পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভঙ্গী


আকবৰ খাঁ, ভাৰত বিখ্যাত সঙ্গীতজ্ঞ এ কানন, মালবিকা কানন, শিশিৰ কণাধৰ চৌধুৰী, মণিলাল নাগ, আল্লা ৰেখা খা আদিৰ সঙ্গীত মূৰ্চ্ছনাক অসমীয়া শিক্ষিত লোকসকলে বা অনেক লঘু শিল্পীয়ে সমাদৰ কৰিব নজনাটো বা নোখোজাটো বৰ লাজ আৰু পৰিতাপৰ কথা। ইয়াৰ মাজত অৱশ্যে সঙ্গীতৰ মূল বুজা শ্ৰোতাও নোহোৱা নহয়। মণিলাল নাগৰ চেতাৰৰ সুৰে নিৰ্মলপ্ৰভা বৰদলৈৰ দৰে কবি-প্ৰাণক ব্যাকুল কৰাৰ প্ৰমাণো পোৱা গৈছে। কিন্তু এনে শ্ৰোতা অসমীয়া সমাজত বৰ কম। সঙ্গীতৰ মূল্যবোধ নথকা, হৈ-চৈ কৰি ঘূৰি ফুৰা শ্ৰোতা, শিল্পী আদিৰ উৎপাত অসমত বেছি।

 সঙ্গীতৰ ওপৰত কুৰুচিৰ পাতল বতাহ গোটেই ভাৰত জুৰিয়ে প্ৰবাহিত হৈছে। অসমত ইয়াৰ প্ৰভাৱ কমকৈ পৰা নাই। ইয়াক আদৰি অনাত আমাৰ সৰু- বৰ শিল্পীসকলেই আগ-ভাগ লৈছে। কলা-সংস্কৃতিৰ প্ৰতি বিশেষ জ্ঞান নথকা অধিক সংখ্যক শিক্ষিত বা অশিক্ষিত লোকৰ মন জয় কৰিব পৰাকৈ অ’ৰ-ত’ৰ পৰা যি পায় তাকে কলা-সংস্কৃতি বুলি ধৰি আনি আমাৰ এশ্ৰেণী শিল্পীয়ে কিছুমান সঙ্গীতৰ সৃষ্টি কৰিছে। পাতল কাঠ-বাঁহে সোনকালে জুই উঠাত সহায় কৰাৰ দৰে পাতল লোকসকলেও এই শ্ৰেণীৰ শিল্পীক হোৱাই নোহোৱাই প্ৰশংসাৰ মালা পিন্ধাইছে আৰু লঘু গীত-মাতৰ এক ভিত্তিহীন আলোড়ন গঢ়ি তোলাত সহায় কৰিছে। পিছে সাংস্কৃতিক জ্ঞানহীন (Cultured fool) লোকসকলে পিন্ধোৱা সস্তীয়া প্ৰশংসাৰ মালা যে সুগন্ধযুক্ত নহয় তাক আমাৰ শিল্পীসকলে বুজি নোপোৱা বাবেহে পুতৌ জন্মে। গাধৰ মাজত ৰজা হোৱাৰ দূৰন্ত আশা, ধন আৰু পদৰ অন্বেষণত অহৈতুক অস্থিৰতা আৰু নিষ্ফল ব্যস্ততাই ঘূৰাই লৈ ফুৰোৱা আমাৰ শিল্পীসকলে নিষ্কলুষ সুন্দৰ ভৱিষ্যতৰ উঠি অহা অগণন ল'ৰা-ছোৱালীক কুৰুচিৰে কুপথে নিয়া সম্পূৰ্ণ অনুচিত। ভাৰতীয় সঙ্গীতৰ স্বকীয়তাৰ কথা চিন্তা কৰিব নোৱাৰি যিসকল শিল্পীয়ে মিছা শিল্পী বেশ লৈ অসাৰ্থক সঙ্গীতকলাৰ সৃষ্টি কৰি সমাজক লেতেৰা সোৱাদ দিব ধৰিছে, সেই সকল সঁচাকৈয়ে গৰিহণাৰ পাত্ৰ হোৱা উচিত। বিদেশী ক্ষয়িষ্ণু কলা-কৃষ্টিৰ দীপান্বিতা পাতি স্বদেশীয় কলা-কৃষ্টিক যিসকলে হাৰিকেন লেম্পৰ দৰে ঢিমিক-ঢামাক কৈ জ্বলাই ৰাখি নিৰ্মম ব্যৱহাৰ কৰিছে, সেই সকলৰ অপৰাধ অমাৰ্জনীয় হোৱা উচিত।

 শিল্পী মনৰ সুস্থ প্ৰকাশৰ বাবে স্বাধীনতাৰ প্ৰয়োজন। স্বাধীনতা নেপালে বহু সময়ত সাংস্কৃতিক ভাব আদিয়ে মুক্ত প্ৰকাশ লাভ কৰিব নোৱাৰে। সেইবাবেই পৰাধীন হৈ থকাত আমাৰ সুকীয়া কলা কৃষ্টিৰ সৃষ্টি ক্ষমতাক মনতে মাৰ খেদাই