পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
সুৰ বিচাৰি বাৰ বছৰ

এই সকলো ঋতু উৎসৱৰ কাৰণে বিশেষভাৱে ছুটী দি বনভোজৰ আৰু ঋতু উপযোগী বেশ-ভূষা আৰু খেলা-ধূলাৰ ব্যৱস্থা কৰিব লাগিব। এবাৰ প্ৰকৃতিৰ লগত সখী পাতি ল'লে, প্ৰকৃতিক সঁচাকৈয়ে ভাল পাবলৈ শিকিলে ল'ৰা-ছোৱালীৰ অন্তৰত ৰসৰ উৎস আৰু কোনোদিন নুশুকাব। কাৰণ প্ৰকৃতিয়েই যুগে যুগে শিল্পীক শিল্পসৃষ্টিৰ উপাদান জগাই আহিছে।

 শেষ কথা এই যে বছৰৰ কোনো এক সময়ত বিদ্যালয়ত এটি শিল্প সৃষ্টিৰ উৎসৱ পাতিব লাগিব। শিল্পবস্তু যিমানেই সামান্য হওক প্ৰত্যেক শিক্ষাৰ্থীয়ে কিছু নহয় কিছু শিল্প-বস্তু নিজ হাতে তৈয়াৰ কৰি আনি শ্ৰদ্ধাৰে সৈতে উৎসৱত যোগদান দিব লাগিব আৰু ল'ৰা-ছোৱালীৰ সৃষ্টি শিল্প বস্তুবোৰ উৎসৱৰ অৰ্ঘ্যৰূপে সংগ্ৰহ কৰি সজাই থ'ব লাগিব। নৃত্য, গীত, শোভাযাত্ৰা প্ৰভৃতিৰ দ্বাৰা উৎসৱটিক সৰ্বাঙ্গসুন্দৰ কৰি তোলাৰ চেষ্টা কৰা দৰকাৰ। উৎসৱৰ নিৰ্দিষ্ট এটা সময় নিৰ্দ্ধাৰণ কৰা উচিত। দেশ ভেদে সেইটো পৰিবৰ্তন হ'ব পাৰিব।






মূল ৰচনাঃ নন্দলাল বসু
অনুবাদঃ উমেশ বৈশ্য
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত 'নবযুগ'ত প্ৰকাশিত, বুধবাৰ, ২৭ এপ্ৰিল ১৯৬৬ চন।