পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ্তমান সমাজ সংস্কাৰৰ এটি উপায়

 সমাজখনত আজি যি ফালেই চকু দিয়া যায়, দেখা যায় তাতেই দুৰ্নীতিৰ ৰাজত্ব। বৰ্তমান সকলো শ্ৰেণীৰ লোকেই কম-বেছি পৰিমাণে দুৰ্নীতিযুক্ত। সমাজৰ গৰিষ্ঠ সংখ্যক এনে দুৰ্নীতিযুক্ত মানুহৰ লগত তেনেই লঘিষ্ঠ সংখ্যক সাধু, সৰল, সৎ-প্ৰকৃতিৰ লোক লগ লাগি বৰ্তমান আমাৰ চৰকাৰ গঠন কৰা হৈছে। বেচি সংখ্যক ভোটাৰৰ মত দানৰ প্ৰকৃতি অনুধাৱন কৰিলে এইটো বুজা যায় যে বৰ্তমান চৰকাৰো দুৰ্নীতিমুক্ত নহয়। আৰু চৰকাৰ দুৰ্নীতিমুক্ত নোহোৱাৰ ফলতেই সমাজৰ সকলো স্তৰতে নীতি-দুৰ্নীতিৰ টনা আঁজোৰাত আজি দুৰ্নীতিৰ জয়েই পৰিলক্ষিত হৈছে।

 আজন্ম তপস্যালব্ধ জ্ঞানশিৰে সমৃদ্ধ ঋষি-মুনিসকলে গভীৰ মননশীলতাৰে যি নীতিশাস্ত্ৰসমূহ ৰচনা কৰি থৈ গ’ল, সেই শাস্ত্ৰসমূহৰ নৈতিক আপ্ত বাক্যৰ প্ৰভাৱ আজি নাই। আজি অতীতৰ ভাববাদী নৈতিক আদৰ্শ বৰ্তমানৰ বস্তুবাদী নৈতিক আদৰ্শৰ হাতত নিৰ্যাতিত। খেলপথাৰত দীঘলীয়া দৌৰ প্ৰতিযোগিতাত নিৰ্দিষ্ট দূৰত্বত উপনীত হৈ জয়লাভ কৰাৰ উদ্দেশ্যে প্ৰতিযোগীসকলৰ ভিতৰত প্ৰতিযোগিতাৰ মাজতেই জ্ঞাতসাৰেই হওক বা অজ্ঞাতসাৰেই হওক ঠেলা-হেঁচা হোৱা দেখা যায়। আৰু প্ৰতিযোগীসকলৰ প্ৰতিজনে ইজনে সিজনক পিছ পেলাই যিকোনো প্ৰকাৰে লক্ষ্য স্থানত উপনীত হ’বলৈ চেষ্টা চলায়। প্ৰতিযোগীসকলৰ মূল লক্ষ্য হ’ল দূৰত্বৰ শেষ বিন্দু। দূৰত্বৰ শেষ বিন্দুলৈ ধাবমান হওঁতে সঙ্গী খেলুৱৈ কোন ক’ত কি ভাবে ৰৈ যায় তাৰ প্ৰতি প্ৰতিযোগীসকলৰ কোনেও দৃষ্টি নাৰাখে। আজিৰ সমাজতো জীৱনৰ খেল পথাৰত মানুহৰ মাজত চলিছে এক সুদীৰ্ঘ প্ৰচণ্ড দৌৰ। এই দৌৰ প্ৰতিযোগিতাত মানুহৰ মূল লক্ষ্য হ’ল বস্তুবাদী আদৰ্শমত্ত এক চূড়ান্ত বিলাসী জীৱন। এই বিলাসমত্ত খেলুৱৈসকলে কোনে কাক কি ভাবে ঠেলা- হেঁচা কৰি পিছ পেলাই অগ্ৰসৰ হৈছে তাৰ কোনো ইয়ত্বা নাই। এই ঠেলা-হেঁচাতেই সৃষ্টি হৈছে সমাজৰ যতবোৰ দুৰ্নীতি। প্ৰাচীনপন্থী ভাববাদী পণ্ডিতসকলৰ মতে উন্নতি বা প্ৰগতিৰ স্বৰূপ বৰ্তমানৰ উন্নতি বা প্ৰগতিৰ স্বৰূপতকৈ বেলেগ। সৎকৰ্ম আচৰণ কৰি সজ জীৱন যাপনৰ মাজেৰে লাভ কৰা আত্মাৰ উন্নতিকহে প্ৰাচীন পন্থী