পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চকুৰ পচাৰতে প্ৰয়াত উমেশ বৈশ্যৰ জীৱনটো


 জন্ম ১৯৩৯ চনৰ ৩ অক্টোবৰ। নলবাৰী জিলাৰ বালিলেচা গাঁৱৰ স্বৰ্গীয় বন্তিৰাম বৈশ্য আৰু স্বৰ্গীয়া পৱিত্ৰপ্ৰিয়া বৈশ্যৰ জ্যেষ্ঠ সন্তান। বালিলেছা মজলীয়া স্কুলৰ পৰা বৃত্তিসহ এম.ভি. পাছ (পুৰস্কাৰ হিচাবে ৰূপৰ মুদ্ৰা আৰু নগদ ধন লাভ) কৰি ১৯৫৯ চনত নলবাৰী গৰ্ডন হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ। সপ্তম শ্ৰেণীতেই মাৰ্ঘেৰিটাত সদৌ অসম ভিত্তিত হোৱা ৰচনা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ। ১৯৬২ চনত নলবাৰী কলেজৰ পৰা আই.এছ চি উত্তীৰ্ণ হৈ সেই কলেজতে বি.এ. শ্ৰেণীত নামভৰ্তি। ১৯৬৩-৬৪ চনত নলবাৰী মহাবিদ্যালয়ৰ ‘মহাবিদ্যালয় সপ্তাহ’ৰ কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ। ১৯৬৪ চনত বি.এ. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত এম.এ. শ্ৰেণীত নামভৰ্তি আৰু ১৯৬৭ চনত এম. এ. (অসমীয়াত) উত্তীৰ্ণ। ১৯৮৫ চনত বি.টি. উত্তীৰ্ণ। ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন স্কুল শিক্ষকতা কৰা বৈশ্যই ১৯৬৬ চনত গুৱাহাটীৰ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে আৰু ১৯৯২ চনত সেই বিদ্যালয়ৰে বিষয় শিক্ষক হিচাপে নিযুক্ত হয়। ১৯৯৩ চনত উপাধ্যক্ষ পদত নিযুক্ত হয় আৰু ১৯৯৫ চনৰ ১ এপ্ৰিলৰ পৰা অধ্যক্ষৰূপে কাৰ্য্যনিৰ্বাহ কৰি থকা অৱস্থাতে ১৯৯৮ চনৰ ১ আগষ্টত মাত্ৰ ৫৯ বছৰ বয়সতে অকাল বিয়োগ ঘটে। উল্লেখযোগ্য যে বিদ্যালয়ত যোগদান কৰাৰ পিছৰে পৰা শিক্ষানুষ্ঠানখনৰ সৰ্বাংগীন উন্নতিৰ বাবে অক্লান্ত সেৱা আগবঢ়োৱা প্ৰয়াত বৈশ্যৰ অৱদানসমূহৰ ভিতৰত অন্যতম হ’ল তেখেতে ৰচনা আৰু সুৰ কৰা বিদ্যালয় সংগীতটো আৰু “বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ঃ ইয়াৰ জন্ম আৰু ক্ৰমবিকাশৰ সংঘাটময় ইতিহাস” নামৰ গৱেষণামূলক প্ৰৱন্ধটো (১৪ পৃষ্ঠাজোৰা এই প্ৰৱন্ধটো বিদ্যালয়ৰ আলোচনী 'বাণীদীপ’ত দ্বাদশ সংখ্যা ১৯৯৫ চনত প্ৰকাশ হয়।)

 ১৯৫৮ চনৰ ১৬ আগষ্ট। নলবাৰী দেৱীৰাম পাঠশালা হাইস্কুলৰ এটি কোঠাত গুৰুদেৱ চৈয়দ জমিৰুদ্দিন আহমেদে ‘গীতশ্ৰী সঙ্গীত বিদ্যালয়’ আৰম্ভ কৰে। সেই বছৰতে নৱম শ্ৰেণীৰ বৈশ্যই গীতশ্ৰীত নামভৰ্তি কৰে আৰু শাস্ত্ৰীয়