পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
সুৰ বিচাৰি বাৰ বছৰ

প্রতিজ্ঞাৰে বিশ্ববিদ্যালয় আদিত সাহিত্য, বিজ্ঞান আদিৰ দৰে সঙ্গীতাদিৰো শ্রেণী খুলি বৈজ্ঞানিক পদ্ধতিত শিক্ষাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় মহলক আমি বুজাই দিয়া উচিত। নাচ, কণ্ঠ, সঙ্গীত, বাজনা আদি বেলেগ বেলেগ বিষয়ৰ সুন্দৰ কলাই স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যেতিয়া পবিত্রভাবে সােমাই পৰিব, অসমীয়া সংস্কৃতিৰ বিষময় ৰূপবােৰো লাহে লাহে আঁতৰি যাব। এখন উন্নত কলামােদী সমাজো ঠন ধৰি উঠিব।

 

নতুন অসমীয়া, ৬ ফেব্ৰুৱাৰী, ১৯৬৬ চনত প্রকাশিত।