পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বাটচ’ৰা

 সংগীত কলা, শিক্ষা ব্যৱস্থা, সাহিত্য এই তিনিটা বিষয়ৰ প্ৰবন্ধ সম্বলিত প্ৰয়াত উমেশ বৈশ্যৰ ’সুৰ বিচাৰি বাৰ বছৰ’ শীৰ্ষক প্ৰবন্ধ সংকলনখন সাহিত্যিক সমৃদ্ধতাৰ লগতে বিষয়বস্তুৰ ক্ষেত্ৰতো এক অভিনৱত্বৰ সূচক। লেখকৰ অধ্যয়নৰ বিস্তৃত পৰিমণ্ডল, ভাষিক সচেতনতা আৰু গদ্যশৈলীৰ প্ৰবাহে পঢ়ুৱৈৰ সংবেদনক জোকাৰি যোৱা দিশটোৰ প্ৰতি দৃষ্টি দি ক’ব পাৰি যে প্ৰচাৰৰ প্ৰতি উদাসীন প্ৰয়াত বৈশ্য আছিল অসমীয়া সংগীত-সাহিত্যৰ এগৰাকী নীৰৱ সাধক আৰু সামাজিক ঘটনা-পৰিঘটনাৰ সূক্ষ্ম পৰ্যবেক্ষক। তেখেতৰ প্ৰগতিশীল চিন্তা প্ৰতিটো প্ৰবন্ধই আপোনমনে কঢ়িয়াই লৈ ফুৰিছে।
 সংকলনখনৰ প্ৰথমটো প্ৰবন্ধ ’শাস্ত্ৰীয় সংগীত আৰু অসম’ত লেখকে অসমীয়া শাস্ত্ৰীয় সংগীতৰ বিকৃতকৰণৰ কেইবাটাও দিশ উল্লেখ কৰি অসমীয়া জাতিৰ সজাগতাৰ বিয়োগাত্মক দিশটো মূৰ্ত কৰিছে। কি পটভূমি আৰু পাৰিপাৰ্শ্বিকতাত ভাৰতীয় শাস্ত্ৰীয় সংগীতে এসময়ত মৃত ৰূপ লৈছিল আৰু তাৰ পুনৰুদ্ধাৰত আমি যে আজিও ব্যৰ্থ সেয়াও উন্মোচিত কৰিছে। শিল্প-সংস্কৃতিৰ ব্যৱসায়িক দৃষ্টিভংগীয়ে গুণগত মান অবদমিত কৰাত ১৯৬৮ চনত বৈশ্যই লিখা প্ৰবন্ধটিত তেখেতৰ ক্ষোভ ধ্বনিত কৰিছে। আপোচবিহীন লেখক প্ৰয়াত বৈশ্যই শাস্ত্ৰীয় সংস্কৃতি প্ৰসাৰত কৰ্তব্য পালন নকৰা মাধ্যমবোৰক সমালোচনা কৰি লিখা প্ৰবন্ধটি আজিও প্ৰাসংগিক।
 ’বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভংগী’ শীৰ্ষক সুখপাঠ্য প্ৰবন্ধটিত অসমীয়া থলুৱা সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিৱেশ নকৰা তথাকথিত শিল্পীলৈ লেখকৰ ক্ষোভ প্ৰকাশৰ আনুষংগিকভাৱে শিল্প-সংস্কৃতিৰ উত্তৰণৰ বাবে আমাৰ কৰণীয় দিশসমূহ উল্লেখ কৰিছে। ’সুৰ বিচাৰি বাৰ বছৰ আৰু’ প্ৰথম ’সঙ্গীতগুৰু জমিৰুদ্দিন ছাৰৰ সোঁৱৰণত’ শীৰ্ষক দুটি প্ৰবন্ধ আত্মজীৱনীমূলক হলেও ভাষিক সচেতনতা আৰু মেদহীনতাই দুয়োটা প্ৰবন্ধকে মানবিশিষ্ট কৰাত অৰিহণা আগবঢ়াইছে। সমসাময়িক সমাজৰ কেতবোৰ চিত্ৰ প্ৰবন্ধ দুটাত প্ৰকাশিত হৈছে।
 সংকলনখনৰ এটা উৎকৃষ্ট প্ৰবন্ধ ’ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পৰ্যালোচনা’। এই প্ৰবন্ধটিত ভূপেন হাজৰিকাৰ প্ৰতিভাৰ বিশিষ্ট কেইটিমান দিশৰ মূল্যায়নৰ আনুষংগিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভাৰ প্ৰসংগ অৱতাৰণা কৰি লেখকে আদৰ্শগত দিশত ভূপেন হাজৰিকা জ্যোতি-বিষ্ণুতকৈ কিয় অনগ্ৰসৰ হৈ ৰ’ল তাৰ প্ৰাঞ্জল ব্যাখ্যা আগবঢ়াইছে।
 ‘আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্তমান অৱস্থা’ শীৰ্ষক প্ৰবন্ধটিৰ বক্তব্য প্ৰথম দুটা।