পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
সুৰ বিচাৰি বাৰ বছৰ

নিজৰটোকে সাৱটি থাকি অইনৰ ভালখিনিৰ সহায় নােলােৱাকৈ কোনাে জাতিয়ে উন্নতি কৰিব পাৰে বুলি ভবা অনুচিত। অইনৰ সহায় ল’ব লাগে। কিন্তু নিজক অইনৰ মাজত বিলীন কৰি ধ্বংস কৰি নহয়— নিজৰ মৌলিকতা অক্ষুন্ন ৰাখিহে।

 বিহু আমাৰ বাপতি সাহােন, বিহুগীত আমাৰ বুকুৰ আপােন বুলি মুখস্থ মাতাে। আজিৰ বিহু গীত-মাতত অন্তৰৰ আবেদন নাই। এই গীতবােৰ পশ্চিমীয়া বতাহত আৰু ৰেডিঅ’ৰ চেপনিত বিকৃত হ’ল। লােকগীত, বিয়ানাম, দেহ বিচাৰৰ গীত, টোকাৰী গীত আদিৰ প্ৰণালীবদ্ধ পৰিবেশন প্রায় নাইকীয়া হ’ল। ধাই নাম, ধেমালী নাম, লখিমী সবাহৰ গীত, অপেছৰাৰ গীত, গোঁসাই সদাশিৱৰ নাম, বাৰমাহী গীত, জুনা, নাও খেলৰ গীত আদি কিতাপৰ পাতত বুৰঞ্জী হৈ ৰ’ল। অসমীয়াই সেইবােৰ আৰু চৰ্চা কৰিবনে? প্রাচ্য-পাশ্চাত্যৰ মুকলি প্ৰভাৱে আৰু অসমীয়া সমাজৰ সংৰক্ষণশীলতাৰ টানি ৰখা স্বভাৱে সেই সকলােবােৰ গীত-মাত বিলুপ্ত কৰি তাৰ ঠাইত কিছুমান বিদ্রুপ, বিজতৰীয়া গীত-মাতৰ সৃষ্টি কৰিলে।

 অসমৰ গাঁৱে-ভূঞে, পর্বতে-কন্দৰে প্রতিধ্বনিত হৈ থকা শংকৰ-মাধৱৰ বৰগীতৰ কথা সুঁৱৰিলে কেনেবা লাগে। কাব্যময় বৰগীতবােৰত অসমীয়াৰ নিজত্ব লুকাই আছে। হিন্দুস্থানী শাস্ত্রীয় সংগীতৰ ৰাগসমূহ (যেনে-কামােদ, আসােৱাৰী, ধনেশ্রী, গৌৰী, মল্লাৰ, বিলাৱল, আহিৰ আদি) আমাৰ বৰগীতসমূহতো আছে৷ কিন্তু তাৰ বিজ্ঞান অসন্মত পৰিবেশনে শংকৰ-মাধৱৰ নামত কলংকহে সানিছে। আধুনিক সুৰকাৰৰ কোনাে কোনােৱে বৰগীতৰ ৰাগ দুই এটিৰে সুৰ ৰচনা কৰাৰ বাবে বৈজ্ঞানিক পদ্ধতিত সুৰ মিশ্ৰণ কৰাত কোনাে বাধা বা আপত্তি থকা অনুচিত বুলি কৈ তাৰ পৰা সংগীতৰ ক্ৰমবিকাশত সুবিধাহে হয় বুলি কিছুমানে ভাবিব খােজে৷ কিন্তু কথা হ’ল সেই সুৰকাৰসকলে বৰগীতৰ ৰাগবােৰ জানে নে নাজানে। যদি জানে, বৈজ্ঞানিক পদ্ধতিত সুৰ মিশ্ৰণ কৰা কথাটো তেওঁলােকৰ ক্ষেত্ৰত প্রযােজ্য হ’ব পাৰে। কিন্তু যাৰ ৰাগৰ বিষয়ে জ্ঞান নাই, তেওঁলােকে বৈজ্ঞানিক পদ্ধতিত সুৰ মিশ্ৰণ কৰি বৰগীতৰ উন্নতি কৰা বা সংগীতৰ ক্ৰমবিকাশ কৰা কথাটো সম্পূর্ণ ভিত্তিহীন। অসমৰ ক্ষেত্ৰত প্রকৃত বৰগীতৰ ক্ৰমবিকাশ হৈছে বুলি। ক’ব নােৱাৰি। 'সুৰ ৰেখাত বৰগীত’ আদি কিতাপৰ গৱেষণামূলক প্রকাশে বৰগীতৰ ভৱিষ্যৎ আশা কিঞ্চিৎ পূর্ণ কৰিছে। সেইবােৰ প্ৰচলন কৰা উচিত। ’থিওৰিটিকেল’ বুৰঞ্জী লিখি কিতাপ আকাৰে থৈ দিয়াৰ বিশেষ লাভ নাই। সেইবােৰৰ শুদ্ধ প্রচাৰত অৰিহণা যােগাব কোনে? যিসকলে আশাশুধীয়া চেষ্টা কৰি জীৱনৰ প্রায় দুই- তৃতীয়াংশ সময় সংগীত সাধনা কৰি বিশেষ পাণ্ডিত্য লভিব নােৱাৰিলেও শুদ্ধ ৰাগ