পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভঙ্গী

 অসমীয়া গীত-মাতৰ জগতখনলৈ চকু দিলে প্ৰথমতে কেইটিমান বৰগীত, কেইটিমান লোকগীত, কেইটিমান বনগীত, বিহুগীত আৰু কেইটিমান আধুনিক গীতৰ কথাই মনলৈ আহে। শিল্পীসকলৰ অনেকেই লঘু গীত-মাত পৰিবেশন কৰি অসমত সঙ্গীতজ্ঞ আখ্যাও লাভ কৰিছে। গজল, ভজন আদিও লঘু সঙ্গীতৰ ভিতৰতে পৰে। পিচে অসমত গজল, ভজন আদিৰ দৰে উচ্চ পৰ্য্যায়ৰ লঘু সঙ্গীত পৰিবেশন কৰিব পৰা শিল্পী বেছি নাই। নোহোৱাৰ কাৰণ বেছি ভাগ শিল্পীৰে সুৰ বা সুৰৰ ওপৰত স্বাধীনতাৰ অভাৱ। সুৰ আৰু সুৰৰ ওপৰত স্বাধীনতা অহাটো শাস্ত্ৰীয় সঙ্গীত চৰ্চা বিনে অসম্ভৱ। খেয়াল, ঠুংৰী, কাৱালী আদিৰ শিল্পী নাই বুলিবই পাৰি। নাইতো নায়েই, কিন্তু দুখৰ কথা যে খেয়াল, ঠুংৰী আদিক বুজি পাই প্ৰাণভৰি শুনিব পৰা শ্ৰোতাও আমাৰ মাজত বিৰল। অলপতে অসমৰ স্নায়ুকেন্দ্ৰ গুৱাহাটী নগৰীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হৈ যোৱা শাস্ত্ৰীয় সঙ্গীতানুষ্ঠান তিনিখনলৈ লক্ষ্য কৰিলে এই কথাৰ সত্যতা ওলাই পৰে। সঙ্গীতৰ ওপৰত অসমীয়া শিল্পী তথা জনসাধাৰণৰ বিকৃত ৰুচি দেখি ইয়াৰ দূৰীকৰণৰ প্ৰচেষ্টাৰে যোৱা ছাব্বিশ ফেব্ৰুৱাৰী আৰু একৈশ, বাইশ মাৰ্চত তিনিখন শাস্ত্ৰীয় সঙ্গীতানুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ ভাৰত তথা পৃথিবী বিখ্যাত কলাকাৰসকলে ইয়াত যোগদান কৰিছিল। কিন্তু লক্ষ্য কৰি দেখা গৈছিল যে তিনিওখন অনুষ্ঠানতে ভাৰতীয় সঙ্গীত ভক্ত শ্ৰোতাৰ ভিতৰত বঙালী আছিল প্ৰায় শতকৰা ষাঠিজন, আন আন অনা-অসমীয়া লোক আছিল প্ৰায় শতকৰা বিশজন আৰু আমাৰ গুণী অসমীয়া শিল্পী আৰু দৰ্শক আছিল প্ৰায় শতকৰা দহজন। অনুষ্ঠানত নিম্নতম অসমীয়া শিল্পী আৰু ৰাইজৰ উপস্থিতিয়ে আমাৰ গীত-মাতৰ জগতখনৰ দুৰ্বলতা আৰু দৰিদ্ৰতা সূচাই দিছে। বিশ্ববিদ্যালয়, কলেজ আদিৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তাকৰীয়া আছিল। কিন্তু সচৰাচৰ গভীৰ পৱিত্ৰ শাস্ত্ৰীয় সঙ্গীতৰ অনুষ্ঠান নেপাতি লঘু সঙ্গীতৰ বেসুৰা কোলাহল কৰিলেও স্কুল, কলেজ আনকি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমদল বানপানীৰ দৰে টৌ তুলি নাচি নাচি অহা দেখা যায়। আন্তৰ্জাতিক খ্যাতিসম্পন্ন সঙ্গীতজ্ঞ ৰবিশঙ্কৰ, পৃথিবী বিখ্যাত সঙ্গীতজ্ঞ আলি