পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
সুৰ বিচাৰি বাৰ বছৰ

সুৰ বিচাৰি বাৰ বছৰ
সুৰ বিচাৰি মেলিলাে ঢাপলি
সুৰ মই যে পালাে
সখি সুৰ গৈ একাকাৰ হ’ল
মই সখি হৈ ললাে।”

 এইদৰে গীতশ্রীৰ সাৰ পানীৰে মনৰ ভাব সঞ্জীৱিত কৰি মােৰ লক্ষ্য পথত বর্তমান মুহূৰ্তলৈ চলি আহিছে। কলাপ্রেমী মনৰ সুন্দৰ ৰূপায়নৰ কামনাৰে, কলাকাৰ হােৱাৰ পথত যিসকলে খােজ দিব খােজে, সেইসকলে মনত ৰখা উচিত যে এই পথ সংকটময়। সাধনাত পুৰিলেহে এই পথত জ্যোতিষ্মান হােৱা যায়। সঙ্গীত কলা গুৰুমুখী বিদ্যা। গুৰুবিনে এই কলা চর্চা সম্ভৱ নহয়। মানৱ জীৱনৰ প্রতি মুহূর্ততে সঙ্গীতৰ উপলব্ধি কৰিলেও সূক্ষ্মভাৱে বিচাৰ কৰিলে দেখা যায় যে বর্তমান সমাজে সঙ্গীতৰ ওপৰত পবিত্র ভাব আৰােপ কৰিব নোেখােজে। ল'ৰা- ছােৱালীয়ে সঙ্গীতত আত্মনিয়ােগ কৰিলে অভিভাৱক সকলে পুৰণি কালৰ কথা নকওঁৱেই আজিও কুপথে যােৱা বুলি জ্ঞান কৰে। কিন্তু দৰাচলতে প্রকৃত সঙ্গীতে ল'ৰা-ছােৱালীক কুপথে নিনিয়ে। বৰং ই চিন্তাশীল আৰু ধৈর্যশীলহে কৰে। লিখা পঢ়াত ই অনিষ্ট সাধন কৰা বুলি ভবাটো অর্থহীন। যাজ্ঞবল্কই এঠাইত কৈছে—

"বীণা বাদন তত্বজ্ঞঃ শ্রুতি জাতি বিশাৰদঃ
তালঞ্চ প্রয়াসেন মােমার্গং চ গচ্ছতি।”

 অর্থাৎ যিয়ে বীণা বাদনৰ প্রকৃত তত্ব বুজে, শ্রুতি আৰু জাতিৰ বিষয়ে যাৰ জ্ঞান হয়, যাৰ তালৰ জ্ঞান হৈছে তেওঁ অপ্রয়াসে মুক্তি মার্গত উঠিব পাৰে। এনেহেন সৰগীয় সঙ্গীত কলাক আমি সকলােৱে শ্ৰদ্ধাসহঃ সমাদৰ কৰা উচিত।

 এই কঠিন সাধনাৰ পথেৰে আহি আজি মােৰ এইখিনি উপলব্ধি হৈছে যে সুন্দৰক সুন্দৰকৈ বুজাৰ শক্তি সহজলভ্য নহয়। আজি হিচাব-নিকাচ কৰি দেখিছোঁ মই যেন একোকে নাপালোঁ। কলাকাৰ হােৱাৰ সপােন সপােন হৈয়ে ৰব। বর্তমান এজন যােগ্য শ্রোতা হ’ব পাৰিছে নে নাই সিও সন্দেহ। প্রায় এবছৰ হ’লঅসমৰ অন্যতম শ্রেষ্ঠ কণ্ঠশিল্পী গুৰুদেৱ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ ওচৰত মই শিষ্যত্ব গ্ৰহণ কৰিছোঁ। স্বৰ সাধন কৰি আছে, কিন্তু আজি পৰ্য্যন্ত স্বৰস্থানৰ ওপৰত মােৰ স্বাধীনতা দূৰৰ কথা, সাধাৰণ জ্ঞানখিনিও আহি নপৰিল। নাজানাে কোন দিন যে কলাকাৰৰ দৰে মনেৰে সুৰৰ মহিমা বুজিম।


'ৰূপম’, চতুর্থ বছৰঃ ৩য় আৰু ৪র্থ সংখ্যা, ১৯৭০