পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
চমুকৈ অতুল চন্দ্ৰ হাজৰিকা

অস্পৃশ্যতাৰ সমস্যা লৈ ‘কল্যাণী’ (১৯৩৯) নাটক ৰচিত হৈছে।

 হাজৰিকাৰ ঐতিহাসিক নাটক সমূহৰ ঠায়ে ঠায়ে অসঙ্গতভাৱে আধুনিকতাই প্ৰৱেশ লাভ কৰিছে। অতীতৰ বুকুত বৰ্তমানৰ ভাৱধাৰা আৰোপ কৰিলে অসঙ্গতিয়ে দেখা দিয়ে। তেওঁৰ নাটসমূহ বহিসংঘাত প্ৰধান। নাটত inward appeal বা অন্তৰমুখিতা নাই। ‘টিকেন্দ্ৰজিৎ’, ‘পানিপথ’ আদি দুখনমান নাট কাহিনী ৰচনা আৰু দৃশ্য পৰিকল্পনাত পৰিমিতিবোধে মনোগ্ৰাহী কৰিছে আৰু অসঙ্গতিপূৰ্ণ চিত্ৰ বা কথাও তাত নাই। কিন্তু আগৰ কেইখন নাটত একাধিক উপকাহিনী আৰু চৰিত্ৰৰ বাহুল্যই মূল প্ৰধান বস্তুক আৱৰি ৰাখিছে। ফলত নাটকেইখনে সংহত আৰু প্ৰভাৱশীল ৰূপ ল’ব পৰা নাই। গীতৰ বাহুল্য আৰু স্বদেশপ্ৰীতিৰ উচ্ছাস নাটবোৰৰ আন দুটা উল্লেখযোগ্য বৈশিষ্ট।

 তেখেতৰ পূৰ্ণ পৰ্য্যায়ৰ সামাজিক নাট অৱশ্যে এখনহে বুলিব পাৰি। সেইখন হ’ল কটন কলেজৰ সোণালী জয়ন্তীত প্ৰথম অভিনীত ‘আহুতি’ বিয়াল্লিশৰ বিপ্লৱৰ আলেখ্য, ১৯৫২ চনত প্ৰকাশিত। বিয়াল্লিশৰ শ্বহীদসকলৰ ছায়ামূৰ্ত্তিৰ আৱিভাৱে নাটখনত অভিনৱত্বৰ ৰোল সানিছে।

 হাজৰিকাই শ্ৰুতিৰ ওপৰত গুৰুত্ব দি কেইবাখনো ৰেডিঅ’ নাটো ৰচনা কৰে।

 নাট ৰচনাৰ নতুন পৰীক্ষাও তেওঁ এবাৰ চলাইছিল। ১৯৪৯ চনত ‘ৰুক্মিনীহৰণ’ নাটখন হাতে লিখা অৱস্থাতে কুমাৰ ভাস্কৰ নাট্যমন্দিৰত শঙ্কৰদেৱৰ আৰ্হিত ভাওনা পদ্ধতিৰ সৈতে নিজৰ কল্পনা আৰু সৃজন প্ৰতিভাৰ সংযোগ ঘটাই হাজৰিকা দেৱে মঞ্চত অভিনয় কৰি চাবলৈ যত্ন কৰিছিল। কিন্তু যি কোনো কাৰণতেই তেওঁ কৃতকাৰ্য্য নহ’ল। নাটখনত চলোৱা পৰীক্ষা শলাগি জ্যোতিপ্ৰসাদ আগৰৱালাই হাজৰিকালৈ লিখিছিল— “আমাৰ এতিয়া চেষ্টা চলাব লাগে যাতে আমি শঙ্কৰী নাটকীয় কাৰিকৰীৰ সৈতে আধুনিক নাটকীয় কাৰিকৰীৰ সমন্বয় কৰি এটা নতুনযুগীয় অসমীয়া নাটকীয় কাৰিকৰীৰ উদ্ভাৱন কৰিব পাৰোঁ। তেতিয়া হ’লে আমাৰ নাটকীয় কাৰিকৰীতো এটা নিজা বৈশিষ্ট্য থাকিব।”

 ৰঙ্গমঞ্চৰ উপযোগী ইমানখিনি নাট ৰচনা কৰি দ্বিজেন্দ্ৰলাল, গিৰীশচন্দ্ৰ, ক্ষীৰোদপ্ৰসাদ আদি বঙালী নাট্যকাৰ সকলৰ প্ৰভাৱ অসমৰ মঞ্চৰ পৰা আঁতৰ কৰি অসমীয়া নাট্যকলাৰ নটৰাজক ৰঙ্গমঞ্চৰ বেদীত সুপ্ৰতিষ্ঠা কৰাত হাজৰিকাৰদান অমূল্য বুলি স্বীকাৰ কৰিব লাগিব।