পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সুৰ বিচাৰি বাৰ বছৰ

চকুৰ আগত ভাহি উঠে। “অস্ত আকাশৰে হেঙুল ৰহণ সানি” গীতটি শুনিলে অস্ত আকাশৰ হেঙুল ৰহণ সানি ক্লান্ত লুইতৰ হেঙুলীয়া পানী বৈ যােৱা দৃশ্যটি লুইতৰ পাৰত বহি চাই থকা যেন লাগে। “জনকপুৰৰ জানেকীয়ে মিচিক মাচাক হাঁহে” গীতটি শুনিলে ৰতনপুৰ চাহবাগিচাখন চকুৰ আগত জিলিকি উঠে।এইদৰে হাজৰিকাৰ প্রতিটো গীতৰেই স্পষ্ট ভাৱমূৰ্তিৰ ৰূপায়ন অতি মনােমুগ্ধকৰ। সুৰেৰে এই ভাৱমূৰ্তিৰ ৰূপদান কৰিবলৈ যাওঁতে কোনাে কোনাে সময়ত তেওঁৰ গীতে মুক্তক তালত গতি কৰে। কেতিয়াবা আকৌ তালৰ নিৰ্দিষ্ট বন্ধনৰ মাজতাে সুন্দৰ সুৰ সৃষ্টিৰে তেওঁ শ্রোতাক অভিভূত কৰে।

 উচ্চাঙ্গ সঙ্গীতৰ একোটা ৰাগৰ পূৰ্ণ ৰূপায়নৰ বাবে শিল্পীয়ে যথেষ্ট সময় লয়। দীঘলীয়া সময়ৰ ভিতৰত শিল্পীয়ে ৰাগৰ পূৰ্ণ ৰূপ দিয়াত বহুখিনি সুবিধা পায়। কিন্তু তেনেই কম সময়ৰ ভিতৰত আকস্মিক ভাৱে লঘু সঙ্গীতৰ মাজেদি ভাৱমূর্তি ৰূপায়ন কাৰ্য্য সহজসাধ্য নহয়। কলাময়ী ভাবৰ লগত শিল্পী একীভূত হ'লেহে ক্ষণিকৰ ভিতৰত সার্থক লঘুসঙ্গীত সৃষ্টি সম্ভৱ হয়। ভূপেন হাজৰিকা ক্ষণিক ভিতৰতে ভাবৰ বুকুত সমাহিত হ’ব পৰা এক প্রতিভাধৰ শিল্পী। হাজৰিকাৰ দৰে কলাৰ বুকুত নিজকে এৰি দি সুৰত প্রাণ ঢালি ঢালি গীত গােৱা শিল্পীৰ সংখ্যা বিৰল বুলি কলেও বেচি কোৱা নহয়।

 ভূপেন হাজৰিকাৰ গীতৰ আন এটি আকর্ষণীয় দিশ হ’ল আবৃত্তি ধর্মিতা। গীত গাই থকাৰ মাজতে বিশেষ কলা চাতুৰ্য্যৰে কেতিয়াবা কেতিয়াবা তেওঁ গীতৰ কথাকে উদাত্ত কণ্ঠেৰে আবৃত্তি কৰা দেখা যায়। কিন্তু উল্লেখযােগ্য যে তেতিয়াও তেওঁৰ গীতৰ সৌন্দৰ্য্য হেৰাই নাযায়; বৰং দুগুণে চৰেহে। গীত পৰিবেশনৰ এই ৰীতিত তেওঁ অসাধাৰণ।

 সুৰ সৃষ্টিৰ সুচলার্থে গায়কে নানাবিধ যন্ত্রপাতিৰ সহায় লয়। গায়কৰ গীত- মাত সঙ্গীবৃন্দৰ যন্ত্রপাতিৰ সুৰ তালৰ সহযােগত মনােগ্রাহী হৈ উঠে। গায়ক বাদক উভয়ৰে মান উন্নত নহলে গীতৰ মাধুৰ্য্য কমে। কেতিয়াবা কেতিয়াবা আকৌ কোনাে কোনাে বিশিষ্ট গায়কৰ গীত-মাত সঙ্গীবৃন্দৰ বাদ্য-বাজনাৰ কোলাহলত অস্পষ্ট হােৱা শুনা যায়। কিন্তু ভূপেন হাজৰিকাৰ গীত পৰিৱেশনৰ পদ্ধতি এই ক্ষেত্ৰত সম্পূর্ণ সুকীয়া। গীতৰ সভাত তেওঁৰ পৰিবেশন অনাড়ম্বৰ অথচ প্রাণস্পর্শী। তেওঁৰ ক্ষেত্ৰত মানবিশিষ্ট বাদ্য-সঙ্গীবৃন্দ অপৰিহাৰ্য্য নহয় যেন লাগে। বাদ্য বাজনাৰ অতিমাত্রা প্রয়ােগে তেওঁৰ গীত নিষ্প্রভ কৰা দেখা নাযায়। তেওঁৰ গীত সদায় স্পষ্ট। উচ্চাৰণ নিখুঁট। সেয়েহে শ্রোতাই কোনাে সভঙ্গ নােহােৱাকৈ তেওঁৰ গীত বুজি