পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
সুৰ বিচাৰি বাৰ বছৰ

তথা ভাৰতীয় বিষয়াৰ প্ৰতিক্ৰিয়াশীলতা, সাম্প্ৰদায়িক বাটোৱাৰা, কৰ্মবিমুখতা, বক্তৃতা বিলাস আদি দুৰ্গুণবোৰ ইংৰাজ শাসনৰূপী বৰগছৰ সুশীতল ছাঁত নিদ্ৰালু হৈ আছিল৷ গাঁৱলীয়া জীৱনত আছিল মানৱতাবোধ। সেয়েহে গাঁৱলীয়া জীৱনক এৰি তথাকথিত ভেমেৰে ভৰা বিষয়াবোৰৰ বদগুণ সংস্কাৰ কৰাৰ অৰ্থে সেইবোৰক বেজবৰুৱাই উপহাস কৰিছিল। সেয়েহে বেজবৰুৱাৰ মনত জগৰা মণ্ডল বিদ্ৰুপৰ পাত্ৰ নাছিল। তেওঁৰ বিদ্ৰুপৰ লক্ষ্য আছিল আঁৰপটৰ উকীলজনহে।

 বেজবৰুৱাই অতি সাধাৰণ কথা বৰ আড়ম্বৰেৰে প্ৰকাশ কৰি, উচ্চধৰণৰ কথা অতি সাধাৰণভাবে প্ৰকাশ কৰি, নিজে সজা অদ্ভুত পটন্তৰ আৰু সংযুক্ত শব্দাৱলী আদি ব্যৱহাৰ কৰি হাস্যৰসৰ সৃষ্টি কৰিছে। মিহলি ভাষাৰ প্ৰয়োগ কৰি, ভুল ভাষা আৰু শব্দ প্ৰয়োগ কৰি, ভাবৰ বিসঙ্গতি দেখুৱাই, অজ্ঞতা প্ৰকাশ কৰি আৰু অদ্ভুত ভাব সংকেটৰ দ্বাৰাও বিমল হাস্যৰস প্ৰদান কৰিছে। বেজবৰুৱাৰ ৰচনাত বাগাড়ম্বৰ, শব্দ বিলাস, বাহুল্য দোষ আছে। কিন্তু এই দোষবোৰ বেজবৰুৱাৰ ক্ষেত্ৰত গুণ হৈ দেখা দিছে। বেজবৰুৱাৰ পূৰ্ণ বিকাশৰ কাৰণে এনেবোৰ দোষৰ প্ৰয়োজন আছিল। বেজবৰুৱাই হাস্যৰস অৱতাৰণাৰ বাবে ব্যৱহাৰ কৰা বাক্যৰীতি অনন্য সদৃশ। দেশী, বিদেশী, নিৰৰ্থক যেনে শব্দই নহওক লাগে বিশেষ স্থানত সুপ্ৰয়োগৰ ফলত সেই সেই শব্দই হাঁহিৰ খলকনি তোলে। বহুতো ঠাইত হাস্যৰস বুদ্ধিনিষ্ঠ অৱশ্যে নহয়। ক’তো ক’তো ই সৰল, সাধাৰণ। তেওঁৰ ব্যঙ্গ আৰু বক্ৰাঘাতৰ আঘাত হাস্যৰসৰ আনন্দৰ মাজত লুকাই থাকে।

 বেজবৰুৱা অসমীয়া সাহিত্যৰ সকলোকেইটি দিশৰে বাটকটীয়া সাহিত্যিক। তেওঁ কোনো এটি ধাৰাত বিশেষ নহয়। কিন্তু তেওঁ তেওঁৰ সমগ্ৰ সাহিত্যৰ মাজত অসাধাৰণ হৈ জিলিকি আছে। সামগ্ৰিক সাহিত্যিক ব্যক্তিত্বত তেওঁ উজ্বল ভোটাতৰা। কোনোবা এজন ইংৰাজ লেখকে কৈছিল - তিনিবছৰ সুখ্যাতি থকা সাহিত্য ঝনঝনাই যোৱা। ত্ৰিশ বছৰ থাকিলে যশস্যা। তিনিশ বছৰ থাকিলে অমৰ আৰু তিনিহাজাৰলৈ থাকিলে হ’মাৰ। এই মন্তব্যৰ কোনখিনি বেজবৰুৱাৰ সাহিত্যত খাটে সঠিককৈ ক’ব নোৱাৰি, কিন্তু বেজবৰুৱাৰ হাস্যৰসাত্মক ৰচনাৱলীয়েই যে তেওঁৰ ভাষাৰ ওপৰত থকা অদ্ভুত দখলৰ সাক্ষৰ যুগমীয়াকৈ বহন কৰি থাকিব ই ধুৰুপ।


দৈনিক অসম, ১৫ মাৰ্চ ২০১৫ চন, দেওবৰীয়া আলোচনী। (প্ৰয়াত বৈশ্যই প্ৰৱন্ধটো ২০/০৬/৮৭ তাৰিখে লিখি থৈ গৈছিল।)