পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সুৰ বিচাৰি বাৰ বছৰ


 পিচে এই কথা স্বীকাৰ কৰিব লাগিব যে শাস্ত্ৰীয় সংগীতৰ এক সুস্থ আবহাওয়া বৰ্তমানেও অসমত সৃষ্টি হোৱা নাই৷ ইয়াৰ কাৰণ অৱশ্যে বহুতো আছে। আমাৰ প্ৰতিবেশী ৰাজ্য বঙ্গদেশৰ কথাই নকওঁ, আনকি তুলনামূলক ভাৱে পিছ পৰি থকা উৰিষ্যা ৰাজ্যৰ পৰাও সুনন্দা পাটনায়কৰ দৰে গায়িকা আৰু ভুৱনেশ্বৰ মিশ্ৰৰ দৰে বেহেলা বাদক ওলাইছে। বিহাৰ, পঞ্জাব, মহাৰাষ্ট্ৰ, গুজৰাট আদি ৰাজ্যৰ পৰা ইতিমধ্যে বহু সংখ্যক শাস্ত্ৰীয় সংগীত শিল্পী ভাৰত বিখ্যাত হৈ উঠিছে। বিজ্ঞানসন্মত উপযুক্ত শিক্ষা পদ্ধতি আৰু সাংগীতিক পৰিবেশে জগাই তোলা অক্লান্ত সাধনাৰ বাবে তেওঁলোকে ভাৰতৰ বাহিৰতো সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।

 অসমীয়া শিল্পীৰ যে ভাৰত বিখ্যাত নাইবা তাতকৈয়ো উচ্চতৰ গুণসম্পন্ন হোৱাৰ যোগ্যতা নাই বা হ'ব নোৱাৰে এনে নহয়। উপযুক্ত শিক্ষা আৰু সুবিধা পালে অসমৰ শিল্পীয়েও যে সৰ্বভাৰতীয় খ্যাতি অৰ্জন কৰিব পাৰে তাক প্ৰমাণ কৰিছে নগাঁৱৰ উঠি অহা গায়িকা কুমাৰী পাৰবীন চুলতানাই। সুৱদী কণ্ঠৰ অধিকাৰিণী এই গৰাকী শিল্পীয়ে খেয়াল গায়নত যথেষ্ট দক্ষতা অৰ্জন কৰিছে। কলিকতা আৰু বোম্বাইৰ বিভিন্ন সংগীত সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও বিহাৰ, উত্তৰ প্ৰদেশ, পঞ্জাব আদি ঠাইত সংগীত পৰিবেশন কৰি এই গৰাকী শিল্পীয়ে হেজাৰ হেজাৰ শ্ৰোতাৰ মন জয় কৰিব পাৰিছে। পাৰবীন চুলতানাৰ কণ্ঠৰ দুটি ৰাগ লং প্লেয়িং ৰেকৰ্ড যোগে প্ৰকাশ পোৱাটোও কম দক্ষতাৰ কথা নহয়। কাৰণ সৰ্বভাৰতীয় খ্যাতিসম্পন্ন শাস্ত্ৰীয় সংগীত শিল্পীৰ সংগীতহে এনে ধৰণৰ ৰেকৰ্ড যোগে প্ৰকাশ কৰা দেখা যায়। সঁচাকৈয়ে পাৰবীন চুলতানাক লৈ অসমবাসীয়ে গৌৰৱ কৰাৰ যথেষ্ট থল আছে।

 শিৱসাগৰৰ শুভলক্ষ্মীৰ কথাও এইখিনিতে উল্লেখ কৰাটো যুক্তিসংগত হ'ব। দাক্ষিণাত্যৰ ভাৰত নাট্যমৰ দৰে কঠিন ধ্ৰুপদী নৃত্যত শুভলক্ষ্মীয়ে বিশেষ দক্ষতা লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু অকল দাক্ষিণাত্যতে নহয়, ভাৰতৰ বিভিন্ন ঠাইত অসাধাৰণ যোগ্যতাৰে নৃত্য প্ৰদৰ্শন কৰি তেওঁ ৰসিক আৰু কলামোদী সকলৰ পৰা ভূয়সী প্ৰশংসা লভিছে। আমাৰ বাবে ই অতি গৌৰৱৰ কথা। শ্বিলঙৰ শিশিৰ কণাধৰ চৌধুৰীৰ কথাও এইখিনিতে উল্লেখ কৰাটো সমীচীন হ’ব। শ্বিলঙত থকা অৱস্থাতে এই গৰাকী শিল্পীয়ে প্ৰখ্যাত বেহেলাবাদক ভি. জি. যোগৰ তত্ত্বাৱধানত বেহেলা শিকি আকাশবাণীৰ ‘ক’ শ্ৰেণীৰ শিল্পী ৰূপে পৰিগণিত হোৱাৰ সুযোগ পায় আৰু পিছত কলিকতাত বসবাস কৰি সৰ্বভাৰতীয় খ্যাতি অৰ্জন কৰিবলৈ