ষাবস্তু সম্বলিত পাঠ্যক্ৰম সাজি উলিয়াব পৰা নাই। গতিকে প্ৰয়োজনীয়