পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সুৰ বিচাৰি বাৰ বছৰ

উচিত। বিশ্ববিদ্যালয়ৰ অংগ হিচাপেই হওক বা সুকীয়া ভাৱেই হওক এনে এটি সংগীতানুষ্ঠানে গঢ় লৈ উঠিলেহে আমাৰ মাজৰ পৰা নতুন প্ৰভাৱশালী সংগীত শিল্পী ওলোৱাৰ আশা কৰিব পাৰি। নহ'লে আৰ্থিক অস্বচ্ছলতা আদি নানা কাৰণত বাহিৰলৈ যাব নোৱাৰা অথচ উজ্জ্বল ভবিষ্যতৰ সম্ভাৱনা থকা বহুতো অসমীয়া শিল্পী নীৰৱে মৰহি যাব।
 জনসাধাৰণক উচ্চাংগ সংগীতৰ প্ৰতি আকৃষ্ট কৰাত আকাশবাণীৰো এক গুৰু দায়িত্ব আছে। কিন্তু দুখৰ বিষয় আজি কুৰি বছৰ ধৰি আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰই এই কথা ভাবি নোচোৱা যেন লাগে। বাহিৰৰ বিখ্যাত শিল্পীসকলৰ সংগীত প্ৰচাৰ কৰাটো নিতান্ত প্ৰয়োজন, সেই কথা স্বীকাৰ্য। কিন্তু সেই বুলি অসমৰ উচ্চাংগ সংগীত শিল্পীসকলৰ প্ৰতি সম্পূৰ্ণ উদাসীন হোৱাটো অবাঞ্ছনীয়। এইসকল শিল্পীক উৎসাহ উদ্দীপনা দি উচ্চাংগ সংগীত চৰ্চাৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ ক্ষেত্ৰত আকাশবাণীয়ে যথেষ্ট অৰিহণা যোগাব পাৰে। আন কেন্দ্ৰৰ পৰা অনা কেইখনমান ৰেকৰ্ড বজাই বা বছৰেকত এবাৰ বা দুবাৰ মান নিমন্ত্ৰিত অতিথিবৃন্দৰ আগত শাস্ত্ৰীয় সংগীতৰ 'জলসাৰ’ আয়োজন কৰিলেই আকাশবাণীৰ কৰ্তব্যৰ ওৰপৰা বুলি ভাবিলে ভুল কৰা হ'ব।
 প্ৰত্যেক শিল্পীয়ে নিজৰ শিল্প চৰ্চা আৰু প্ৰদৰ্শনৰ বাবে এখন প্লেটফৰ্ম বিচাৰে। দিল্লী, কলিকতা, বোম্বাই আদি ঠাইত সংগীত শিল্পীসকলে আকাশবাণীৰ বাহিৰেও বিভিন্ন অনুষ্ঠান, সন্মিলন, চিনেমা আদিৰ যোগেদি নিজৰ কৃতিত্ব প্ৰদৰ্শন সুযোগ লাভ কৰে। কেশৰ বাঈ বিলায়ৎ খাঁ আদি বিখ্যাত সংগীতজ্ঞসকলে ‘আকাশবাণী’ যোগে সংগীত প্ৰচাৰ নকৰে। তথাপি সেই সকল শিল্পীৰ নাম ভাৰতৰ সকলোৱে জানে। কিন্তু অসমৰ শিল্পীসকলৰ সংগীত প্ৰদৰ্শনৰ একমাত্ৰ স্থান হ’ল আকাশবাণী। গতিকে অসমত অৱস্থিত আকাশবাণী কেন্দ্ৰৰ অসমীয়া শিল্পীৰ প্ৰতি এটি বিশেষ দায়িত্ব আছে। পাঁচ-ছয় বছৰ বাহিৰত থাকি শিক্ষা লাভ কৰি সংগীতকে নিজৰ জীৱিকা অৰ্জনৰ পথ হিচাপে গ্ৰহণ কৰা অসমৰ শাস্ত্ৰীয় সংগীত শিল্পীসকলে আকাশবাণীৰ পৰা অকণো অনুপ্ৰেৰণা নাপালে পাব কাৰ পৰা?
 আকাশবাণীৰ শাস্ত্ৰীয় সংগীতৰ চূড়ান্ত বাছনি হয় দিল্লীত। প্ৰত্যেক কেন্দ্ৰৰ পৰা ‘টেপ-ৰেকৰ্ড’ যোগে শিল্পীসকলৰ গীত-মাত এই চূড়ান্ত বাছনিৰ বাবে পঠোৱা হয়। শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত সৰ্বভাৰতীয় মান এটি নিৰ্ণয় কৰাৰ অভিপ্ৰায়েৰেই হয়তো এনে ব্যৱস্থা লোৱা হৈছে। কিন্তু এই ব্যৱস্থাৰে অসমৰ বা অসমৰ দৰে এই ক্ষেত্ৰত পিছ পৰি থকা ৰাজ্যসমূহৰ শিল্পীৰ