পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
সুৰ বিচাৰি বাৰ বছৰ

হাস্যৰসৰ মূল। হবচৰ মতে আনৰ প্ৰতি অৱজ্ঞা বা তুচ্ছ তাচ্ছিল্যৰ ভাব দেখুওৱাটো আৰু আনক আঘাট কৰাটো মানুহৰ স্বাভাৱিক প্রবৃত্তি। এয়েই হাস্যৰসৰ মূল। আত্মতৃপ্তি, আত্মপ্রসাদ আৰু আনৰ প্রতি ঈর্ষা ভাব মানুহৰ সহজাত প্রবৃত্তি। গতিকে অন্য লােকক জব্দ হােৱা দেখিলে বা সঙ্কটপূর্ণ পৰিস্থিতিত পৰা দেখিলে অনেকে হাঁহি সম্বৰণ কৰিব নােৱাৰে।

 আলঙ্কৰিক সকলে ইয়াক শূদ্ৰ ৰস বুলি অপাংক্তেয় কৰি থৈছে। কিন্তু বেদ উপনিষদৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ কাব্য, নাটকলৈকে ভাৰতীয় সাহিত্যত হাস্যৰসৰ ধাৰা প্রবাহিত হৈ আহিছে আৰু নৱ ৰসৰ শাৰীত ঠাই পায়াে আহিছে। অসমৰ পুৰণি সাহিত্যত হাস্যৰসৰ অভাৱ নাই। শঙ্কৰ-মাধৱৰ সাহিত্যত অনাবিল হাঁহিৰ ধাৰ। বনগীত, বিয়ানাম, বহুৱালি এইবােৰতাে অপৰ্য্যাপ্ত হাঁহিৰ ৰহঘৰা। বেজবৰুৱা এইবােৰৰ উত্তৰাধিকাৰী। বেজবৰুৱাৰ মত হৈছে সকলাে বয়সতে, সকলাে ঋতুতে, সকলাে স্থানতে হাঁহিব লাগে। আন কি, হাইস্কুলবােৰতাে হাঁহিৰ ক্লাছ খুলিবলৈ দৰ্খাস্ত দিবলৈ তেওঁ উপদেশ দিছে। “বেজবৰুৱাই এই বিষয়ে ইমান strongly feel কৰিছে যে তেওঁ ইমান দূৰলৈকে প্রস্তাৱ কৰিব খুজিছে যে যি ছাত্র- ছাত্রীৰ পেট কামােৰে, তাকো যেন বলেৰে হাঁহিবলৈ বাধ্য কৰা হয়।” বৰবৰুৱাই* আকৌ কৈছে কান্দোন-সুৰীয়া ভাৰতীয় গান পৰিহাৰ কৰি ইংৰাজী সুৰৰ গান (যেনে বৰবৰুৱা ৰচিত) গাব লাগে। শতকৰা নিৰান্নবৈটাত বিননি থকা ৰবীন্দ্র সঙ্গীত, অঙ্কীয়া ভাওঁনাৰ বিলাপবােৰ বৰ্জন কৰিব লাগে। তেওঁ আকৌ কৈছে— "ডেকা অসমে যদি কিতাপ পঢ়িব খুজিছে, আজি কালিৰ সেই কুকুৰ-কন্দলি নভেলবােৰ নপঢ়ি গ্রীক এৰিষ্টফেনিছ পঢ়ক, জেৰম্ কে জেৰম্‌ পঢ়ক, 'পঞ্চ’ পঢ়ক, বঙলা দ্বিজু ৰায়ৰ 'হাঁসিৰ গান’ পঢ়ক বা গাওক, আৰু ঘাইকৈ কৃপাবৰ বৰবৰুৱাৰ ‘টোপােলা’, ‘ওভতনি’, ‘বুৰবুৰণি’ পঢ়ক, সভাত নিং নি ভাওৰীয়াৰ বৰ্ণনা শুনক, আৰু নিজৰ জীৱনত হাঁহিৰ ৰােল তােলক, কল্লোল কৰক। শেষত কওঁ ডেকা অসম, যদি তুমি বৰবৰুৱাৰ কথা নুশুনা, তেন্তে তুমি য’তে মৰাগৈ মৰা, বৰবৰুৱাৰ গাত দোষ নাই। বৰবৰুৱাই কিন্তু অকলে হাঁহি তেওঁৰ বাকী ডােখৰ কটাব।” এয়ে বেজবৰুৱাৰ স্পষ্ট দৃষ্টিভঙ্গী।

 অৱশ্যে বেজবৰুৱাই দুখক অঙ্গীকাৰ কৰা নাই। কিন্তু কান্দি কান্দি পৃথিৱীখন দুখৰ বােজাৰে পূৰ্ণ কৰাৰ পক্ষপাতি তেওঁ নাছিল।


*কৃপাবৰ বৰুবৰুৱা বেজবৰুৱাৰ ছদ্মনাম ৷