পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সুৰ বিচাৰি বাৰ বছৰ

এটি পৰিৱেশ লাহে লাহে হয়তাে ঠন ধৰি উঠিব। পুথি অধ্যয়নৰ অভ্যাস আদি গঢ়ি উঠাৰ লগে লগে সাহিত্য-উপদেষ্টাসকলৰ আলােচনা, উপদেশ আৰু প্ৰভাৱ আদিৰ ফলত লাহে লাহে সর্বসাধাৰণ পাঠকৰ সাহিত্যৰ ৰুচিবােধ উন্নত হৈ আহিব। উন্নত ৰুচিৰ পাঠক সমাজৰ মাজত প্রচলিত আলােচনী, পুথি আদিও লাহে লাহে উন্নত ৰুচিৰ লেখাৰে সমৃদ্ধ হৈ আহিব। সুৰুচিপূর্ণ সাহিত্যৰাজি এনেদৰে লাহে লাহে। সমাজৰ বাহিৰে ভিতৰে পৰিয়ালে পৰিয়ালে সােমাই পৰিব। সমাজত যেতিয়া এনেদৰে ক্ৰমান্বয়ে সুসাহিত্য-প্রীতি বাঢ়ি আহিব, পাঠক সংখ্যা বাঢ়ি আহিব; আপােনা- আপুনি বজাৰত উন্নত ৰুচিৰ ভাল কিতাপৰ বেচা-কিনা বৃদ্ধি হৈ আহিব। বেচা- কিনা বৃদ্ধি হােৱাৰ লগে লগে প্রকাশকসকলৰ মন ফৰকাল হ'ব। প্রকাশকসকলে তেতিয়া প্রবীণ লেখকৰতাে কথাই নাই, নবীন লেখকৰ উপযুক্ত গ্রন্থ আদি প্রকাশ কৰিবলৈ পিছ নুহহিকিব। শিশু, চেমনীয়া, ডেকা-গাভৰুৱে ঘৰে বাহিৰে, স্কুলে- কলেজে সমাজৰ সকলাে স্তৰতে কতাে উজুটি নােখােৱাকৈ এইদৰে যেতিয়া সাহিত্য অধ্যয়ন, চৰ্চাত আত্মনিয়ােগ কৰিবলৈ সূচল পাব তেতিয়া অসমীয়া সাহিত্য জগৎ যে জেষ্ঠ্য, প্রবীণ, গুণী সাহিত্যিকসকলৰ সাহিত্যৰাজিৰ উপৰিও ভিন্ ভিন্ প্রতিভাৰ নতুন নতুন কৃতি সাহিত্যিকৰ নতুন নতুন সাহিত্য সম্ভাৰেৰেও সমুজ্জ্বল হৈ উঠিব ই ধুৰূপ।





প্রয়াত উমেশ বৈশ্যৰ তত্ত্বাৱধানত প্রকাশিত দুমহীয়া আলােচনী ’সুৱাগী’, ১ম বছৰ, ১ম সংখ্যা, ১৯৮০ চন।