পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিৱৰ্তনৰ উপায়

তেওঁলোকৰ মনত কামৰ ভাল-বেয়া, সৰু-বৰ আদিৰ শ্ৰেণী বিভাগ আছে। ফলত তেওঁলোকে দৰকাৰ হ’লে নিবনুৱা ৰূপেই ঘূৰি ফুৰিব তথাপিও শৰীৰৰ শক্তি সামৰ্থ্য থাকিলেও তেওঁলোকে যিকোনো কাম কৰি জীৱিকা চলাই সমাজৰ সৰ্বসাধাৰণ শ্ৰেণীৰ লগত মিলি যাব নোখোজে। শিক্ষিত নিবনুৱাসকলৰ যিকোনো কাম কৰাৰ সৎ সাহসৰ অভাৱৰ বাবে অকল তেওঁলোকক জগৰীয়া কৰিব নোৱাৰি। ইয়াৰ বাবে আমাৰ বৰ্তমান সংৰক্ষণশীল কুসংস্কাৰযুক্ত সমাজখনো পৰোক্ষভাৱে দায়ী। বৰ্তমান সমাজৰ ভাবধাৰাও হৈছে চাকৰিমুখী৷ এইখন সমাজে এতিয়াও এজন সবল সুস্থ আদৰ্শ গাঁৱলীয়া খেতিয়কতকৈ চাকৰি কৰি কোনোমতে জীয়াই থকা পিয়ন এজনক বেছি মূল্য দিয়ে। বিয়াৰ বজাৰত পিয়নৰ লগত আদৰ্শ খেতিয়ক আজি পৰাভূত। সুযোগ্য কাঠমিস্ত্ৰি, ৰাজমিস্ত্ৰি, দৰ্জি, বাঢ়ৈ, সোণাৰী, কমাৰ একোজনতকৈ আজিৰ সমাজত চৌকিদাৰ, কেৰাণী, মহৰী আদিৰ সন্মান বেছি। জাকে জাকে, দলে দলে খেতিয়ক সন্তানসকল শিক্ষিত-অৰ্দ্ধশিক্ষিত হৈ নগৰে-চহৰে, গাঁৱে-ভূঞে চৌকিদাৰ, পিয়ন, কেৰাণী আদি ৰূপত দুৰ্বহ জীৱন যাপন কৰা দৃশ্যই আজি সমাজৰ চাকৰিমুখী মনোভাৱৰ জ্বলন্ত প্ৰমাণ দাঙি ধৰিছে।

 সমাজে সৃষ্টি কৰা কামৰ সৰু বৰ, উচ্চ-নীচ শ্ৰেণীবোৰৰ কাৰণে আৰু কাম অনুসৰি ব্যক্তিৰ সামাজিক মানদণ্ড সৃষ্টি কৰাৰ কাৰণে দেশত আজি ভুৱা মৰ্যাদাবোধৰ সৃষ্টি হৈছে আৰু এই মৰ্যাদাবোধৰ কাৰণেই আজি দেশৰ শিক্ষিত নিবনুৱাসকলে বন থাকিলেও নিবনুৱাৰূপে হাত সাৱটি বহি থাকিবলগীয়াত পৰিছে। উচ্চ শিক্ষিত নিবনুৱা এজনে চাকৰিৰ বিকল্পৰূপে হয়তো এখন পাণ দোকান দি হলেও জীৱিকা নিৰ্বাহ কৰিব পাৰিলেহেঁতেন; কিন্তু তেওঁৰ সমাজখনে পাণ দোকানীলৈ দেখুওৱা তুচ্ছ-তাচ্ছিল্যতাৰ কাৰণে তেওঁ সেই কাম বা বন কৰিব নোখোজে। এইদৰে বনুৱা হ’ব পৰা বা খোজা অজস্ৰ শিক্ষিত নিবনুৱা সমাজৰ এই মনোভাবৰ বাবে নিবনুৱা হৈয়ে আছে। এই সমাজখনৰ এনে ধৰণৰ তুচ্ছ-তাচ্ছিল্যতাৰ অজস্ৰ উদাহৰণ দাঙি ধৰিব পৰা যায়৷ গতিকে দেখা গ’ল বৰ্তমান সমাজৰ কুসংস্কাৰপূৰ্ণ মনোভাব শিক্ষিত নিবনুৱা সৃষ্টিৰ অন্যতম প্ৰধান কাৰণ।

 বৰ্তমানৰ শিক্ষাত নিবনুৱা সমস্যা সমাধানৰ উদ্দেশ্যে আই.টি.আই., পলিটেকনিক ইন্সটিটিউট, ক’টেজ ইণ্ডাষ্ট্ৰী আদিৰ জৰিয়তে বৃত্তিমূলক শিক্ষাৰ আঁচনি লোৱা হৈছে; কিন্তু ইও কৃতকাৰ্য হোৱা নাই। সাধাৰণ শিক্ষাৰ দিশত অকৃতকাৰ্য হৈ মনৰ ইচ্ছাৰ বিপৰীতে বাধ্য হৈ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা বাবে এই অনুষ্ঠানসমূহৰ বিষয়বোৰতত আশানুৰূপ ফল দেখা নাযায়। বৰ্তমান সমাজত বৃত্তিমূলক শিক্ষা