পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্ত্তমান অৱস্থা

দুখীয়া হােজা অসমীয়া গাঁৱলীয়া সমাজখনৰ মাজত নিহিত হৈ আছে। গান বাজনা নৃত্য আদিত মন প্রাণ ঢালি জীৱনৰ সােৱাদ উপলব্ধি কৰি এফালে হােজা দুখীয়া শিল্পী শ্ৰেণীয়ে জাতীয়তা ৰক্ষাত অৰিহণা যােগাইছে আৰু আনহাতে অভাৱ অনাটনৰ মাজত জুৰুলা হৈ শিক্ষিত সমাজৰ অৱহেলিত শ্রেণী হিচাবে দিন নিয়াইছে। শিক্ষিত সমাজৰ আন্তৰিক সমাদৰ নেপাই অথবা এই সমাজখনৰ কৃত্রিম চেনেহলৈ ভ্রুক্ষেপ নকৰি নামঘৰ, সত্ৰৰ বাহিৰে ভিতৰে নিৰক্ষৰ বা অৰ্দ্ধ শিক্ষিত লােক সকলে পবিত্ৰতাৰে সৈতে অসমীয়া কলাৰ ওপৰত সাধ্য অনুসাৰে সাধনা কৰি আছে। নিৰক্ষৰতাই অথবা অলপীয়া শিক্ষাই সুন্দৰ কলাৰ সূক্ষ্ম বিকাশত হয়তাে বাধা হিচাবে থিয় দিছে। বাধা হিচাবে থিয় দিয়াতাে স্বাভাৱিক। কাৰণ সুন্দৰৰ সাধনা অতি দুৰূহ কাম। ইয়াৰ বাবে লাগে অক্লান্ত সাধনা আৰু গভীৰ চিন্তা-যুক্ত ধৈৰ্য্য। অশিক্ষিত বা হােজা লােক সকলে ইয়াৰ শুদ্ধ চিন্তা বিশেষ কৰিব নােৱাৰে। শিক্ষিত সমাজে ইয়াক আকোঁৱালি লৈ সাধনা কৰিলে অসমীয়া কলাই সুন্দৰ ৰূপ ল’ব বুলি আশা কৰিব পাৰি।

 ভাৰতীয় সঙ্গীতৰ ঐতিহ্যৰ কথা চিন্তা কৰি অসমতাে ইয়াৰ বিকাশ সাধন। কৰাৰ উদ্দেশ্য লৈ আৰু অসমীয়া গীত-মাতৰ সমৃদ্ধিৰ কথা ভাবি এসময়ত শিল্পীসকলে এটা আন্দোলন চলাইছিল। সঙ্গীত সমাজ স্থাপন কৰি মুষ্টিমেয় কেইজনমান শিল্পীয়ে এই আন্দোলন চলােৱাৰ প্রমাণ আছে। পিছে ইও কেইবছৰমান থাকি অন্তর্ধান হ’ল। শিল্পীসকলে শেষত গৈ আত্মকেন্দ্রিক হৈ নিজ নিজ ইচ্ছা অনুসৰি কলা চৰ্চাত লাগিল। অসমৰ যােৰহাট, ডিব্ৰুগড়, নগাওঁ আদিত সঙ্গীত চৰ্চাৰ এটা প্ৰেৰণা দেখা গৈছিল। আজি সিও লুপ্তপ্রায়। শিল্পবােধ জগাই তুলিবলৈ আমাৰ স্কুলীয়া, কলেজীয়া আদি শিক্ষাত কোনাে ভাল ব্যৱস্থা নাই। সেইবাবে কলা সংস্কৃতিক হাড়ে হিমজুৱে চিনিব পৰা বা শিল্পীক বুজিব পৰা সমাজ এখন আমাৰ গঢ়ি উঠা নাই। কলাসেৱী নতুন সমাজ এখন নােহােৱা বাবে বৰ্ত্তমানৰ যান্ত্রিক যুগৰ শিক্ষাৰে শিক্ষিত লােকসকলে বিজাতীয় প্রভাৱে তিল তিলকৈ ধ্বংস কৰা আমাৰ সংস্কৃতিৰ বিষয়ময় ৰূপ চিনি উলিয়াব পৰা নাই। যদি এনে অৱস্থাৰ মাজেৰে চেতনাহীন হৈ আৰু কিছুদিন আমি আগুৱাই যাওঁ, আমাৰ অস্তিত্ব সমূলি বিনাশ হ’ব যে সন্দেহ নাই।

 আমি সকলােৱে বুজা উচিত যে সাহিত্য কলা সংস্কৃতি আদিয়েই জাতিৰ প্রাণ। বিশ্বজনীন ভাবেৰে সমৃদ্ধ হৈ নিজত্ব জীয়াই ৰাখি কলা সৃষ্টি কৰিলে যি কোনাে জাতিয়েই সমৃদ্ধিশালী হৈ উঠে। সুন্দৰ কলা-সেৱী এখন সমাজ গঠনৰ