পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
সুৰ বিচাৰি বাৰ বছৰ

কৰে। বি, টি শ্ৰেণীত তেওঁ ১৯৬৯ চনলৈ অধ্যাপনা কৰে।

 অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ’মিলন’ৰ গৌৰৱময় কালছোৱাৰ শেষ সম্পাদক আছিল অতুল চন্দ্ৰ হাজৰিকা। ’মিলন'ত তেওঁৰ ’কৃপনৰ একাদশী’, ‘পতিতা’ আৰু ‘ভ্ৰষ্টা’ নামৰ তিনিটা চুটি গল্প ছপা হৈছিল। পিছলৈ তেওঁ গল্প লেখকৰ ভূমিকা বাদ দিয়ে। কলিকতীয়া ‘মিলন’ত হাজৰিকাৰ ’বৃন্দাবন’ নামৰ এটা দীঘলীয়া কবিতা। প্ৰকাশ হয়।

হাজৰিকাদেৱৰ অসম সাহিত্য সভাৰ লগত সক্ৰিয় সহযোগঃ

 ১৯১৭ চনত পদ্মনাথ গোহাঞি বৰুৱাৰ পৌৰাহিত্যত ৰংপুৰ নগৰত অসম সাহিত্য সভাই জন্ম লাভ কৰে। এই সভা দ্বিতীয় মহাসমৰৰ আগৰ কালছোৱাত দোপতদোপে আগবাঢ়ি গৈছিল। কিন্তু দ্বিতীয় মহাসমৰৰ পিছৰ কালছোৱাত এই সভাৰ জীৱনীশক্তি স্তিমিত হৈ আহিছিল। ১৯৫৩ চনমানলৈ বিভিন্ন কাৰণত সাহিত্য সভাৰ দুৰৱস্থা চলে। অসম সাহিত্য সভাৰ মৃতপ্ৰায় পৰিস্থিতিৰ মাজত চিলঙৰ মুকুল সংঘই সভাপতি হৰিপ্ৰসাদ বৰুৱাৰ নেতৃত্বত সাহিত্য সভাখনক পুনৰজীৱন দিবলৈ উঠিপৰি লাগে। এইক্ষেত্ৰত সক্ৰিয়ভাৱে সহায়-সহযোেগ আগবঢ়াইছিল। তেতিয়াৰ বিত্তমন্ত্ৰী মতিৰাম বৰা ডাঙৰীয়াই।

 শ্বিলং সাহিত্য সভালৈ সক্ৰিয় সহযোগ আগবঢ়াবলৈ গুৱাহাটীৰ পৰা যায়। অতুল চন্দ্ৰ হাজৰিকা, ৰজনীকান্ত দেৱ শৰ্মা, বেণুধৰ শৰ্মা আদি সাহিত্যিক সকল। অসম সাহিত্য সভাৰ জাক-জমকীয় চিলং অধিবেশনত অতুল চন্দ্ৰ হাজৰিকা প্ৰধান সম্পাদক নিৰ্বাচিত হয়। শ্বিলং অধিবেশনৰ পাছত যোৰহাট আৰু গুৱাহাটীত তেওঁ পুনৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ধুবুৰী অধিবেশনত তেওঁ প্ৰধান সম্পাদক পদৰ পৰা অব্যাহতি পায়। হাজৰিকাই ১৯৫৯ চনত অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনৰ সভাপতি হয়।

 জোনাকী যুগৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ উত্তৰাধিকাৰী স্বৰূপে স্থান অধিকাৰ কৰা ১৯৫৩ চনত স্থাপিত গুৱাহাটীৰ সবিতা সভাৰ লগত হাজৰিকা ওতঃপ্ৰোতভাৱে জড়িত আছিল

কবি অতুল চন্দ্ৰ হাজৰিকা :

 ১৯৩৪-৩৫ চনত গুৱাহাটীৰ পৰা অমিয় কুমাৰ দাসৰ সম্পাদনাত ওলোৱা ’বাঁহী’ত ‘চিত্ৰদাস’ নাম লৈ হাজৰিকাই বহুতো কবিতা প্ৰকাশ কৰিছিল। ‘তপোবন’ (১৯৫৫), ‘মুকুতামালা’ (১৯৪১), ‘মণিমালা’ (১৯৪১-৪২), ‘পাঞ্চজন্য’, ‘মালিকী-