পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ সাহিত্য-সংস্কৃতিৰ বৰ্তমান অৱস্থা


 অসমীয়া ভাষা সাহিত্যক এটা সময়ত বিজাতিয়ে গিলি থব খুজিছিল। উনৈছশ শতিকাৰ তেতিয়া শেষ ভাগ। বাহিৰততো কথাই নাই; আনকি নিজৰ ঘৰতে অসমীয়াই অসমীয়া ভাষা ক’বলৈ ভয় কৰিছিল। বিজাতিৰ প্ৰভাৱত আমাৰ চিৰ চেনেহী মাতৃ ভাষা সজাত আৱদ্ধ পখীৰ দৰে আছিল। ভয়তে ঘৰে বাহিৰে বঙালী, ইংৰাজী ভাষাত কথা পাতি অনিচ্ছাতে ইচ্ছা কৰি অসমীয়া লোকে বিলাতী ভেম দেখুৱাব লগা হৈছিল। ঠিক এনে সময়তে কেইজন মান অসমীয়াই মৃত্যুমুখী মাতৃ-ভাষাক উদ্ধাৰ কৰাৰ সপোন দেখিলে। বঙলাৰ মজিয়াত বাস কৰা অসমীয়া ছাত্ৰ গঙ্গা গোবিন্দ ফুকন, দেৱীচৰণ বৰুৱা, শিৱৰাম শৰ্মা বৰদলৈ, কমল চন্দ্ৰ শৰ্মা, ৰমাকান্ত বৰকাকতি, লক্ষ্মীনাথ বেজবৰুৱা আদি কেইজনমানে লগ লাগি অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভা পাতি জোনাকী, বিজুলী আদি কাকত উলিয়াই তাৰ মাজেৰে অসমীয়া ভাষা সাহিত্যৰ বিজয় ডঙ্কা বজালে। কাকতবোৰত দৰ্শন, বিজ্ঞান, বুৰঞ্জী ভাষা তত্ত্বৰ তীব্ৰ আলোচনা চলিল। অসমৰ ঠায়ে ঠায়ে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ নতুন বতাহ বলিল। সেই বতাহৰ প্ৰচণ্ড কোবত আমাৰ মাতৃ-ভাষাৰ হাতৰ শিকলি যেন সুলকি পৰিল। বিদেশী ভাষা পলাই সাৰিল। যি দুই চাৰিটা শব্দ সোমাই থাকিল তাকো চালি-জাৰি, খুন্দি-পিহি সেই সকলে অসমীয়া সাঁচত তুলি ল'লে। অসমীয়া ভাষা সাহিত্যৰ নিজত্ব অক্ষুন্ন ৰখাত এই সকলৰ দান আজি কোনোৱে পাহৰিব নোৱাৰে। কিন্তু আজি আমাৰ সাহিত্য জগতত আকৌ এটি ভীষণ সমস্যাই দেখা দিছে। বৰ্ত্তমানৰ সাহিত্যত কোনো গভীৰতা দেখা নেযায়। সাহিত্যৰ বুকুত আজি নানা প্ৰভাৱ পৰিছে। পাঠক সকলৰ মাজতো এক পাতল ৰুচিবোধ সৃষ্টি হৈছে। বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ ভাষাৰে ক'বলৈ হ'লে অঃ ভাঃ উঃ সাঃ সভাই নৱ অভ্যুত্থানৰ যিটো যুগ সৃষ্টি কৰিলে তেনেকুৱা এটা যুগৰ আগন্তুকে আকৌ দেখা দিছেহি। চুচুক-চামাককৈ আমাৰ সাহিত্যৰ মজিয়াত জাৱৰ- জোথৰ সোমালেহিয়েই। সেইবোৰ সাৰি গুচাই নেপেলালে আমাৰ ভাষা যে ঠিহিৰা লাগিব ই নহয়, জাতীয় গৌৰৱৰো চিন চাব নথকা হ'বগৈ পাৰে। গতিকে অঃ ভাঃ উঃ সাঃ সভাৰ সাৰথি সকলৰ পদাঙ্ক অনুসৰণ নকৰিলে আমাৰ গত্যন্তৰ নাই।