পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
আমাৰ সংগীত কলাৰ বৰ্তমান অৱস্থা

ৰূপ দিব পৰা গুণ অর্জন কৰিছে, সেইসকলে অসমৰ বিকৃত গীতবােৰৰ শুদ্ধ পৰিবেশনৰ প্রতি মনােযােগ দিয়া উচিত। কিন্তু অসমীয়া জনসাধাৰণৰ সহানুভূতি নাপাই তেওঁলােকেও সংগীত কলাৰ ক্ৰমবিকাশৰ চিন্তা কৰাৰ মনােবলখিনি হেৰুৱাই পেলাইছে। প্রকৃত শিল্পীক সমাদৰ কৰিবলৈকে অৱশ্যে এখন গুণী শিক্ষিত সমাজৰ দৰকাৰ। এই সমাজখন আমাৰ নাই বুলি কলেও বােধহয় বেছি কোৱা নহ’ব। এই সমাজ সৃষ্টি নােহােৱাৰ বাবে আমাৰ বর্তমান শিক্ষা পদ্ধতিকো দোষ দিব লাগিব। এই শিক্ষা ব্যৱস্থাত সংগীত কলাৰ সাংগীতিক মূল্য বুজাত ছাত্র-ছাত্রী তথা উচ্চ শিক্ষিত লােকসকলক সহায় কৰিব পৰা কোনাে বিধি-বিধান নাই। যি কেইজন মুষ্টিমেয় অনুসন্ধিৎসু সংগীতসেৱীয়ে সাধনা কৰি তিল্‌তিল্‌কৈ মৃত্যুমুখী হৈছে, তেওঁলােকে নিজ চেষ্টাৰ গুণত সেই সাধনাত ৰত আছে। এই সজ চেষ্টাত গুণী সমাজে বিশেষ সাৰ-পানী যােগােৱা নাই অথবা যােগাব পৰা নাই। সমাজৰ এই উদাসীনতাৰ কাৰণে অথবা অজ্ঞতাৰ কাৰণে সাংগীতিক মূল্যবোধ নাথাকিলেও সংগীতজ্ঞৰ অভিনয় কৰি অসমত সংগীত কলাৰ বিদ্রুপ জঁকা এটা বচাই ৰখাৰ প্রচেষ্টাই মূৰ দাঙি উঠিছে। বিজ্ঞানসন্মত প্রণালীহীন শ্রমবােৰ সমূলি পণ্ডশ্ৰমলৈ ৰূপান্তৰিত হৈছে যেন লাগে।

 সুৰ চৰ্চাৰ অভাৱত অসমীয়া লঘু গীত-মাতবােৰেও বেসুৰা বীভৎস ৰূপ লৈছে। লঘু গীত-মাতৰ এটা সুকীয়া মূল্য আছে। কিন্তু সেই মূল্যৰ প্রকৃত মূল্যাঙ্কন হ’বলৈ হ’লে লঘু শিল্পীসকলেও ব্যৱসায়ী ব্যস্ততাৰ নিষ্ফল নিচা পৰিত্যাগ কৰি নিয়মীয়াভাৱে সুৰ সাধন কৰিব লাগিব। লঘু সংগীতৰ শিল্পীসকলে শাস্ত্রীয় সংগীত চৰ্চা কৰিলে বেসুৰা বেমাৰটোৰ পৰা অব্যাহতি পাব বুলি বিশ্বাস কৰিব পাৰি৷

 আমাৰ সংগীত কলাৰ শােচনীয় পৰিস্থিতিৰ উন্নতিৰ বাবে চিন্তা কৰাৰ অতি প্রয়ােজন হৈ পৰিছে। যি কেইজন মুষ্টিমেয় লােকে এই বিষয়ৰ সাধনাত ৰত হৈছে তেওঁলােকে দৃঢ়ভাৱে কামত আগবাঢ়িব লাগিব। সমাজে প্রেৰণা দিবই লাগিব। নহ’লে আমাৰ সাংস্কৃতিক জীৱনত অজানিতে সােমাই যােৱা বেমাৰৰ বীজে অসমৰ জাতীয় জীৱন ধ্বংস কৰিব পাৰে। □



’নতুন অসমীয়া’, দেওবৰীয়া চ’ৰা, ৫ ডিচেম্বৰ ১৯৬৫ চনত প্রকাশিত।