পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
ভাৰতীয় সঙ্গীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা

অর্থাৎ যিয়ে বীণা বাদনৰ প্ৰকৃত তত্ব বুজে, শ্রুতি আৰু জাতিৰ বিষয়ে যাৰ জ্ঞান হয়, যাৰ তালৰ জ্ঞান হৈছে তেওঁ অপ্রায়াসে মুক্তি মাৰ্গত উঠিব পাৰে। এনেহেন সৰগীয় সঙ্গীত কলাক আমি সকলােৱে শ্ৰদ্ধাসহ সমাদৰ কৰা উচিত। অজ্ঞ জনসাধাৰণক বুজাই-বঢ়াই সঙ্গীতমােদী কৰাৰ ভাৰো আমাৰ শিল্পীসকলেই ল'ব লাগিব। সুন্দৰ সংস্কৃতিৰ নীতি সাপেক্ষ সৃষ্টি আৰু বর্তমান সমাজৰ এৰাব নােৱাৰা প্রয়ােজনীয়তাৰ মাজত সমন্বয় স্থাপন কৰি, নিজা জাতীয়তাৰ প্রতি লক্ষ্য ৰাখি যদি আজিৰ শিল্পীসকলে কলা সৃষ্টি কৰি যায়, আমাৰ স্বকীয়তা নিশ্চয় অক্ষুণ্ণ ৰ’ব।


বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য্য সম্পাদিত ‘নৱযুগ'ত প্রকাশিত, ৫ জানুৱাৰী ১৯৬৬ চন।