পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শাস্ত্ৰীয় সংগীত আৰু অসম


বহুৱালী দেখুৱাব খোজে। সূক্ষ্ম দ্ৰষ্টা বা শ্ৰোতা আদি নোহোৱা বাবে অথবা দুই- চাৰি থাকিলেও জনপ্ৰিয়তা হেৰুৱাৰ ভয়ত মাত নমতা বাবে আজি এনেবোৰ ভুলে দকৈ শিপা পুতি বহি গৈছে। অৱশ্যে সুখৰ কথা, ভাৰতীয় সংগীতৰ ওপৰত দীৰ্ঘ দিন সাধনা কৰি এক পূৰঠ অভিজ্ঞতা লৈ সংগীত বিশাৰদ শ্ৰীবীৰেন্দ্ৰ কুমাৰ ফুকনে শ্ৰীপুৰুষোত্তম দাসৰ সহযোগত অসম সংগীত নাটক একাডেমীৰ উৎসাহ আৰু উদ্যোগত বৰগীতৰ পুৰণি সুৰবোৰ শাস্ত্ৰীয় সংগীতৰ ভিত্তিত গৱেষণা কৰি ‘স্বৰৰেখাত বৰগীত’ নামৰ পুথিখন লিখি উলিয়াইছে। এই প্ৰচেষ্টাই শংকৰদেৱৰ বৰগীতৰ মৰ্যাদা অক্ষুন্ন ৰখাত সহায় কৰিছে।

 মুছলমান ৰাজত্বৰ অৱসান ঘটাৰ লগে লগে ব্ৰিটিছসকলে ভাৰতত খোপনি পুতিলেহি। ৰজাঘৰৰ মৰম আবদাৰত বলিষ্ঠ হৈ থকা ভাৰতীয় সংগীত কলাকাৰ সকল লাহে লাহে ব্ৰিটিছসকলৰ দিনত অনাদৃত হ'বলৈ ধৰিলে। ধীৰে ধীৰে ভাৰতীয় সংগীতৰ বোৱতী সুঁতিটি অভাৰতীয় পশ্চিমীয়া সংগীত আদিয়ে ভেটি ধৰিলে। ভাৰতীয় সংগীতৰ প্ৰচণ্ড স্ৰোত যেন থমকি ৰ’ল। অসমতো লাহে লাহে ইংৰাজ সকল সোমাই পৰিল। ইংৰাজৰ লগে লগে সোমাই পৰিল অনা-অসমীয়াসকল। বিজাতিৰ প্ৰভাৱত অসমীয়া গীত-মাতৰ পুৰণি ৰূপটোও হৈ পৰিল বিজাতীয়। এনেদৰে বিজতৰীয়া কলা কৃষ্টিয়ে স্বদেশীয় কলা-কৃষ্টিক ৰঘুমলাৰ দৰে ছানি ধৰিলেহি।

 ভাৰত স্বাধীন হ’ল। শিল্পী মনৰ সুস্থ প্ৰকাশে আকৌ বাট বিচাৰি পালে। ভাৰতীয় সংগীতৰ স্তিমিত সুঁতিটি আকৌ মুক্তভাৱে প্ৰবাহিত হ’ল। সংগীতৰ পীঠস্থান সমূহ আকৌ জীৱন্ত হৈ উঠিল। ভাৰতত শিক্ষা-দীক্ষা, সাহিত্য-সংগীত আদি প্ৰচাৰৰ নানা ব্যৱস্থা চলিল। ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে এই সময়ছোৱাত ‘বহুজন হিতায়, বহুজন সুখায়’ নীতিৰ ওপৰত ভিত্তি কৰি অনাতাঁৰ কেন্দ্ৰসমূহ প্ৰতিষ্ঠিত হ’ল। আমাৰ অসমতো ১৯৪৮ চনত গুৱাহাটী নগৰীত অনাতাঁৰ কেন্দ্ৰ এটি স্থাপিত হ’ল। ভাৰতীয় সংগীতৰ ওস্তাদসকলৰ আজন্ম তপস্যালব্ধ গীতবোৰ অসমীয়া শিল্পীসকলে শুনিবলৈ ধৰিলে। শাস্ত্ৰীয় সংগীতৰ মধুৰতা আৰু চমকপ্ৰদ পদ্ধতিয়ে অসমীয়া শিল্পীৰ মন জয় কৰিলে। সেয়েহে অনাতাঁৰ কেন্দ্ৰ খোলাৰ প্ৰথম উদ্যমতে কেইবাজনো অসমীয়া শিল্পীয়ে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয় আদিলৈ গৈ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰিলে। মুষ্টিমেয় কেইজনমান অসমীয়া শিল্পীয়ে আজিও সমাজৰ অৱহেলা, অনাদৰক নেওচা দি ভাৰতৰ বিভিন্ন প্ৰান্তত থকা মহান

কলাকাৰসকলৰ আৰ্হি লৈ নিষ্ঠাৰে শাস্ত্ৰীয় সংগীত চৰ্চা কৰি আছে।