পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
সুৰ বিচাৰি বাৰ বছৰ


বিলাসৰ মাজেদি ৰজাঘৰীয়া আমোলত ৰূপ লৈ উঠা আমাৰ সুৱদী সঙ্গীত কলাই ঘাট-মাউৰা শিশুৰ দৰেই যেন আলাই আথানি নোহোৱা এটা অৱস্থাৰ সন্মুখীন হ'ল। সেয়েহে সঙ্গীতজ্ঞসকলে সুবিধা অনুসৰি ভাৰতীয় জমিদাৰসকলৰ পৃষ্ঠপোষকতাৰ অথবা আন অনুকুল পৰিবেশৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিলে। এনেদৰে অতীতৰ বুৰঞ্জীক সুঁৱৰি যুগৰ পৰিবৰ্তনত নানা নিৰ্যাতন ভূগী হলেও ভাৰতীয় সঙ্গীতকলা বা সঙ্গীতজ্ঞসকল আজিও জীয়াই আছে। ব্যস্ত মানুহৰ হৈ- চৈৰ পৰা আঁতৰি নীৰৱ সাধনাৰ মাজেদি ভাৰতীয় এমুঠি শিল্পীয়ে আমাৰ সঙ্গীত কলাৰ গৌৰৱময় ইতিহাস আজিও অক্ষুণ্ণ ৰাখিছে। সেই মহান শিল্পীসকল দীৰ্ঘায়ু হওঁক।

 আমাৰ সংস্কৃত ভাষাক অন্তঃসলিলা ফল্গু কৰি এৰি থৈ আন আন ভাষাই সমাজত প্ৰভাৱ বিস্তাৰ কৰাৰ দৰে বৰ্তমান ভাৰতীয় প্ৰকৃত সঙ্গীত কলাকো এফলীয়া কৰি থৈ আন আন কিছুমান ব্যৱসায়ী সঙ্গীত কলা ৰূপ লৈ উঠিছে। সংস্কৃতত ব্যুৎপত্তি থকা সাহিত্যিকৰ সাহিত্য সৃষ্টিত স্বাভাৱিকতে মিঠা সৌন্দৰ্য থকাৰ দৰে শাস্ত্ৰীয় সঙ্গীতত ব্যুৎপত্তি থকা সঙ্গীতজ্ঞৰ সঙ্গীত কলা সৃষ্টিতে এটা স্বাভাৱিক ৰমনীয়তা পৰিলক্ষিত হয়। আমাৰ ভাৰতীয় ব্যৱসায়ী সঙ্গীত কলাকাৰসকলৰ কিছুমানৰ কলা সৃষ্টিত স্বদেশীয় সঙ্গীতৰ আধাৰত নিহিত হৈ থকা সৌন্দৰ্য দেখা যায়। ভাৰতীয় সঙ্গীতৰ ৰাগ আৰু তালৰ মুৰ্চ্ছনাক কিছুমান শিল্পীয়ে সন্মান কৰিবলৈ পাহৰা নাই। এইখিনিতে ভাৰতৰ বিখ্যাত লঘু কণ্ঠ সঙ্গীত শিল্পী মহম্মদ ৰফি, মান্নাদে, লতা মঙ্গেশকাৰ, সন্ধ্যা মুখাৰ্জী, শচীনদেৱ বৰ্মন, হেমন্ত মুখাৰ্জী, নৌশাদ আলি আদিৰ নাম উল্লেখ কৰিব পাৰি। এই কলাকাৰসকলে আন্তৰিক ভক্তিৰে সৈতে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ আধাৰত বহুতো লঘু সঙ্গীত সৃষ্টি কৰি জনতাৰ শিল্পী হিচাবে জনপ্ৰিয়তা অৰ্জন কৰিছে। এইসকলৰ ভিতৰতো অৱশ্যে অধিক টকাৰ সংখ্যাক মূল্য দি সমাজৰ একশ্ৰেণী পাতল লোকৰ মনোৰঞ্জন কৰিবলৈ কোনো কোনোৱে ৰংচঙীয়া ভাৰতীয় বৈশিষ্ট্যহীন হিট চং সৃষ্টি নকৰাকৈ থকা নাই। এনেধৰণৰ পশ্চিমীয়া প্ৰভাৱৰ উৰুঙা হিট চং কিছুমানে আমাৰ সঙ্গীতৰ পবিত্ৰতা হানি কৰা যেন লাগে। জনসাধাৰণক ভাৰতীয় সঙ্গীতৰ সোৱাদ উপলব্ধি কৰাবলৈ আজিৰ গুণী শিল্পীসকলে চেষ্টা চলোৱাটো উচিত। অল ইণ্ডিয়া ৰেডিঅ’ কেন্দ্ৰসমূহে শাস্ত্ৰীয় সঙ্গীতৰ ওপৰত আধাৰিত গীত-মাতসমূহ নিয়মীয়াভাৱে প্ৰচাৰ কৰি ভাৰতীয় সঙ্গীতৰ প্ৰতি সুবিচাৰ কৰিছে।

 আমাৰ অসমতো ব্যৱসায়ী শিল্পীৰ এটা শ্ৰেণী আছে। তেওঁলোকৰ কলা