উপলব্ধি কৰিছোঁ। সমাজৰ ভাবধাৰা, ছাত্ৰ-ছাত্ৰীৰ মনৰ গতি আদিলৈ লক্ষ্য কৰি
গুৰুৱে আমাক অতি কম সময়ৰ ভিতৰতে বাহিৰত গান আদি গাবলৈ অনুমতি
দিছিল যদিও বাহিৰৰ কোনো বেয়া উপাদানে যাতে আমাৰ দীৰ্ঘ দিনৰ সাধনাৰ পথ
ৰুদ্ধ কৰিব নোৱাৰে, তালৈ তেখেতে সততে সজাগ আছিল। সাধনালব্ধ সঙ্গীত
কলাই মানুহৰ মন কেনেদৰে বিশুদ্ধ কৰে, ইয়াৰ সাধনাৰ বাবে কি কি বস্তুৰ
প্ৰয়োজন এই সকলোবোৰ কথা তেখেতে আমাক শ্ৰেণীত কোৱাৰ উপৰিও বাটে-
পথে সকলো সময়তে বুজাবলৈ যত্ন কৰিছিল। অকল মুখেৰেই যে এইবোৰ কথা
বুজাইছিল এনে নহয়, এই বিভাগৰ কিতাপ পত্ৰ আদি পঢ়িবলৈ উপদেশ দিছিল।
এদিন গুৰুৱে মোক নিজে সঙ্গীত বিজ্ঞান’ নামৰ আলোচনী এখন পঢ়িবলৈ
দিয়ে। তাত আছিল আজন্ম তপস্যালব্ধ জ্ঞান ৰাশিৰে সমৃদ্ধ কেইজনমান ভাৰত
তথা পৃথিৱী বিখ্যাত কলাকাৰৰ জীৱনী। এটি এটিকৈ আটাইবোৰ জীৱনী
পঢ়িলোঁ। সেইবোৰৰ ভিতৰত ভাৰতীয় সঙ্গীতৰ পিতৃস্বৰূপ ওস্তাদ আলাউদ্দিন
খাৰ জীৱনীয়ে মোৰ জীৱনত মচিব নোৱাৰা সাঁচ বহুৱালে। সৰোদ, চেতাৰ,
তবলা, কণ্ঠসঙ্গীত, বাঁহী আদি কৰি সোতৰ বিধতে পণ্ডিত শিল্পী আলাউদ্দিন
খাঁই এঠাইত লিখিছে যে তেওঁ সঙ্গীত সাগৰৰ পাৰ দূৰণিৰ পৰা ৰিণি ৰিণিহে।
দেখা পাইছে। নামিবলৈ পৰা নাই। মহান কলাকাৰজনৰ এই উক্তিয়ে মোক
ভবাই তুলিলে। বিশাল সঙ্গীত কলাৰ প্ৰতি শ্ৰদ্ধা মোৰ গভীৰতকৈ গভীৰতৰ
হ’বলৈ ধৰিলে। আধুনিক গীত-মাতকেই পোনতে স্বৰ্গীয় সঙ্গীত বুলি ভাবিছিলো
যদিও ধীৰে ধীৰে বুজিব পাৰিলোঁ যে শাস্ত্ৰীয় সঙ্গীতেই হ’ল অনিবদ্ধ সৃজনশীল
প্ৰকৃত সঙ্গীত কলা।
সম্ভৱতঃ অধৈৰ্য হৈ গীত-মাত শিকা পৰিত্যাগ কৰিব বুলি ভাবিয়েই গুৰুৱে আমাক কৌশলপূৰ্ণ ভাবে ৰাগৰ ওপৰত আধাৰিত অসমীয়া গীত-মাত, ভজন আদিৰ মাজেদি শাস্ত্ৰীয় সঙ্গীতৰ সোৱাদ ল'বলৈ দিছিল। হয়তো তেখেতে ভাবিছিল আজিৰ দিনত চিন্তাপূৰ্ণ শাস্ত্ৰীয় সঙ্গীতৰ বিশুদ্ধ শিক্ষাৰ বাবে দীৰ্ঘদিন ধৈৰ্যযুক্ত ‘সৰগম’ কৰিবলৈ বেচি ছাত্ৰ নোলায়। কম পৰিশ্ৰম আৰু কম সময়তে হোৱা লঘু গীত-মাতৰ প্ৰতিহে ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ বেছি। পিছে আমাৰ মনৰ স্থিৰতালৈ লক্ষ্য কৰি গুৰুৱে লাহে লাহে সঙ্গীত শিক্ষাৰ পদ্ধতি পৰিবৰ্তন কৰিলে। আমাক ইমন, জৌনপুৰী, ৰাগেশ্ৰী, হাম্বীৰ, মালকৌশ আদি কিছুমান ৰাগৰ বিজ্ঞানসন্মত প্ৰাথমিক শিক্ষা দান কৰিলে। ৰাগবোৰৰ আৰোহণ, অবৰোহণ, অলপ অচৰপ বিস্তাৰ, গান নিবন্ধ অংশ, তান আদিৰ সাধাৰণ জ্ঞান দিয়াৰ চেষ্টা কৰিলে। সহপাঠী বন্ধু প্ৰফুল