পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
বৰ্তমান শিক্ষা জগত

নোহোৱা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষকৰ প্ৰতি প্ৰকৃত অনুৰাগ জন্মিব বুলি আশা কৰিব নোৱাৰি। শিক্ষকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ প্ৰবল অনুৰাগ নাথাকিলে শিক্ষকৰ কোনো শিক্ষাদানেই সাৰ্থক হৈ উঠিব নোৱাৰে।

 বিশ্লেষণ কৰি দেখা গ’ল যে বৰ্তমান শিক্ষা জগতৰ মূল উপাদানসমূহ সম্পূৰ্ণ দোষমুক্ত নহয়। দোষমুক্ত হলেও এই আটাই কেইবিধ উপাদানেই পৰস্পৰে পৰস্পৰৰ দোষত্ৰুটিবোৰ বুজিবৰ চেষ্টা কৰি গঠনমুখী মনোভাবেৰে দোষ-ত্ৰুটিবোৰ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি লৈ আগুৱাই আহিলে দেশত পূৰ্ণাংগ শিক্ষাই ৰূপ লৈ উঠিব। আদৰ্শপূৰ্ণ সুস্থ শিক্ষাবস্তু সম্বলিত পাঠ্যক্ৰম বিশেষজ্ঞ সকলৰ দ্বাৰা প্ৰস্তুত কৰাই তাৰ শুদ্ধ ৰূপায়নৰ বাবে শিক্ষাবিভাগে চেষ্টা চলাব লাগিব। এই পাঠদানৰ নিমিত্তে যোগ্যজনক যোগ্য স্থানত নিয়োগৰ ব্যৱস্থা নিস্বাৰ্থভাৱে কৰ্তৃপক্ষই হাতত ল’ব লাগিব। যোগ্যজনক উচিত ৰূপে চিনি উলিওৱা মেধামান পৰীক্ষানীতিৰ দোষ- ত্ৰুটি নিৰ্মূল কৰাত কৰ্তৃপক্ষই সবাতোকৈ অধিক গুৰুত্ব নিদিলে সকলো প্ৰচেষ্টাই অথলে যাব। শিক্ষকসকলক চৰকাৰে আৰ্থিক দিশত উন্নত স্তৰলৈ নিয়াৰ চেষ্টা অচিৰেই নকৰিলে দেশৰ ভৱিষ্যত সকলৰ সৌভাগ্য সোনকালে নাহিব। শিক্ষকে প্ৰাপ্য মৰ্যদাৰে উন্নতমান বিশিষ্ট জীৱন-যাপন কৰা দেখিলে শিক্ষকৰ প্ৰতি থকা সমাজৰ বৰ্তমান ভাবৰ পৰিবৰ্তন হ’ব। সমাজত শিক্ষকৰ নতুন মূল্যবোধ সৃষ্টি হ’ব। শিক্ষকৰ সামাজিক মূল্য বৃদ্ধি হোৱাৰ লগে লগে শিক্ষকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনুৰাগ বাঢ়িব। ফলত শিক্ষকৰ সকলো উপদেশ আৰু শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মনত জীপ লৈ উঠিব। এনেদৰে লাহে লাহে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত পৱিত্ৰ সম্বন্ধ গঢ়ি উঠিব। এই সম্বন্ধৰ বান্ধোন যাতে কটকটীয়া হয় তাৰ বাবে অভিভাৱকসকলেও ইন্ধন যোগাব লাগিব। শিক্ষকসকলৰ লগত অভিভাৱকসকলে যোগাযোগ ৰখাটো অপৰিহাৰ্য কৰ্তব্য বুলি ভাবিব লাগিব। এনেদৰে চৰকাৰ, শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ শুভ-সংযোগ ঘটিলে দেশে বিচৰামতে ফলপ্ৰসূ শিক্ষাই যে ঠন ধৰি উঠিব ই আৱশ্যম্ভাৱী।□


গুৱাহাটী জিলা সাহায্যপ্ৰাপ্ত হাইস্কুল শিক্ষক সন্থাৰ বছৰেকীয়া আলোচনী, ১ম বছৰ, ২য় সংখ্যা, ১৯৭৩ চন। (সম্পাদক- শ্ৰীসুৰেন্দ্ৰ মোহন ঠাকুৰীয়া)