পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
সুৰ বিচাৰি বাৰ বছৰ

আক্ৰমণৰ পৰা দেশৰক্ষা কৰিবলৈ তেখেতে উদাত্ত আহ্বান দিছে। এই শত্ৰু কোন, তাৰ সুস্পষ্ট ব্যাখ্যা নাই। মাজে সময়ে ধাৰণা হয় প্ৰতাৰণাকাৰী দেশনেতা, স্বাৰ্থপৰ বুদ্ধিজীৱী, শোষক আদিয়েই শত্ৰু। মাজে মাজে আকৌ ভাব হয় বহিৰাগতকে শত্ৰু বুলি অভিহিত কৰা হৈছে। অৱশ্যে বুদ্ধ, গান্ধী আদিৰ উল্লেখে প্ৰমাণ কৰে গীতিকাৰ সংকীৰ্ণমনা বিচ্ছিন্নতাবাদী নহয়।

 সি যি কি নহওঁক, গীতিকাৰে যে দেশৰ সৰ্বসাধাৰণ ৰাইজকে দেশ বুলি বুজিছে, সি সন্তোষৰ কথা। দেশৰ মানুহৰ প্ৰগতি অবিহনে দেশৰ প্ৰগতি অসম্ভৱ আৰু সেই দায়িত্ব প্ৰধানকৈ ৰাইজে নিজেই কান্ধ পাতি ল’ব লাগিব। আৰু এক আকৰ্ষণীয় বৈশিষ্ট্য এয়ে যে এই শ্ৰমজীৱী জনতাৰ মাজত অনৈক্য আৰু ভেদাভেদ নিৰ্মূল কৰিবলৈকো গীতিকাৰে সঁকিয়নি দিছে। অৱশ্যে ভেদাভেদৰ কাৰণ সম্পৰ্কে গীতিকাৰ সিমান সচেতন নহয়। জনজাতীয় সকল কেৱল বাহিৰৰ উচটনিতে অ- জনজাতীয়ৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে বুলিলে কথাটো বেছি সৰলীকৰণ কৰা হ’ব।

 কিন্তু সমাজৰ শত্ৰু যে মুখা পিন্ধি থাকে, মানুহে সহজে চিনিব নোৱাৰে, গীতিকাৰৰ সেই সাৱধানবাণী সময়োপযোগী :

অগণি জ্বলাই শান্তিভূমিত
 দূৰণিত সৌৱা কোন?
দহন জাৰণ যন্ত্ৰণা চাই।
 মিচিকি হাঁহিছে চোন।

 তদুপৰি গীতিকাৰৰ মন নিঃসন্দেহে প্ৰগতিবাদী। তেওঁ অতীতৰ মোহত আচ্ছন্ন হৈ থকা নাই?

সাধুকথাৰ ইন্দ্ৰজালত
 প্ৰগতি ৰুদ্ধ হ’ল
ৰুদ্ধ কোঠাৰ অন্ধকাৰত
 বিকাশ বন্ধ হ’ল।

 শ্ৰীযুত বৈশ্যৰ গীতে বিকাশৰ বাট মুকলি কৰাত সহায় কৰক, ইয়াকে কামনা কৰিলোঁ।


গুৱাহাটী বিশ্ববিদ্যালয়
১০।১১।৯০
ড° হীৰেন গোহাঁই