পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সুৰ বিচাৰি বাৰ বছৰ

দেশ আজি প্ৰায় সকলো ক্ষেত্ৰতেই অকৃতকাৰ্যতাৰ সন্মুখীন হৈছে। এই একে কাৰণতে বৰ্তমান শিক্ষা জগতে আজি বিভ্ৰান্ত হৈছে। শিক্ষা সংস্কাৰৰ ব্যাপক আয়োজন ভাৰতত চলিছে সঁচা; কিন্তু এই পৰ্যন্ত ভাৰতে পুৰণিকলীয়া শিক্ষাপদ্ধতি সলাই এক নতুন ফলপ্ৰদ শিক্ষা পদ্ধতি প্ৰচলন কৰিব পৰা নাই। পুৰুষাৰ্থ কৰি আছে যদিও পাশ্চাত্যৰ বিজ্ঞানসন্মত শিক্ষা পদ্ধতিও ভাৰতে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পৰা নাই। পশ্চিমীয়া পৰিবেশৰ লগত ভাৰতীয় পৰিবেশৰ কোনো সামঞ্জস্য নাই। সেয়েহে ভাৰতত ভাৰতীয় পটভূমিত আধাৰিত শিক্ষাবস্তু অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব নিদিয়া পৰ্যন্ত সুস্থ ফলপ্ৰসু শিক্ষাই ৰূপ লৈ উঠিব বুলি আশা কৰা ভুল।

 শিক্ষাজগতত বিজ্ঞানসন্মত সুস্থ পাঠ্যক্ৰম এই পৰ্যন্ত ৰূপ লৈ নুঠিলেও খেলি মেলিৰ মাজেদিয়েই অন্ততঃ যি পাঠ্যক্ৰম স্বাধীনোত্তৰ যুগত গঢ়ি উঠিছে তাৰ যথোচিত শিক্ষাদান শিক্ষানুষ্ঠানসমূহত বোধহয় দিয়া হোৱা নাই। নানা প্ৰতিকূল পৰিবেশৰ মাজত যিখিনি শিক্ষাদান দিয়া হৈছে তাৰো উচিত মূল্যাঙ্কণ বৰ্তমান পৰীক্ষা সমূহে কৰিব পৰা নাই। আজি পৰ্যন্ত শিক্ষা জগতত এটা বিশুদ্ধ বিজ্ঞানসন্মত, মেধামান পৰীক্ষানীতি গৱেষণা কৰি উলিওৱা নহ’ল। নিখুঁত মেধামান পৰীক্ষানীতিৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ প্ৰকৃতমান নিৰ্ণয় কৰাত বেমেজালি হৈছে। গভীৰ মননশীলতাৰে গবেষণা কৰি চালে দেখা যায় বিশেষকৈ কলা বিভাগৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ জ্ঞান পৰীক্ষাৰ্থে কৰা নম্বৰ বিভাজন সম্পূৰ্ণ অবৈজ্ঞানিক। অতি কম নম্বৰৰ পাৰ্থক্যই সৃষ্টি কৰা নিন্ম বিভাগে বহু সম্ভাৱনা যুক্ত ছাত্ৰ-ছাত্ৰীৰ জীৱন নষ্ট কৰাৰ উদাহৰণ অলেখ আছে আৰু অবৈজ্ঞানিক পদ্ধতিৰে অনুমানৰ ওপৰত দিয়া নম্বৰৰ ফলত কম নম্বৰৰ পাৰ্থক্যই সৃষ্টি কৰা উচ্চ বিভাগে দৰাচলতে উচ্চ বিভাগৰ অনুপযুক্ত বহু ছাত্ৰ-ছাত্ৰীৰ জীৱন অপ্ৰাপ্য সুযোগ সুবিধাৰে সমুজ্জ্বল কৰি তোলা দেখা যায়। শিক্ষা জগতত দোষযুক্ত পৰীক্ষা নীতিৰ ফলত এই ঘোৰ অবিচাৰ চলিবই লাগিছে। মন কৰিলে দেখা যায় উচ্চ বিভাগত উত্তীৰ্ণ হোৱা বহুতো ছাত্ৰ- ছাত্ৰী নিম্ন বিভাগত উত্তীৰ্ণ হোৱা বহুতো ছাত্ৰ-ছাত্ৰীতকৈ নিম্ন স্তৰৰ। অথচ নিযুক্তি আদিৰ ক্ষেত্ৰত এনে অযোগ্য কিছুমানক মাত্ৰ নম্বৰ চায়েই অগ্ৰাধিকাৰ দি নিযুক্তি দিয়া হয়। আৰু এনেদৰে নিযুক্ত হোৱা দেশৰ অগণন কৰ্মচাৰীয়ে অনুপযুক্ততাৰ ফলত বিভিন্ন ক্ষেত্ৰত নানা বেমেজালিৰ সৃষ্টি কৰিছে। বৰ্তমান পৰীক্ষা পদ্ধতিৰ সুৰুঙাৰে নানা আবৰ্জনা আহি সমাজৰ চাৰিওফালে গোট খাইছে। দেশৰ তথাকথিত কৰ্ণধাৰ, চিন্তানায়কসকলৰ মাজততা দুৰ্ভাগ্যক্ৰমে এনে আবৰ্জনাৰ অনুপ্ৰৱেশ ঘটাৰ