পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
বেজবৰুৱাৰ হাস্যৰস

 সমাজ আৰু জাতীয় জীৱনৰ শুধৰণত যে ব্যঙ্গৰ বিশেষ কাৰ্য্যকাৰীতা আছে সেই সম্বন্ধে বেজবৰুৱাৰ স্পষ্ট ধাৰণা আছিল। বেজবৰুৱাই কৈছে— “এৰিষ্টফেনিছৰ দিনৰ পৰা আজিলৈকে satire বা বিদ্ৰুপাত্মক ৰচনাৰ এটা ওখ ঠাই আছে। অসমীয়া সাহিত্যিত এনে ঠাই নাথাকিবৰ কাৰণ কি ক’ব নোৱাৰো।” সাহিত্য আৰু সমাজৰ দোষ গুচাবৰ নিমিত্তে, ভুল সুধৰাবৰ নিমিত্তে সঁচা তৰ্ক আৰু সঁচা সমালোচনা ডাঙৰ অস্ত্ৰ। এই কথা উপলব্ধি কৰিয়েই বেজবৰুৱাই হাঁহি- কৌতুক, বিদ্ৰুপ, ব্যঙ্গৰ আশ্ৰয় লৈয়েই সমাজ সংস্কাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। বেজবৰুৱাই অৱশ্যে কেতিয়াবা কেৱল হাঁহিৰ বাবেই কৌতুক প্ৰদ ৰচনাৰ সৃষ্টি কৰিছে, কিন্তু এনে সৃষ্টি তাকৰীয়া। বেজবৰুৱাৰ সৰহ সংখ্যক লেখাতে প্ৰকাশ পোৱা হাস্যৰসৰ মাজত প্ৰচ্ছন্ন হৈ আছে এটি দুখ আৰু সেই দুখৰ উৎস হ’ল অসুখী জন্মভূমিৰ দুৰ্বল ৰূপ। পাশ্চাত্য জগতৰ সংস্পৰ্শত বিকৃত হোৱা সংক্ৰান্তি যুগৰ ক্ষয়িষ্ণু অসমীয়া সমাজখনৰ দুৰ্বলতাবোৰ স্থূল হাস্যৰসৰ মাজেৰেই হওক নাইবা সূক্ষ্ম হাস্যৰসৰ মাজেৰেই হওক দূৰ কৰাটোৱেই আছিল বেজবৰুৱাৰ হাস্যৰস সৃষ্টিৰ মূল লক্ষ্য। অসমীয়াৰ দুৰ্বলতা, নিৰাশাবাদ, নীচতা-ভীৰুতা, সংঙ্কীৰ্ণতা, আলস্য আদি বেজবৰুৱাই সহিব নোৱাৰিছিল। এইবোৰ দূৰীকৰণাৰ্থে তেওঁ অহৰ্নিশে চিন্তিত আছিল। অসমীয়া জাতিয়ে পুৰনি পৃথিৱীক নকৈ চোৱাৰ পৰা বঞ্চিত হোৱাৰ যি আশঙ্কা আৰু বেদনা অন্তৰত উদ্ভৱ হৈছিল সিয়েই বেজবৰুৱাক কৃপাবৰৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ প্ৰেৰণা দিছিল।

 হাঁহি কৌতুক কৃপাবৰী ৰচনাৰ উপকৰণ। এই হাঁহি কৌতুকৰ উদ্দেশ্য আছিল জাতিৰ জীৱনৰ অসঙ্গতিবোৰৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা। ইয়াৰ প্ৰকৃতিত গ্ৰাম্যতা অথবা তীক্ষ্ণতা নাই। বুদ্ধিনিষ্ঠতাও আছে বুলি ক’ব নোৱাৰি৷ তাত আছে মাথোন জীৱনৰ অসম্পূৰ্ণতা আৰু অসঙ্গতিবোৰৰ প্ৰতি বেদনা মিহলি কটাক্ষ।

 অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি অশ্ৰদ্ধা, বাতৰি কাকতৰ সঘন মৃত্যু আৰু অসমীয়াৰ উদাসীনতা, পাৰিবাৰিক সমস্যা, শাহু-বোৱাৰীৰ অহি নকুল সম্পৰ্ক, স্ত্ৰীৰ প্ৰতি স্বামীৰ অনুচিত ব্যৱহাৰ, ধৰ্ম্মধ্বজ সকলৰ ধৰ্মৰ নামত অন্যায় অধৰ্ম, সত্ৰীয়া সংস্কৃতিৰ জীৰ্ণাৱস্থা, অসমীয়াৰ কানি-পান, এলাহ, নিদ্ৰা, ইংৰাজী শিক্ষিত ডেকাৰ ৰোমাণ্টিক উপন্যাসৰ প্ৰেমৰ অনুকৰণ, ন-কৈ গঢ় লোৱা নগৰীয়া সভ্যতাৰ শূন্যগৰ্ভতা, শিক্ষাব্যৱস্থাৰ ত্ৰুটি আদি নানা অসঙ্গতি সমূহক উপহাস কৰি অসুখী জন্মভূমিক সুস্থ কৰাৰ উদাৰ কৃপাবৰী ভঙ্গী অকল প্ৰসংশনীয়ই নহয় আদৰণীয়ও। বেজবৰুৱাৰ সময়ৰ অসমীয়া সমাজখনত আমোলাতন্ত্ৰৰ মেৰপাকত পৰা অসমীয়া