পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
সুৰ বিচাৰি বাৰ বছৰ

শ্ৰেণীৰ উপযুক্ততাৰ ওপৰতেই দেশৰ ভৱিষ্যত কৰ্ণধাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন নিৰ্ভৰ কৰিছে। এই কথা চৰকাৰে নজনা নহয়। কিন্তু এই গুঢ় সত্যৰ প্ৰতি চৰকাৰ সম্পূৰ্ণ উদাসীন। শিক্ষক শ্ৰেণীক আজি চৰকাৰে নিষ্পেষিত অৱহেলিত কৰি ৰাখিছে। শিক্ষক আজি পুতৌৰ পাত্ৰ। শিক্ষকৰ সন্মান আমাৰ দেশত হেৰাই গৈছে। বোধহয় শিক্ষকতা সন্মানিত কাম নহয় কাৰণে অথবা শিক্ষকসকল অৰ্থকৰী চাকৰিয়াল নোহোৱা বাবে কোনোদিনে আমাৰ ৰজামন্ত্ৰীসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীক শিক্ষক কৰাৰ পৰিকল্পনা কৰা দেখা নাযায়। হিচাপ কৰিলে দেখা যায় কোনো স্কুলতে ক্ষমতাধিষ্ট ৰজা-মন্ত্ৰীৰ ল’ৰা-ছোৱালী শিক্ষক হৈ দুৰ্বহ জীৱন যাপন কৰা নাই। একমাত্ৰ দাৰিদ্ৰক ভয় কৰিয়েই এইসকল দেশপ্ৰেমিকে ধন দৌলতৰ সপোন ৰচি তেওঁলোকৰ ল’ৰা-ছোৱালীক যি কোনো প্ৰকাৰে অইন পথে নিয়াৰ চেষ্টা কৰে। আৰু শিক্ষা বিভাগ দুখীয়া অযোগ্য শিক্ষকসকলৰ হাতত এৰি দি তোষামোদপূৰ্ণ বক্তৃতাৰে শিক্ষকসকলক নানা প্ৰকাৰে ভালৰি লগাই আৰ্থিক দিশত যমৰ যাতনা ভুঞ্জাই তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়ে।

 অতীত কালত এই ভাৰতত ঋষিৰ অনুমতি লৈহে ঋষিৰ ওচৰত আঠুলৈহে শিক্ষাস্থান আশ্ৰমত প্ৰৱেশ কৰিছিল। কিন্তু আজি এই ভাৰতৰ শিক্ষাদানত ৰজামন্ত্ৰীয়ে শিক্ষকৰ ওচৰত আঠু লৈ প্ৰৱেশ নকৰে৷ পূণ্যদিন উলটি গ’ল। আজি ভোকাতুৰ শিক্ষকে মন্ত্ৰীৰ চৰণ তলত প্ৰণিপাত জনাই কলপুলিৰ তলেৰে মালাপিন্ধাই আদৰি আনি তেওঁলোকৰ সন্তুষ্টিৰ অৰ্থে পূজা পাতে। নহ’লে চৰকাৰ দেৱতা সন্তুষ্ট নহয়। আজিৰ শিক্ষকে নিজৰ প্ৰাপ্যখিনিৰ বাবে চৰকাৰৰ ওচৰত আবেদন, নিবেদন, ক্ৰন্দন, আন্দোলন কৰিব লাগে। চৰকাৰৰ অনুগ্ৰহবিনে আজি শিক্ষকৰ মুক্তি নাই।

 আজি পৰ্যন্ত শিক্ষাজগতত এটা বিশুদ্ধ বিজ্ঞানসম্মত পৰীক্ষানীতি দেখা নগ’ল। আজিৰ পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ প্ৰকৃত মান নিৰ্ণয় কৰাত অকৃতকাৰ্য হৈছে। মুষ্টিমেয় কেইটামান প্ৰশ্নৰ ওপৰত তিনি বা চাৰিঘণ্টা সময় পৰীক্ষা কৰি ছাত্ৰ-ছাত্ৰীৰ বছৰেকীয়া জ্ঞান নিৰ্ণয় কৰা হয়। নিৰ্দিষ্ট নম্বৰৰ সীমাৰে ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা বিভিন্ন বিভাগত বিচাৰ কৰা হয়। ছাত্ৰ-ছাত্ৰীয়েও উত্তীৰ্ণ হোৱ বিভাগৰ ক্ষমতাৰে জীৱনৰ পথ নিৰ্বাচন কৰি লয়। এক কথাত ক’বলৈ হ’লে নম্বৰৰ ওপৰতেই আজিৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন। কিন্তু গভীৰ মননশীলতাৰে গবেষণা কৰি চালে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান পৰীক্ষাৰ্থে কৰা নম্বৰ বিভাজন সম্পূৰ্ণ অবৈজ্ঞানিক যেন লাগে। অতি কম নম্বৰৰ পাৰ্থক্যই সৃষ্টি কৰা উচ্চ বিভাগে বহু অযোগ্য ছাত্ৰ-ছাত্ৰীৰ