পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিব। এইদৰে এক পক্ষীয় ভাবে কাম কৰিলে, অসতক সৎ পথলৈ অনাৰ প্ৰযত্ন নকৰাৰ অপৰাধত এদিন হলেও জ্ঞানীৰ দল সমাজৰ বিচাৰত দোষী সাব্যস্ত হ’ব লাগিব আৰু সমালোচনাৰ তীক্ষ্ণ বাণত শৰবিদ্ধ হৈ তেওঁলোকে তেওঁলোকৰ কৃতকৰ্মৰ কৈফিয়ৎ দিব লাগিব। এনে অপৰাধী জ্ঞানীৰ কোনো কোনোৱে হয়তো জীৱন্ত অৱস্থাত সমাজৰ চকুত নপৰাকৈ হাত সাৰিব পাৰে; কিন্তু মৃত্যুৰ পিছত হলেও সময়ৰ হাতত তেওঁলোকৰ অপৰাধৰ এদিন বিচাৰ হ’বই। এই কথা মনত ৰাখি দূৰদৰ্শীতাৰে সৎসকলে সৎ হৈ থকাৰ উপৰিও অসৎবোৰকো সৎ পথলৈ অনাৰ মূল তত্ত্ব উদঘাটন কৰি তাক কাৰ্যত পৰিণত কৰাৰ চেষ্টা চলোৱা উচিত। ভৱিষ্যৎ বংশধৰসকলৰ নিৰংকুশ সাধু জীৱনৰ সুচল ক্ষেত্ৰৰ চিন্তা আজিয়েই নকৰিলে দেশৰ ভৱিষ্যৎ হ’ব অন্ধকাৰ। জংঘলৰ মাজত শস্যৰ বীজ ছটিয়াই থ’লে সি গজি উঠাৰ সম্ভাৱনা কম। ফলান শস্য পাবলৈ হ’লে জংঘল চাফ কৰি কৰ্ষণ আদিৰে সাৰুৱা ভূমি তৈয়াৰ কৰাৰ প্ৰথম প্ৰয়োজন। সেইদৰে ভৱিষ্যতৰ নিস্পাপ শিশুও কুসংস্কাৰযুক্ত বিষাক্ত সমাজত মানুহ ৰূপে গঢ়ি উঠাৰ সম্ভাৱনা কম। নিষ্পাপ শিশু প্ৰথম সান্নিধ্যলৈ অহা সমাজখন যি ধৰণৰ, যি গুণৰ, সেই গুণহে শিশুৱে প্ৰথমে গ্ৰহণ কৰিব। গতিকে শিশু প্ৰকৃত মানৱ হোৱাৰ বাবে নীতিপূৰ্ণ বিশুদ্ধ সমাজখনৰহে প্ৰথম প্ৰয়োজন।

 বৰ্তমান সমাজখনৰ দুৰ্নীতিমুখী গতি ৰুদ্ধ কৰি নীতিমুখী কৰিবলৈ হ’লে পোন প্ৰথমে দুৰ্নীতিৰে উপাৰ্জন কৰা ধনৰ প্ৰাচুৰ্যৰ সামাজিক উচ্চ মূল্যবোধক নিম্ন মূল্যবোধলৈ পৰিবৰ্তন কৰিব লাগিব। সামাজিক মূল্যবোধৰ এই পৰিবৰ্তন যুদ্ধত আগৰণুৱা হ’ব লাগিব সমাজৰ সভ্য জ্ঞানী শ্ৰেণী আৰু এই যুদ্ধৰ প্ৰথম ক্ষেত্ৰ হ’ব লাগিব সমাজৰ আটাইতকৈ ক্ষুদ্ৰতম গোট প্ৰতিটো পৰিয়াল। ইয়াৰ পিছত লাহে লাহে প্ৰতিটো চুবুৰী, প্ৰতিখন গাওঁ আদিকৈ ক্ৰমে বিস্তৃতি ঘটাই পৰস্পৰে পৰস্পৰৰ লগত এক হৈ সমগ্ৰ বিশাল সমাজত এই সংস্কাৰ আন্দোলন বিয়পাই দিব লাগিব। এই আন্দোলনৰ ৰণুৱা সভ্য জ্ঞানীসকল ঐক্যবদ্ধ হোৱাৰো উজু উপায় আছে। বৰ্তমান সমাজত ভাল-বেয়া, সৎ-অসৎ একাকাৰ হৈ থাকিলেও সমাজত ইতিমধ্যে মুষ্টিমেয় এক শ্ৰেণীৰ লোকে জীৱনৰ ধামখুমীয়াত নৈতিকতা বিসৰ্জন নিদি মৰোঁ জীওঁ সোঁ আধিকৈ যুঁজ দি জীৱন নিৰ্বাহ কৰাৰ উদাহৰণো নোহোৱা নহয়। এই সকলৰ লগত বিবেকৰ দংশনত নানা প্ৰতিকুল পৰিস্থিতিৰ প্ৰভাৱত বাধ্য হৈ বিপথে গৈ অশান্তিত দিন কটোৱা জ্ঞানীসকল ফালৰি কাটি আহি সংঘবদ্ধ হ’ব লাগিব। কেতিয়াও অসৎ, দুৰ্নীতিপৰায়ণ নহওঁ বুলি দৃঢ়মন লৈ থাকিলে কোনেও কাকো