উৎসাহত চেঁচা পানী ঢলা হৈছে। বােম্বাই, কলিকতা বা লক্ষ্ণৌৰ শিল্পীৰ
‘ৰেকৰ্ডৰ পিছত অসমৰ শিল্পীৰ ৰেকর্ডে পৰীক্ষকসকলক হতাশ কৰাটো
স্বাভাৱিক। শাস্ত্রীয় সংগীতত ঐতিহ্য সম্পন্ন আৰু উন্নতিশীল ৰাজ্যৰ শিল্পীৰ
সৈতে একেখন তুলাচনীৰে অসমীয়া শিল্পীৰ মান নির্ণয় কৰিবলৈ গ’লে
অসমৰ পৰা কোনাে কালেও শাস্ত্রীয় সংগীত শিল্পী নােলাব। এই কথা
আজি কুৰি বছৰৰ অভিজ্ঞতাৰ পৰা ৰাইজে ভালদৰে বুজিব পাৰিছে। গতিকে
অসমৰ শাস্ত্রীয় সংগীত শিল্পীৰ ক্ষেত্ৰত আকাশবাণীৰ বাছনি পৰীক্ষাৰ
নিয়ম অলপ সলনি কৰিবৰ হ’ল। সৰ্বভাৰতীয় মান (গ্রেড) নিদি কেৱল
গুৱাহাটীৰ বাবেই জানাে এটা বিশেষ নিয়ম কৰি আমাৰ ৰাজ্যৰ শিল্পীসকলক
সংগীত পৰিবেশনৰ সুযােগ দিব নােৱাৰি? ভাৰতৰ বিভিন্ন ঠাইত দক্ষতাৰে
সংগীত পৰিবেশন কৰি খ্যাতি অর্জা পাৰবীন চুলতানাৰ শাস্ত্রীয় সংগীত
আমি আকাশবাণীৰ যােগে কিয় নুশুনাে? লক্ষৌৰ পৰা নিপুণ পৰীক্ষাত
সুখ্যাতিৰে উত্তীৰ্ণ হৈ অহা শ্রীমতী লক্ষ্মী শইকীয়া পােন্ধৰ মিনিটৰ বাবে
এটা ছােটা খেয়াল পৰিবেশন কৰাৰো অনুপযুক্ত হ’লনে? ইন্দ্ৰেশ্বৰ শৰ্মা বা
কণিকা দাসৰ বেহেলা বাদন কেতিয়াও পেলাই দিবলগীয়া নহয়।
আকাশবাণীয়ে এনে ধৰণৰ এচাম শিল্পীৰ ক্ষেত্ৰত বেলেগ ব্যৱস্থা নকৰিলে
শাস্ত্রীয় সংগীত শিকিবলৈ কোনাে শিক্ষার্থীয়ে আগবাঢ়ি আহিবলৈ সাহস
নাপাব।
অসমত সৰ্বভাৰতীয় মানদণ্ডেৰে সংগীত চর্চা কৰাৰ বাবে প্রয়ােজনীয় সুবিধাখিনি দিবলৈ আমাৰ চৰকাৰ সজাগ হ'বৰ হ’ল। শিক্ষা বিভাগে স্কুলীয়া, কলেজীয়া আনকি বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহতাে শাস্ত্রীয় সংগীতৰ ক্রমিক পাঠদানৰ ব্যৱস্থা কৰিবৰ হ’ল। অসমীয়া শিল্পীসমূহে একতাৰ ডােলত আবদ্ধ হৈ সংগীত চর্চাৰ প্রতিকূল পৰিবেশ ধ্বংস কৰি অনুকূল পৰিবেশ সৃষ্টি কৰিবৰ হ’ল। নহ'লে অসমীয়া সংগীত জগতৰ, অসমীয়া শিল্পী সমাজৰ কোনাে কালেই মুক্তি নহ'ব।
^ দৈনিক অসম, ২২ ছেপ্তেম্বৰ ১৯৬৮ চন, দেওবৰীয়া আলােচনী