পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পৰ্য্যালােচনা

পায়, সুৰত তল যায়।

 অসমৰ কথা নকওঁৱেই ভাৰতৰ শ্ৰেষ্ঠ গীতিকাৰ সকলৰ ভিতৰত ভূপেন হাজৰিকাও এজন বুলি কলে বোধহয় বেচি কোৱা নহয়। বিভিন্ন সময়ত বিভিন্ন বিষয়বস্তু লৈ লিখা বিভিন্ন গীতত তেওঁৰ বচা বচা শব্দৰ সুপ্ৰয়োগে সৃষ্টি কৰা সাহিত্যৰ সৌন্দৰ্য্য চমক প্ৰদ। সৰ্বসাধাৰণ সুৰকাৰে সংযুক্ত বৰ্ণবহুল কথা সুৰাৰোপৰ বাবে অসুবিধাজনক বুলি মন্তব্য দিয়া শুনা যায়। কিন্তু হাজৰিকাৰ ক্ষেত্ৰত ই ব্যতিক্ৰম। সংযুক্ত বৰ্ণবহুল কথাটো সুমধুৰ সুৰ আৰোপ কৰি হাজৰিকাই কৃতিত্বৰ পৰিচয় দিছে। মাতিলে দাঁত ভঙা শব্দও তেওঁৰ সুৰৰ পৰশত হৈ পৰে মধুৰ ছন্দযুক্ত, সুমিষ্ট, সুললিত। “সাগৰ সঙ্গমত কতনা সাতুৰিলোঁ”, “ৰণ ক্লান্ত নহওঁ” আদি গীত ইয়াৰ উদাহৰণ।

 ভূপেন হাজৰিকা জনতাৰ শিল্পী। জনতাৰ বুকুৰ কথাৰ, বুকুৰ বেথাৰ, আশা- আকাঙক্ষাৰ প্ৰকাশ সাৰ্থক ৰূপে ফুটাই তুলিব পৰা কাৰণেই হাজৰিকা আজি বিশাল জন সমাজৰ স্নেহৰ পাত্ৰ। বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ উৰি ফুৰিছে আৰু শ্ৰেষ্ঠ শিল্পী সকলৰ সান্নিধ্যলৈ আহি জ্ঞান বুটলি স্বকীয় প্ৰতিভাৰে সমন্বয়ৰ মাজেৰে অসমীয়া গীত-মাত ৰচিছে, তাত সুৰ দিছে, কণ্ঠ দিছে।

 সমন্বয়ৰ সুৰেৰে অসমৰ জনজাতীয় ভাই-ভনী সকলক তেওঁ আকোৱালি। লৈছে। এই সুৰত বান্ধ খাবলৈকে পাহাৰী ভাই-ভনী সকল ভৈয়ামলৈ লৱৰিছে। পাহাৰ ভৈয়ামৰ সম্প্ৰীতি সাধনত হাজৰিকাৰ গীতৰ যথেষ্ট অৱদান আছে। “চিয়াঙৰে আলং লোহিতৰে খামটি”, “ টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত” আদি গীত সমূহ যেন পাহাৰ আৰু ভৈয়ামৰ ভাই-ভনীসকলৰ মাজত চেনেহৰ এনাজৰীহে। এই গীতসমূহ শুনিলেই পৰ্বত ভৈয়াম সম্প্ৰীতিৰ ভাবত অন্তৰ দ্ৰৱীভূত হয়।

 শাস্ত্ৰীয় সঙ্গীতৰ যাদুময় ৰূপতো হাজৰিকা আকৃষ্ট হোৱা যেন লাগে। লোক সঙ্গীতৰ লগে লগে ৰাগ সঙ্গীত চৰ্চাও কিছু নকৰা হলে ৰাগৰ স্পৰ্শক সুন্দৰ অসমীয়া আধুনিক গীত কিছুমান আমি হাজৰিকাৰ পৰা হয়তো নাপালোহেঁতেন। “নতুন নিমাতী নিয়ৰৰে নিশা”, “অ’ বিদেশী বন্ধু”, “বুকু হম হম কৰে”, “স্নেহে আমাৰ শত শ্ৰাৱনৰ” আদি গীতবোৰ ৰাগ চুই যোৱা উৎকৃষ্ট গীত।

 ভূপেন হাজৰিকা শ্ৰেষ্ঠ লোকশিল্পী। কিন্তু ভাৰতীয় হিন্দুস্থানী সঙ্গীতৰ লগতো পৰিচয় থকা বাবে হাজৰিকাই লতা মঙ্গেশকাৰ, উষা মঙ্গেশকাৰ, সুমন কল্যাণপুৰ, হেমন্ত কুমাৰ, মহম্মদ ৰফী, তালাত মামুদ, মুকেশ আদি ভাৰত বিখ্যাত শিল্পী সকলৰ হতুৱাই উচ্চমান বিশিষ্ট অসমীয়া গীত গোৱাবলৈ সক্ষম হৈছে।