পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
বর্তমান শিক্ষা জগত

ফলতে বোধহয় তেওঁলোকৰ চিন্তাৰ অনুকূলে সৃষ্টি হোৱা বিভিন্ন দিশৰ পৰিকল্পনাসমূহ আজি অকৃতকাৰ্য হৈ পৰিছে। শিক্ষা জগতৰ শিৰফুটাসকলৰ মাজতো ঠিক এনেদৰে থৰক বৰক চিন্তাৰ সূত্ৰপাত হোৱাৰ ফলতেই আজি শিক্ষা জগতত নানা বিশৃংখলা, হাহাকাৰ আদিৰ সৃষ্টি হোৱা যেন অনুমান হয়।

 শিক্ষাদানৰ বিশিষ্ট উপাদানসমূহৰ ভিতৰত অন্যতম মুখ্য উপাদান হ’ল শিক্ষকসকল। পাকৈত ৰান্ধনিৰ ৰন্ধাবঢ়া পাগত উঠাৰ দৰে যোগ্য শিক্ষকৰ শিক্ষাদান আৰু তত্ত্বাৱধানতো ছাত্ৰ-ছাত্ৰী পাগত উঠে। ছাত্ৰ-ছাত্ৰীক পাগত তুলিব পৰা যোগ্য শিক্ষক শিক্ষানুষ্ঠান সমূহত আছেনে নাই আৰু থাকিলেও বৰ্তমান তেওঁলোকৰ অৱস্থা কি সেইটোহে মন কৰিবলগীয়া। বৰ্তমান বস্তুবাদী প্ৰতিযোগিতৰ দিনত সাধাৰণতে ধনৰ পৰিমাণেৰেহে মানুহৰ সুখ-দুখৰ জোখ-মাখ কৰা হয় বা সামাজিক মূল্য নিৰ্ণয় কৰা হয়। সুখ-দুখ, হাঁহি-অশ্ৰু, সামাজিক উচ্চ মূল্য আদি ধনৰেই সৃষ্টি বুলি মানুহৰ বদ্ধমূল ধাৰণা জন্মাৰ ফলত আজিৰ মানুহে ধনৰ পিছত ঢাপলি মেলিবলৈ আৰম্ভ কৰিছে। গতিকে আজি প্ৰায়ভাগ লোকেই চাকৰি নিৰ্বাচনৰ সময়ত প্ৰকৃত দৰমহাৰ উপৰিও চাকৰিৰ চৌদিশে থকা ওপৰঞ্চি ধনৰ পৰিমানলৈ লক্ষ্য ৰাখিহে চাকৰি নিৰ্বাচন কৰে। এই ক্ষেত্ৰত দেখা গৈছে শিক্ষকতা চাকৰিৰ প্ৰতি মানুহৰ আকৰ্ষণ তুলনামূলকভাৱে কম। বোধহয় ওপৰঞ্চি আয়ৰ ৰুদ্ধ পথেই এই কম আকৰ্ষণৰ কাৰণ। চৰকাৰে বান্ধি দিয়া দৰমহাৰ নিৰিখৰ বাহিৰে আন কোনো উপায়েৰে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ উজু পথ শিক্ষকসকলৰ নাই বাবে সাধাৰণতে সমাজৰ অৰ্থলোভী তথাকথিত আভিজাত্য স্তৰৰ লোকসকল আৰু নম্বৰৰ পৰিমাণেৰে মেধাবী বুলি পৰিচিতসকল শিক্ষক হ’বলৈ নামি নাহে। আদৰ্শ জলাঞ্জলি দি হলেও এই সকল লোকে আইন অৰ্থাগমৰ পথে ধাবিত হয়। সৰ্বসাধাৰণ আঢ্যৱন্ত লোকসকলৰ কথা নকওঁৱেই আনকি শিক্ষকৰ আদৰ্শৰ জয়গান গাই ফুৰা নেতৃস্থানীয় লোক সকলৰৰ প্ৰায় ভাগেই তেওঁলোকৰ ল’ৰা-ছোৱালীক উদাৰ আনন্দমনে আদৰ্শ শিক্ষক হ’বলৈ উদগনি দিয়া দেখা নাযায়। তেওঁলোকেও সুনীতি বা দুৰ্নীতিৰ মাজেৰে হ’লেও নিজৰ সতি-সন্ততিক অৰ্থকৰী পথত তুলি দিহে শান্তি লভে। আজি দেশৰ সমগ্ৰ স্কুলৰ বেছিভাগ শিক্ষকেই অভাৱ-অনাটনগ্ৰস্ত পৰিয়ালৰ পৰা ওলাই আহিছে আৰু বাকীখিনিয়ে অইন অৰ্থকৰী পথত নিযুক্তি বিচাৰি বিফল হৈ মনৰ ইচ্ছাৰ বিপৰীতে শিক্ষক জীৱন যাপন কৰিছে। বৰ্তমান প্ৰতিযোগিতাৰ দিনত এই স্কুল শিক্ষকসকলৰ জীৱন নিৰ্বাহৰ মানদণ্ড সমাজৰ চকুত অতি নিম্নস্তৰৰ। আজিৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ উপযোগী পাঠদানৰ নিমিত্তে কিতাপ-পত্ৰ অধ্যয়নৰ