পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সুৰ বিচাৰি বাৰ বছৰ


কলিতা, বন্দনা দত্তবৰুৱা আৰু মই একানপতীয়া ভাৱে পবিত্ৰ অন্তৰেৰে শাস্ত্ৰীয় সঙ্গীতত মনোনিবেশ কৰিলে। এই সময়ৰ ভিতৰতে আমাৰ মাজলৈ আৰু দুজন বলীষ্ঠ সঙ্গীতপ্ৰেমী ছাত্ৰ বন্ধু আহিল। এজন হৰেন দত্ত; তেওঁ তবলা বিভাগৰ ছাত্ৰ হ’ল আৰু আনজন শ্ৰীমুজিবুদ্দিন আহমেদ; তেওঁ কণ্ঠ সঙ্গীতত মন দিলে।

 নলবাৰী চহৰ আৰু ইয়াৰ ওচৰৰ গাৱে-ভূঞেও গীতশ্ৰীৰ বতাহ লাগিল। স্কুল-কলেজৰ অনুষ্ঠান আদিত আমি জনাই-নজনাই গুৰুৰ আদেশত শাস্ত্ৰীয় সঙ্গীতৰ দুই এটি ৰাগ তেনেই সাধাৰণ ভাৱে পৰিবেশন কৰিবলৈ ধৰিলোঁ। নলবাৰীৰ বিভিন্ন অনুষ্ঠানে আমাক চেনেহেৰে আমন্ত্ৰণ কৰি উৎসাহিত কৰিলে।

 সঙ্গীতৰ পুথিগত জ্ঞান আৰু ব্যৱহাৰিক জ্ঞান দুটা বেলেগ বস্তু। পুথিগত জ্ঞান কিবা উপায়েৰে ল'ব পাৰিলেও ব্যৱহাৰিক জ্ঞান কিন্তু বিনাগুৰুই পোৱা অসম্ভৱ। এই ব্যৱহাৰিক জ্ঞানৰ উপলব্ধি আৰু শিক্ষাৰ কাৰণে গুৰুৰ গায়ন কৌশল, পদ্ধতি আদি মনপুতি শুনাৰ আৱশ্যক। বিখ্যাত বিখ্যাত গুণী শিল্পীসকলৰ গীত- মাত আদি শুনিলেও সঙ্গীতৰ শিক্ষা লাভ হয়। সেয়েহে যোৱা বাৰ বছৰৰ ভিতৰত আমাৰ বিভিন্ন ঠাইত যি কেইখন সদৌ অসম সঙ্গীত সন্মিলন আৰু সঙ্গীত নাটক একাডেমীৰ অধিবেশন অনুষ্ঠিত হৈছিল তাত আমি আটায়ে উপস্থিত আছিলোঁ। এইবোৰ অনুষ্ঠানতে ভাৰত বিখ্যাত নৃত্যশিল্পী গোপীকৃষ্ণ, তবলা শিল্পী মুন্নেখাঁ, পণ্ডিত চতুৰলাল, ওস্তাদ আল্লাৰেখা খাঁ, ওস্তাদ কেৰামতউল্লা খাঁ, নিখিল ঘোষ, মহাপুৰুষ মিশ্ৰ, কানাইলাল দত্ত, ভাৰত তথা পৃথিৱীবিখ্যাত সৰোদ শিল্পী ওস্তাদ আলি আকবৰ খাঁ, বাহাদুৰ খাঁ, পৃথিৱী বিখ্যাত চেতাৰ শিল্পী পণ্ডিত ৰবিশঙ্কৰ, নিখিল বন্দ্যোপাধ্যায়, বিখ্যাত কণ্ঠশিল্পী চিন্ময় লাহিড়ী, এ.টি. কানন, মালবিকা কানন, সন্ধ্যা মুখাৰ্জী, প্ৰসূন বন্দোপাধ্যায়, দীলিপ চক্ৰৱৰ্তী, ভাৰত বিখ্যাত বেহেলা শিল্পী ভি. জি. যোগ, শিশিৰকণাধৰ চৌধুৰী আদি কলাকাৰসকলৰ সঙ্গীত শুনাৰ সৌভাগ্য ঘটে। সেই মহান শিল্পীসকলৰ সাধনাত ৰূপ লৈ উঠা সঙ্গীতৰ মধুৰতা তথা বিশালতা দেখি তন্ময় হওঁ। কঠোৰ সাধনাৰ চূড়ান্ত সীমনা দেখি তবধ মানো। শিল্পীৰ সাধনাত মূৰ দোৱাওঁ।

 প্ৰতি বছৰে অনুষ্ঠিত হোৱা সৰস্বতী পূজাখন গীতশ্ৰীৰ অপৰিহাৰ্য অনুষ্ঠান। এই অনুষ্ঠানতে বছৰে বছৰে আমি সকলো ন পুৰণি ছাত্ৰ-ছাত্ৰী লগ লাগো। মনৰ মিল সজীৱ কৰো। দিনত পূজা ভাগ শেষ কৰি ৰাতি সঙ্গীতানুষ্ঠান পাতো। সঙ্গীত অনুষ্ঠানত যোগ দিবলৈ অসম তথা অসমৰ বাহিৰৰ বিখ্যাত শিল্পীসকল মাতি অনা হয়। শিল্পীসকলে সুৰ সৃষ্টি কৰে, আমি শুনো। তেখেতসকলৰ সঙ্গীত শুনি আমিও