পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
সুৰ বিচাৰি বাৰ বছৰ

শাৰীৰ লগত মেম চাহাবী ওখ গৰাৰ জোতা, এই সকলোবোৰতেই ধন থাকিব বা নাথাকক সুষমাৰ অভাৱ আৰু সৌন্দৰ্যবোধৰ দৈন্য সূচিত হৈছে।

 আকৌ আন একশ্ৰেণীৰ লোক আছে যিসকলে কয়, ‘আৰ্ট কৰিলে। জানো পেট ভৰিব?’ ইয়াতে এটা কথা মনত ৰাখিব লাগিব। ভাষা চৰ্চাৰ যেনেকৈ দুটা দিশ— আছে এটা আনন্দ আৰু জ্ঞানৰ দিশ, আনটো অৰ্থ লাভৰ দিশ, তেনেকৈ শিল্প চৰ্চাৰো দুটা দিশ আছে— এটা আনন্দ দান কৰা আৰু আনটো অৰ্থদান কৰা। এই দুটা ভাগৰ নাম চাৰু শিল্প আৰু কাৰু শিল্প। চাৰুশিল্পৰ চৰ্চাই আমাৰ দৈনন্দিন দুখ দ্বন্দ্বই হেঁচি ৰখা মনক আনন্দলোকলৈ লৈ যায়, আৰু কাৰু শিল্পই আমাৰ নিত্য প্ৰয়োজনীয় বস্তুবোৰত সৌন্দৰ্য্যৰ সোণ পানী ছটিয়াই জীৱন- যাত্ৰাৰ পথক সুন্দৰ কৰি তোলাৰ উপৰিও অৰ্থাগমৰ পথো তৈয়াৰ কৰি দিয়ে। কাৰুশিল্পৰ অৱনতিৰ লগে লগে দেশত আৰ্থিক দুৰ্গতিৰ আৰম্ভ হৈছে। গতিকে প্ৰয়োজনৰ ক্ষেত্ৰত পৰা শিল্পক বাদ দিয়াটো জাতিৰ পক্ষে অৰ্থাগমৰ ফালৰ পৰাও অত্যন্ত ক্ষতিকৰ।

 শিল্প শিক্ষাৰ অভাৱে যে কেৱল আমাৰ বৰ্তমান জীৱন-যাত্ৰা অসুন্দৰ কৰি তুলিছে এনে নহয়, আমাৰ অতীত যুগৰ ৰসস্ৰষ্টাসকলৰ সৃষ্টি সম্পদৰ পৰাও আমাক বঞ্চিত কৰিছে। আমাৰ চকু তৈয়াৰী হোৱা নাই। সেইবাবে দেশৰ অতীত গৌৰৱ চিত্ৰ, ভাস্কৰ্য্য, স্থাপত্য আদিক আমি বুজিব পৰা নাছিলো। বহুদিন ধৰি ই আমাৰ অজ্ঞাত আছিল। বিদেশৰ পৰা সমাজদাৰ আহিবৰ প্ৰয়োজন হ’ল। সেইবোৰ তেওঁলোকেহে আমাক বুজাই দিলে। আধুনিক যুগৰ শিল্প সৃষ্টিও বিদেশীৰ মাজত স্বীকৃত নহ'লে আমাৰ দেশত আদৃত নহয়, ই আমাৰ লজ্জাৰ কথা।

 ইয়াৰ প্ৰতিকাৰৰ সম্বন্ধে এইবাৰ মোটামুটিভাৱে আলোচনা কৰা যাওঁক। শিল্প-শিক্ষাৰ মূল কথা হৈছে প্ৰকৃতিক আৰু ভাল ভাল শিল্প-বস্তুক শ্ৰদ্ধাৰে সৈতে চোৱা; সেইবোৰৰ লগত সঙ্গী হোৱা আৰু জাগ্ৰত সৌন্দৰ্যবোধসম্পন্ন লোকৰ লগত আলোচনা কৰি শিল্পক বুজাৰ চেষ্টা কৰা। বিশ্ববিদ্যালয়ৰ কৰ্তব্য— প্ৰত্যেক স্কুল-কলেজত অন্য শিক্ষাৰ লগে লগে শিল্প-শিক্ষাৰ স্থান ৰখা। শিল্পক পৰীক্ষা গ্ৰহণৰ সময়ত অৱশ্যে শিক্ষনীয় বিষয়ৰ ভিতৰত গণ্য কৰা আৰু প্ৰকৃতিৰ লগত ল'ৰা-ছোৱালীৰ যাতে পৰিচয় ঘটিব পাৰে তাৰ উপযুক্ত ব্যৱস্থা আৰু অৱকাশ ৰখা। অঙ্কন পদ্ধতি শিক্ষাৰ লগে লগে ল'ৰা-ছোৱালীৰ পৰ্য্যবেক্ষণৰ ক্ষমতা বাঢ়িব, ফলত তেওঁলোকে সাহিত্য, বিজ্ঞান, দৰ্শন প্ৰভৃতিৰ ক্ষেত্ৰতো সত্য দৃষ্টি লাভ