পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সুৰ বিচাৰি বাৰ বছৰ

‘পত্নীবৎ পৰদাৰেষু পৰদ্ৰব্যেযু আত্মসাৎ
শত্ৰুবৎ সৰ্ব্বভূতেষু যঃ পশ্যতি সঃ পণ্ডিতঃ’
এইয়া কাপুৰুষৰ কলুষ বাণী নতুন ভাৰতৰ।
উনৈশ শ আশীচনৰ ভোগালী বিহুৰ ভোগৰ পৰৰ
বৰহমপুত্ৰৰ উত্তৰপাৰৰ কামৰূপ তাৰ সাক্ষী হ’ল
এই সাক্ষী জীৱন্ত হৈ ৰ’ল।
একচেতীয়া ক্ষমতাৰ শতাব্দী ৰচাৰ স্বপ্নতেই
সৰ্ব্ববৃহৎ গণতন্ত্ৰৰ এই দেশত
সৰ্ব্ববৃহৎ পাশৱিকতা ধুমুহা যেন হ’ল।
সেই ধুমুহাৰ কোবাল সোঁতত
আই অসমীৰ জীয়াৰী-বোৱাৰী
গাভৰু, মাতৃ নিঃশেষ হৈ গ’ল
মদমত্ত কামোন্মত্ত পিশাচদলৰ তাণ্ডৱ নাচত
অসম মাতৃৰ বুকুত আজি
আকাশলঙঘী কলঙ্কৰ হ’ল সৃষ্টি হল।
হেৰ অসমীয়া শৰাইঘটীয়া,
তোৰ চকুৰ আগতে মাতৃ ভগ্নীৰ
জীৱন বিফলে গ’ল
তই গুণিছ কি?
এতিয়াও তই গুণিছ কি??
জাগি উঠ হেৰ লুইতপৰীয়া
ৰূপ লৈ যমকাল
পাশৱিকতাৰ উন্মত্ততা, বীভৎসতা ধ্বংস কৰি
ভাঙি দে, তই ভাঙি দে
তই ভাঙিবই লাগিব অসমীয়া তোৰ
কাল শত্ৰু নৰপিশাচৰ ঘোৰ তাণ্ডৱ তাল,
জাগি উঠ হেৰ অসমীয়া তই।
ৰূপ লৈ মহাকাল। □


প্ৰয়াত উমেশ বৈশ্যৰ দ্বাৰা ৰচিত ’তই যুক্তি যুদ্ধ কৰ’ পুথিৰ পৰা লোৱা হৈছে। (প্ৰকাশ- ১৩ এপ্ৰিল ১৯৮০ চন)