সমললৈ যাওক

পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
সুৰ বিচাৰি বাৰ বছৰ

দৰেই উচ্চমান বিশিষ্ট জীৱন যাপনৰ সুবিধা দিবলৈ আগবাঢ়িব লাগিব। শিক্ষকে প্ৰাপ্য মৰ্যদাৰে উচ্চ জীৱন যাপন কৰা দেখিলে শিক্ষকৰ প্ৰতি থকা জনতাৰ অতি দিনৰ পুতৌ ভাৱ নাইকিয়া হ’ব। শিক্ষকৰ প্ৰতি সমাজত নতুন মূল্যবোধৰ সৃষ্টি হ’ব। অইন দিশে গুচি যোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষক হোৱাৰ সপোন জাগ্ৰত হ’ব। অভিভাৱক সকলেও তীক্ষ্ণ বুদ্ধিৰ ল’ৰা-ছোৱালীক শিক্ষক হ’বলৈ উদগনি দিব। ফলত আজিৰ দৰে শিক্ষানুষ্ঠান সমূহত অযোগ্য শিক্ষকৰ স্থান নাইকিয়া হৈ যাব। স্কুলত শিক্ষক ভাল হলে ছাত্ৰ-ছাত্ৰী ভাল হ’ব। ভাল ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে গৈ ভাল অভিভাৱক হ’ব। এনেদৰে লাহে লাহে ভাল মানুহেৰে দেশ ভৰি পৰিব। ভাল নাগৰিকেৰে দেশ ভৰিলে ভাল চৰকাৰ গঠন হ’ব। ভাল চৰকাৰ, ভাল শিক্ষক, ভাল ছাত্ৰ-ছাত্ৰী, ভাল অভিভাৱক থাকিলে দেশত কেতিয়াও শিক্ষা বিভ্ৰাট ঘটাৰ আশংকা নাথাকিব।□






৭ম বছৰ ৫ম/৬ষ্ঠ সংখ্যা ‘ৰূপম’ত প্ৰকাশিত, ১৯৭৩ চন।