পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুভৱৰ এষাৰ



 প্ৰয়াত শিল্পী উমেশ বৈশ্য ডাঙৰীয়াৰ নিৰ্বাচিত প্ৰৱন্ধ সংকলন ‘সুৰ বিচাৰি বাৰ বছৰ' অসমীয়া সংগীত জগত আৰু আমাৰ শিক্ষাজগত সম্পৰ্কীয় এলানি গভীৰ চিন্তাৰ নিচান। বিশেষকৈ বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ বৈশ্য ডাঙৰীয়াই ‘অসমৰ শাস্ত্ৰীয় সংগীত' আৰু 'সুৰ বিচাৰি বাৰ বছৰ'ৰ বিষয়ে লিখা প্ৰৱন্ধ দুটাই মাৰ্গীয় সংগীতৰ আঁৰত থকা কঠোৰ সাধনা আৰু সংগীতৰ ব্যপকতাৰ দৰ্শনত হোৱা স্বভাৱজ বিনয়ৰ ছবিখন জল্‌জল্‌ পট্‌পট্‌ কৰি তুলিছে। সেইদৰে ড° ভূপেন হাজৰিকাদেৱৰ সাংস্কৃতিক জীৱন আৰু অসমত সংগীতৰ ৰূপৰ আলোচনাত দেখদেখকৈ নতুন দৃষ্টিকোণৰ সংযোজন হৈছে। এগৰাকী সংগীতজ্ঞ ৰূপে হোৱা অভিজ্ঞতাৰ ভিত্তিত ৰচনা কৰা ভাৰতীয় সংগীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা’ শীৰ্ষক আলোচনাতো তেনে নতুন চিন্তা আৰু উপলব্ধি জল্‌জল্‌ পট্‌পট্‌ হৈ পৰিছে।

 বৰ্তমানৰ শিক্ষা জগত সম্পৰ্কত তেখেতৰ প্ৰৱন্ধ দুটায়ো চিন্তাৰ নতুন বাট কাটি দিছে। সেইদৰে সাহিত্য চৰ্চা, লক্ষ্মীনাথ বেজবৰুৱা আৰু অতুল চন্দ্ৰ হাজৰিকাদেৱৰ বিষয়ে লিখা প্ৰৱন্ধকেইটাতো সাহিত্যৰ প্ৰতি অনুৰাগৰ লগতে গভীৰ সাহিত্যবোধ উজ্বলি উঠিছে।

 সেয়ে মোৰ একান্ত অনুভৱ— 'সুৰ বিচাৰি বাৰ বছৰ’ শীৰ্ষক সংকলনখনি অসমীয়া সাহিত্যলৈ এক বিৰল সংযোজন ৰূপে স্বীকৃত হ’ব। এইলানি সংকলনৰ সম্পাদক আৰু প্ৰকাশকলৈ সেয়ে অসমৰ সাহিত্যপ্ৰেমী ৰাইজৰ হৈ আন্তৰিক ওলগ জনালোঁহ'ক।


৪, হেমচন্দ্ৰ ৰোড ড° অমৰজ্যোতি চৌধুৰী
গুৱাহাটী প্ৰো-উপাচাৰ্য
২৩-৮-২০১৫ ইং তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়