পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
অন্তঃসাৰ শূন্য : বর্তমান শিক্ষা জগত

জীৱন অপ্রাপ্য সুযােগ সুবিধাৰে সমুজ্জ্বল কৰি তােলা দেখা যায়। শিক্ষাজগতত দোষযুক্ত পৰীক্ষা নীতিৰ ফলত এই ঘােৰ অবিচাৰ চলিবই লাগিছে। মন কৰিলে দেখা যায় উচ্চ বিভাগত উত্তীর্ণ হােৱা বহুতাে ছাত্র-ছাত্রী নিম্ন বিভাগত উত্তীর্ণ হােৱা বহুতাে ছাত্র-ছাত্রীতকৈ তেনেই নিম্নস্তৰৰ। ব্যৱহাৰিক জীৱনত এনে উচ্চ বিভাগৰ ছাত্ৰ-ছাত্ৰী সমূহ বিকলাঙ্গ ভ্ৰুণৰ দৰেই অসার্থক। নিযুক্তি আদিৰ ক্ষেত্ৰত এনে অযােগ্য কিছুমানক মাত্র নম্বৰ চায়েই অগ্রাধিকাৰ দি নিযুক্তি দিয়া হয়। আৰু এনেদৰে নিযুক্তি হােৱা দেশৰ অগণন কর্মচাৰীয়েই অনুপযুক্ততাৰ ফলত বিভিন্ন ক্ষেত্ৰত নানা বেমেজালিৰ সৃষ্টি কৰিছে।

 আনহাতে পৰীক্ষা নীতিৰ মেৰপাকত যিসকল যােগ্য উপযুক্ত ছাত্ৰই পৰাজয়ৰ গ্লানি বহন কৰিব লগা হয় বা নিম্ন বিভাগত উত্তীর্ণ হয়, সেই সকলৰ বহুতেই ব্যৱহাৰিক জীৱনত অস্থান হৈ হলেও কৃতকার্যতাৰে আগবাঢ়ি সমাজৰ এক এক বলিষ্ঠ ব্যক্তি হিচাবে স্বীকৃতি লৈ উত্তীর্ণ শ্রেণীক চেৰ পেলাই বিজয় গৌৰৱত গৌৰৱান্বিত হয়। কম নম্বৰৰ পাৰ্থক্যই সিহঁতক পিছুৱাই ৰাখিলেও বা নিম্নস্তৰত পেলালেও সিহঁত উত্তীর্ণ বা উচ্চস্তৰৰ যোগ্য। কিন্তু পৰীক্ষানীতি এই যােগ্যতা নির্ণয় কৰিবলৈ অসমর্থ। ইয়াৰ ফলতেই আজি যােগ্য-অযােগ্য সকলাে ছাত্র- ছাত্ৰীয়ে বিশৃংখলভাৱে উত্তীর্ণ-অনুত্তীৰ্ণ হৈছে। ইফালে পৰীক্ষা ঘৰৰ দুর্নীতি আছেই। এই দুর্নীতিৰেও বহুতাে অনুত্তীর্ণ হ’বলগীয়া বা নিম্ন বিভাগ পাবলগীয়া ছাত্র-ছাত্রীয়ে সুখ্যাতিৰে উত্তীর্ণ হােৱা দেখা যায়। লাহে লাহে দেখা গৈছে পৰীক্ষকৰাে দুর্নীতি মূৰ দাঙি উঠিছে। শান্ত-শিষ্ট, জ্ঞানী, চিন্তাশীল পৰীক্ষার্থী দুর্নীতিৰ পৰা আঁতৰত থাকি পৰীক্ষাত অনুত্তীর্ণ হােৱা দেখা যায়। গতিকে আজিৰ পৰীক্ষা ছাত্র-ছাত্রীৰ জ্ঞানৰ প্রকৃত মাপকাঠি নহয়। আজিৰ যান্ত্রিক পৰীক্ষা পদ্ধতিৰ সুৰুঙাৰে নানা আৱৰ্জনা আহি সমাজৰ আগস্থানত গােট খাইছেহি। এই আৱৰ্জনাৰ পুতিগন্ধই সমাজ বিষাক্ত কৰি তুলিছে।

 শিক্ষা বিভাগৰ আজি চিন্তা বিভ্রাট ঘটিছে। নানা দুর্নীতিপূর্ণ নিষ্ফল ব্যস্ততাৰে আজি শিক্ষা জগত তােলপাৰ। নিষ্ফল ব্যস্ততা, মিছা খেলিমেলি আঁতৰ কৰিবৰ সময় কেতিয়াবাই উকলি গ’ল। এই বিশৃংখল আৰু কিছুদিন চলিলে ইয়াক নির্মূল কৰা উজু কাম নহ’ব। আজিৰ যুগে সকলােৰে প্রতি সজাগ দৃষ্টি ৰাখিবলৈ শিকিছে। গতিকে কোনেও কাকো ঠগ-প্ৰৱঞ্চনা কৰাৰ বৃথা চেষ্টা নকৰি প্রত্যেকে প্রত্যেক কর্তব্য কৰাৰ সময় আহিছে। দেশৰ বৃহত্তৰ স্বাৰ্থৰ অনুকুলে প্রত্যেকে কাম নকৰিলে দেশৰ কল্যাণ নাই। শিক্ষাজগতৰ কল্যাণ সাধিবলৈ চৰকাৰে শিক্ষকক তেওঁলােকৰ