পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সুৰ বিচাৰি বাৰ বছৰ

তেওঁৰ নামেৰে এটা গৃহ নিৰ্মাণ কৰি তাৰ মজিয়াত তেওঁৰ সাধনাৰ গীতশ্ৰীক জীয়াই ৰাখিব পাৰিলেহে তেওঁৰ আত্মাই শান্তি পাব। এইখিনিহেহ’ব তেওঁৰ প্ৰতি আমাৰ ঘাই কৃতজ্ঞতা। এইখিনিহে হ’ব মহান শিল্পীগৰাকীৰ ঘাই সোঁৱৰণী।

 ৰজাঘৰে অমৰ শিল্পীগৰাকীক আৰ্থিক অনুদানেৰে জীৱন কালত স্বীকৃতি দিছে। ই অতি সুখদায়ক। এতিয়াও মৰণোত্তৰ কালত ৰজাঘৰ আৰু গুণগ্ৰাহী ৰাইজৰ মিলিত চেষ্টাত জমিৰুদ্দিন ছাৰৰ ঘাই সোঁৱৰণীৰূপ লৈ উঠক—এয়েই কামনা।


ৰচনা কালঃ ২৪-০২-১৯৯০