পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুৰ বিচাৰি বাৰ বছৰ

 মানৱ জীৱনৰ একোটা উদ্দেশ্য থাকে। এই উদ্দেশ্য ব্যক্তি ভেদে বিভিন্ন সময়ত বিভিন্ন ধৰণে নিৰ্ণিত হয়। এটা সময়ত ময়ো মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি ল’লো৷ এনে এটি লক্ষ্য মই সাজিলো, যাক ঢুকি পোৱাৰ পথ হ’ল অতি কণ্টকময়, ক্ষুৰ তীক্ষ্ণ। সেই পথত ভৱিষ্যতৰ অঙ্গীকাৰ লৈ মই নামিলো। সঙ্গীত সাধনা মোৰ জীৱনৰ লক্ষ্য হ’ল। ১৯৫৮ চন। তেতিয়া নলবাৰী গৰ্ডন হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। সেই বছৰৰ ১৬ আগষ্টত মুষ্টিমেয় কেইজনমান ছাত্ৰ লৈ নলবাৰী দেৱীৰাম পাঠশালা হাইস্কুলৰ এটি কোঠাত আৰাধ্য গুৰুদেৱ চৈয়দ জমিৰুদ্দিন আহমেদে সঙ্গীত বিদ্যালয় এখন স্থাপন কৰে। নাম দিয়ে গীতশ্ৰী সঙ্গীত বিদ্যালয়। গীতশ্ৰীত মই দিন-বাৰ চাই নাম ভৰ্তি কৰিলোঁ। মই ভৰ্তি হোৱা সময়ত গীতশ্ৰীত ছাত্ৰ-ছাত্ৰী বেছি নাছিল। আমাৰ ভিতৰত ছাত্ৰীৰ সংখ্যাই আছিল বেছি। পিছে নানা কাৰণবশতঃ বন্দনা দত্ত বৰুৱাৰ বাহিৰে আটাইকেইজনীয়ে গীতশ্ৰী এৰি পেলালে। মোৰ লগত একেলগে ভৰ্তি হোৱা ছাত্ৰ কেইজনৰ ভিতৰত বৰ্তমান এজনকো সঙ্গীত চৰ্চা কৰা দেখা নাপাওঁ। আটাইবোৰ বিভিন্ন পথে আঁতৰি গ'ল।

 গীতশ্ৰীত মোৰ সঙ্গীত শিক্ষা আৰম্ভ হ'ল। গুৰুদেৱে মৰমেৰে আঙুলিত ধৰি ধৰি হাৰমনিয়াম যন্ত্ৰৰ সহায়ত স্বৰ জ্ঞানৰ আভাস দিলে। প্ৰপন্ন শিষ্য হৈ গুৰুৰ উপদেশ মতে মই সঙ্গীত শিক্ষাত মন দিলোঁ। ঘৰত মোৰ নিজা হাৰমনিয়াম নাছিল। গতিকে স্কুলত শিকোৱা মতে ঘৰত অভ্যাস কৰাত যথেষ্ট অসুবিধা হৈছিল। হাৰমনিয়াম যন্ত্ৰ এটা কিনাৰ কথা মই এদিন ঘৰত আলোচনা কৰিছিলোঁ। আমাৰ সমাজৰ অধিক সংখ্যক অভিভাৱকে গান বাজনাই ছাত্ৰ-ছাত্ৰীক বিপথগামী কৰা বুলি জ্ঞান কৰে; কিন্তু মোৰ দেউতাই গীত-মাত গোৱা লোকক শ্ৰদ্ধা কৰে। সেয়েহে বোধহয় মোৰ কথাটো তেখেতে মন দি শুনিছিল আৰু যিকোনো উপায়ে হাৰমনিয়াম এটা সংগ্ৰহ কৰাৰ চেষ্টা চলোৱা হৈছিল। আজিও মোৰ স্পষ্ট মনত পৰে, হাৰমনিয়ামৰ অভাৱত এদিন এখন কাগজত শ্ৰদ্ধাৰে হাৰমনিয়ামৰ ছবি এটি আঁকি লৈ তাৰ ওপৰতে যথাস্থানত আঙুলি বুলাই ঘৰতে হামনিয়াম বজোৱাৰ চেষ্টা কৰিছিলোঁ। বজোৱাত হোৱা নোহোৱাটো বুজিবলৈ এদিন গুৰুদেৱক ছবিৰ