পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
বেজবৰুৱাৰ হাস্যৰস

সূচনা কৰে। সেই মুষ্টিমেয় সাহিত্যিক কেইগৰাকীৰে সৰ্বশ্ৰেষ্ঠজন হ’ল বেজবৰুৱা।

 বেজবৰুৱাৰ সাহিত্য সৃষ্টিৰ থলীখন বেদ-উপনিষদৰে পৰা আৰম্ভ কৰি ভাগৱতলৈকে বিয়পি আছে। দীননাথ বেজবৰুৱাৰ ঘৰুৱা পৰিবেশ সম্পূৰ্ণ বৈষ্ণৱ পৰিবেশ। তেওঁৰ পুত্ৰৰ মনতো তাৰ গভীৰ সাঁচ পৰিছে। তেওঁৰ লেখাত সেই সত্য ধৰা পৰে। ইংৰাজী সাহিত্যৰ প্ৰতিও তেওঁৰ দুৰ্বলতা আছিল। সপ্তদশ শতিকাৰ প্ৰেমৰ কবিতা কিছুমানৰ সৌৰভ বেজবৰুৱাৰ কদম কলিত আছে। টেলিশ্যন, কাউপাৰৰ কবিতাৰ তৰ্জুমাও তেওঁ অসমীয়ালৈ কৰিছে। হেমলেটৰ কিছু অংশও তেওঁ অসমীয়ালৈ ভাঙিছিল। কিং লিয়েৰ আৰু চতুৰ্থ হেনচীৰ অৰিহণাও বেজবৰুৱাৰ নাটত ধৰা পৰে। গতিকে পূৱ-পশ্চিমৰ সাহিত্য সূঁতিত অবগাহন কৰি বেজবৰুৱাই তেওঁৰ অফুৰন্ত সাহিত্যৰাজি ৰচনা কৰা বুলি ক'লে ভুল কোৱা নহয়। ভাৰতীয় প্ৰজ্ঞা, পশ্চিমীয়া প্ৰভাৱ, আঞ্চলিক লোক সংস্কৃতি এই আটাইখিনিৰে সংমিশ্ৰণ বেজবৰুৱা।

 বেজবৰুৱাৰ সাহিত্যধাৰা কেইবাটাও। তাৰে ধাৰা এটা হৈছে তেওঁৰ লোক সাহিত্য। “লিটিকাই’ৰ পৰা আৰম্ভ কৰি আটাইকেইখন ধেমেলীয়া নাট সাধুকথাৰ ওপৰত ভিৰ দি লিখা। তেওঁৰ চুটিগল্পৰ ভালেখিনি সাধুকথাৰহে ওচৰ চুবুৰীয়া।

 বেজবৰুৱাৰ পৰা হাঁহিৰ খলকনিৰে ৰজন-জনাই আন এটি বিশাল সাহিত্য সূঁতি ওলাইছে। বেজবৰুৱা যশস্যা মন্দিৰলৈ মূলতঃ এই সূঁতিটোৰে উটি গৈছে।

 হাঁহি বেজবৰুৱাৰ লগৰীয়া আছিল। তেওঁৰ হাঁহিৰ ঘাই উঁহ তেওঁৰ স্বাস্থ্যৰে ভৰপূৰ শৰীৰ। সেই শৰীৰত লুকাই আছিল তেওঁৰ হাঁহিৰ অতিকৈ ঘাই উঁহ তেওঁৰ স্বাস্থ্যবান মন আৰু নিৰ্ভীক আৰু নিৰ্মল এখনি হৃদয়। এনে হিয়ামন দেহ লৈ তেওঁ হাঁহিছিল আৰু সকলোকে হহুৱাইছিল।

 বেজবৰুৱাই মন কৰিছিল যে ভাৰতীয় লোকে কমকৈ হাঁহে। ভাৰতীয় মানুহৰ হাড়ে হাড়ে সিৰে সিৰে এনে এটা ভাবে শিয়াই আছে যে হাঁহিলে মানুহ পাতল হয়, হঁহা মানুহ চেলেপু। হাঁহি হৰিজন, তাক চুব নাপায়। তাৰ ছাঁতো ভৰি দিব নাপায়। আন কি হাঁহিৰ এই ধাৰণাটো হেনো গ্ৰীচৰ এৰিষ্টোটলৰো। বেজবৰুৱাই এইবোৰ মানিবলৈ অস্বীকাৰ কৰিছে। এৰিষ্টোটলে “কমেডি” আলোচনা প্ৰসঙ্গত কৈছে যে নীচ বা নিম্নধৰণৰ চৰিত্ৰৰ অনুকৰণৰ দ্বাৰা হাস্যৰসৰ উদ্ভৱ হয়। অৱশ্যে তেখেতে নীচ বা নিম্ন শব্দৰ অৰ্থ চৰিত্ৰগত নিম্ন বুজোৱা নাই। কুৎসিত অৰ্থতহে ইয়াক ব্যৱহাৰ কৰিছে। থমাচ হকৰ মতে আনৰ দুৰ্দ্দশা দেখি নিজৰ উচ্চতা বা উৎকৰ্ষতা উপলব্ধি কৰি দৰ্শক বা পাঠকৰ যি আত্মপ্ৰসাদৰ ভাব সৃষ্টি হয় সেয়ে