পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
চমুকৈ অতুল চন্দ্ৰ হাজৰিকা

লেখক সকলৰ দৰে হাজৰিকাকো এজন ভাল গদ্য লিখক বুলি ক’ব পাৰি। সময়ৰ লগত খাপখুৱাই সাহিত্য সৃষ্টি কৰাটো তেওঁৰ এটা বৈশিষ্ট্য আছিল। তেওঁ আছিল আজীৱন সাহিত্যিক। মৰাৰ সময়লৈকে সাহিত্য সৃষ্টি কৰি তেওঁ এক অভিলেখ সৃষ্টি কৰি গৈছে। তেওঁ আছিল সুৱাগী, সদালাপী, সৎপুৰুষ। তেওঁৰ ওচৰলৈ গ’লে সৰু বৰ সকলাে সাহিত্যিকে সমাদৰ পাইছিল। আলােচনী আদিত প্ৰকাশৰ বাবে কবিতা আদি বিচাৰি তেওঁৰ ওচৰলৈ গ’লে, কাকো কেতিয়াও তেওঁ নিৰাশা নকৰিছিল। সেয়েহে বােধহয় অসমীয়া আলােচনীৰ পাতে পাতে হেজাৰৰাে অধিক কবিতা তেওঁৰ জিলিকি আছে।

 তেওঁৰ সান্নিধ্যলৈ আহি বহু নবীন সাহিত্যিকে উৎসাহিত হৈ সাহিত্য চৰ্চ্চাৰ প্রেৰণা লভিছিল। (এইখিনিতে মােৰ ১৯৮০ চনত প্রকাশিত “মিলন’’ কাব্যৰ প্রসঙ্গ উল্লেখ কৰিব লাগিব; সূৰ্য্য বৈশ্যৰ সুন্দৰৰ দিক্ দৰ্শনৰ কথাও উল্লেখ কৰিব লাগিব।)

 হাজৰিকা আজি আমাৰ মাজত নাই। কিন্তু এইগৰাকী উদাৰমনা, পবিত্র অন্তৰৰ সাহিত্যিকৰ মহান আদর্শ আমাৰ মাজত উজ্জ্বল হৈ আছে। আৰু এই আদর্শ চিৰদিন জীয়াই থাকক—তাৰেই কামনা কৰি মােৰ বক্তৃতাৰ সামৰণি মাৰিলাে।


এই প্ৰৱন্ধটো ২৯-১২-১৯৮৬ তাৰিখে লিখি থৈ গৈছিল।