পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰতীয় সঙ্গীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা

 শব্দ ধ্বনি সপ্ত সুৰে শুদ্ধ প্ৰাণ সমন্বিতে সাধন ক্ৰিয়া সমাপন অতি সুকঠিন। ইয়াৰ বাবে লাগে শিল্পীৰ অশেষ ধৈৰ্য। ধৈৰ্যসহ সূক্ষ্ম চিন্তা নকৰিলে সুৰৰ প্ৰাণ উপলব্ধি কৰা টান। শুদ্ধ চিত্তে সুৰ চৰ্চা কৰিলে জ্ঞান আৰু আনন্দৰ দীপ্তি চিৰদিনেই পোৱা যায়। কিন্তু সূক্ষ্ম আনন্দ উপলব্ধি কৰালৈকে নীৰৱ সাধনাৰ মাজেদি যি গভীৰ চিন্তাযুক্ত অপেক্ষা কৰিব লগা হয়, তালৈ আমাৰ আজিৰ বৰ্তমান যুগৰ ব্যস্ত মানুহৰ ধৈৰ্য আৰু সময় নাই। অল্পায়াসতে পাতল আনন্দ পাবলৈ মানুহ ব্যাকুল হৈ উঠিল। ৰুচিবোধৰ পৰিবৰ্তন ঘটিল। কোনো গভীৰ বিষয় লৈ দীঘলীয়া সময় খৰচ কৰি গভীৰ আনন্দ পোৱাৰ কথা মানুহে যেন ভাবিব নোৱাৰা হ'ল। সেয়েহে যুগৰ পৰিবৰ্তনৰ লগে লগে ভাষা সাহিত্যৰ গভীৰতাই বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ অজানিতে বিভিন্ন ৰূপত তৰল অৱস্থা পোৱাৰ দৰে মনোযোগ দিবলগীয়া গভীৰ সঙ্গীত কলায়ো সময়ৰ লগে লগে তৰল, সহজবোধ্য লঘু গীত-মাত আদিৰ বিভিন্ন ৰূপত ৰূপান্তৰিত হ'ল।

 ভাৰতীয় সঙ্গীতৰ এটা গৌৰৱময় ইতিহাস আছে। এই ইতিহাস মুছলমান ৰজাসকলৰ ৰাজত্ব কালৰ সময়ত বিশেষকৈ আকবৰ, জোনপুৰৰ ৰজাসকল, দিল্লীৰ মহম্মদ চাহ আদিৰ দিনত গৌৰৱত সমুজ্জ্বল হৈ উঠে। আকবৰৰ ৰাজসভাত ধ্ৰুৱপদক (Dhruvapada) অতি সন্মান সহ পৰিবেশন কৰা হৈছিল। জোনপুৰী ৰজাসকলে আৰু দিল্লীৰ মহম্মদ চাহে খেয়ালক অতি সন্মান কৰিছিল। তেওঁলোকৰ ৰাজত্বকালত খেয়ালৰ বহুখিনি বিকাশ ঘটে। ধ্ৰুপদ আৰু খেয়ালৰ দৰে ঠুৱৰীয়েও অবধ (Avadh)ৰ নবাব ওৱাজীদ আলি ছাহ আদিৰ দিনত প্ৰসাৰতা লাভ কৰে। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত এনেদৰে আমাৰ সঙ্গীতকলাই বিকাশ সাধন কৰিছিল। কিন্তু মুছলমান ৰাজত্বৰ পতনৰ লগে লগে ব্যৱসায়ী ৰূপ লৈ ব্ৰিটিছসকল ভাৰত সোমাল আৰু গোজে গৈ গছ হোৱাৰ দৰে সিহঁতে ভাৰতৰ চৌদিশ আৱৰি পেলালে। সিহঁতৰ প্ৰভাৱত আমাৰ জাতীয়তা বেমাৰী শিশুৰ দৰে থৰক বৰক হৈ পৰিল। সিহঁতে আমাক সিহঁতৰ দৃষ্টিৰেই সজালে। সকলোতে পৰাৰ দৰে আমাৰ কলা সংস্কৃতিটো সিহঁতৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। লাহ-