পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
শিক্ষাত শিল্পৰ স্থান

কৰিব। বিদ্যালয়ত কাব্য চর্চাৰ ব্যৱস্থা আছে; কিন্তু কাব্যত বিশ্ববিদ্যালয়ৰ পৰীক্ষা পাছ কৰিলেই ডাঙৰ কবি হ'ব নােৱাৰে। তেনেকৈ বিদ্যালয়ত শিল্প-শিক্ষাৰ আয়ােজন থাকিলেই যে সকলাে ল'ৰা-ছােৱালী শিল্পী হ’ব আৰু ভাল শিল্প সৃষ্টি কৰিব পাৰিব এনে আশা কৰা অৱশ্যে ভুল হ'ব।

 প্রথমতঃ ল'ৰা-ছােৱালীৰ বিদ্যালয়ত, পুথিভঁৰালত, পঢ়া-ঘৰত আৰু থকা ঘৰত কিছু কিছু ভাল ছবি, মূর্তি, চাৰু শিল্প আৰু কাৰু শিল্পৰ নিদর্শন (নাথাকিলে এইবিলাকৰ ভাল ফটো বা প্রতিচ্ছবি) সজাই ৰাখিব লাগিব।

 দ্বিতীয়তঃ ভাল ভাল শিল্পৰ নিদৰ্শনৰ ছবি আৰু ইতিহাস দি ল'ৰা-ছােৱালীৰ সহজবােধ্য কিতাপ উপযুক্ত লােকৰ দ্বাৰা যথেষ্ট পৰিমাণে লিখাব লাগিব।

 তৃতীয়তঃ ছায়াচিত্ৰৰ সহায়ত মাজে মাজে স্বদেশৰ আৰু বিদেশৰ বছা- বছা ভাল-ভাল শিল্পবস্তুৰ লগত ল'ৰা-ছােৱালীক পৰিচয় কৰি দিব লাগিব।

 চতুর্থতঃ মাজে মাজে উপযুক্ত শিক্ষকৰ লগত ল'ৰা-ছােৱালীয়ে নিকটৱর্তী যাদুঘৰ বা চিত্রশালালৈ গৈ অতীত শিল্পকীৰ্তিৰ নিদর্শন চাই আহিব লাগিব। বিদ্যালয়ৰ পৰা ফুটবল মেছ খেলিবলৈ বাহিৰলৈ যােরাৰ ব্যৱস্থা যেতিয়া হ'ব পাৰে, চিত্রশালা বা যাদুঘৰ চাই অহাত একো অসম্ভৱ নহয়। এই কথা মনত ৰাখিব লাগিব। এটা ভাল শিল্প-বস্তু নিজৰ চকুৰে দেখিলে আৰু বুজিলে শিল্পদৃষ্টি যিমান বিকশিত হয়, এশটা বক্তৃতা শুনিলে সিমান নহয়। ভাল ছবি, ভাল মূর্তি সৰুৰে পৰা দেখি দেখি কিছু বুজি, কিছু নুবুজি ল'ৰা-ছােৱালীৰ চকু তৈয়াৰী হ’ব, পিছত আপােনা আপুনি তেওঁলােকৰ শিল্পৰ ভাল-বেয়া বিচাৰ কৰাৰ শক্তি আহি পৰিব আৰু লাহে লাহে সৌন্দৰ্য্যবােধ জাগৰিত হ'ব।

 পঞ্চমতঃ প্ৰকৃতিৰ লগত ল'ৰা-ছােৱালীৰ যােগ সাধন কৰাৰ উদ্দেশ্যে বিভিন্ন ঋতুত বিভিন্ন উৎসৱৰ আয়ােজন কৰিব লাগিব। সেই আয়ােজনৰ ভিতৰত সেই সেই ঋতুৰ ফল-ফুলৰ সংগ্রহ, আৰু শিল্প, কাব্যত সেই সেই ঋতু সম্বন্ধে যি সমস্ত সুন্দৰ সৃষ্টি হৈছে তাৰ লগত যিমান দূৰ সম্ভৱ ল'ৰা-ছােৱালীৰ পৰিচয় ঘটোৱাৰ ব্যৱস্থা থাকিব লাগিব।

 ষষ্ঠতঃ প্রকৃতিত যি ঋতু উৎসৱ চলিছে তাৰ লগত ল'ৰা-ছােৱালীক পৰিচয় কৰি দিব লাগিব। শৰতৰ ধাননি পথাৰ আৰু পদ্মবন, বসন্তত পলাশ-শিমলুৰ মেলা তেওঁলােকে যাতে নিজৰ চকুৰে দেখি আনন্দ পায়, তাৰ ব্যৱস্থা কৰিব লাগিব। বিশেষকৈ নগৰবাসী ল'ৰা-ছােৱালীৰ বাবে এই ব্যৱস্থা অতি প্রয়ােজনীয়। গাঁৱৰ ল'ৰা-ছােৱালীৰ এই দিশত কেৱল দৃষ্টি আকর্ষণ কৰিব পাৰিলেই হ’ব।