পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চমুকৈ অতুল চন্দ্ৰ হাজৰিকা


 জন্ম ১৯০৩ চন। পিতৃ - ৰমাকান্ত হাজৰিকা। উপৰি পুৰুষ নগাঁওৰ উড়িয়া গাঁওৰ। কটন কলেজিয়েট স্কুলৰ পৰা ১৯২৩ চনত মেট্ৰিক পাছ কৰে। ১৯২৫ চনত কটন কলেজৰ পৰা আই, এছ, ছি পাছ কৰে। ১৯২৮ চনত কটন কলেজৰ পৰা বি, এ পাছ কৰে। ১৯৩০ চনত সোণাৰাম হাইস্কুলত ১৭ টকীয়া দৰমহাত শিক্ষকতা কৰে। (ৰত্নধৰ শৰ্মাৰ ছুটীত) ১৯৩১ চনত মঙ্গলদৈ হাইস্কুলত শিক্ষকতা কৰে। ১৯৩২ চনত স্কুল চাৱ ইন্সপেক্টৰ হৈ নগাঁওলৈ যায়। সেই সময়ত জয়ন্তী কাকতত ’বৰগঙ্গা’ নামৰ কবিতা লিখে। নগাঁও হাইস্কুলতো এমাহমান শিক্ষকতা কৰে। গুৱাহাটী, ৰঙিয়াতো চাৱ ইন্সপেক্টৰৰ কাম কৰে। ১৯৩৫ চনত বি, এল পাছ কৰে আৰ্ল কলেজৰ পৰা। ১৯৩৭ চনত তেওঁ বৰপেটালৈ যায় প্ৰথমবাৰ। বৰপেটাত কিছুদিন কাম কৰি আকৌ গুৱাহাটীলৈ আহে আৰু এমাহ কাল গুৱাহাটী কলেজিয়েট স্কুলত কাম কৰে। কলেজিয়েট স্কুলৰ পৰা তেওঁ ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ শিক্ষক হৈ যায়। ডিব্ৰুগড় হাইস্কুলত নৱম শ্ৰেণীৰ ইংৰাজী সাহিত্যৰ পাঠদান কৰোঁতে “দেউতাকৰ জীয়েকলৈ চিঠি” নামৰ জৱাহৰলাল নেহেৰুৰ ইংৰাজীত লিখা কিতাপখন অসমীয়ালৈ অনুবাদ কৰে। কিন্তু নেহেৰুৰ অনুমতি নাপায় ছপাব নোৱাৰিলে। সেইখন শ্ৰীমতী অনুবৰুৱাই অনুবাদ কৰে। ১৯৩৯ চনত ডিব্ৰুগড়ত “ডিব্ৰুগড়” নামৰ কবিতা লিখে। ১৯৩৯ চনতে ডিব্ৰুগড়ৰৰ পৰা আহি আকৌ দ্বিতীয়বাৰ বৰপেটা হাইস্কুল পায়হি। এইবাৰ বৰপেটাত কিছুদিন নিগাজীকৈ থাকে। ১৯৪১ চনত ছেন্ট এডমাণ্টছ কলেজৰ পৰা বি, টি পাছ কৰে। ১৯৪৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাইভেটে অসমীয়া বিষয়ত এম, এ পাছ কৰে। স্কুলীয়া শিক্ষকৰ চাকৰিৰ বেছিভাগ সময় হাজৰিকাদেৱে বৰপেটাত কটাইছিল। বৰপেটাত থাকিয়েই তেওঁ এম, এ আৰু বি, টি পাছ কৰে। বৰপেটাত কাম কৰি থাকোতেই তেওঁৰ বিয়া হয়। একমাত্ৰ সন্তান শ্ৰীমতী বিজয়লক্ষ্মীৰৰ জন্ম হয়। এম, এ পাছ কৰাৰ পিছতে তেওঁ ভাৰত স্বাধীন হোৱাৰ আগমুহূৰ্তত কটন কলেজত অধ্যাপক হিচাপে নিযুক্ত হয়। কটনৰপৰা অৱসৰ গ্ৰহণ কৰে ১৯৬০ চনত। ইয়াৰ মাজতে ১৯৫৬ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি, টি শ্ৰেণীত অধ্যাপনা