পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমত সঙ্গীতৰ ৰূপ

 ভাষা যেনেকৈ ব্যাকৰণৰ আদিতে সৃষ্টি হয়, কিন্তু ব্যাকৰণ নহ'লে ভাষাই শুদ্ধ ৰূপ নাপায়; তেনেকৈ সঙ্গীতে জনসাধাৰণৰ মুখত লোক-গীতমাতৰ ৰূপ লৈ যুগে যুগে বাগৰি আহে; কিন্তু ব্যাকৰণ নহ'লে ইও শুদ্ধ ৰূপ নাপায়। ব্যাকৰণ নিশিকাকৈ অশিক্ষিত গাঁৱলীয়া লোকসকলে কথা ক'ব পাৰে। সঙ্গীতৰ ব্যাকৰণ নিশিকাকৈয়ো মানুহে গীত গাব পাৰে। কিন্তু অশিক্ষিত লোক সকলৰ কথা-বতৰাত গ্ৰাম্যতা দোষ ৰৈ থকাৰ দৰে সঙ্গীতৰ ব্যাকৰণ নজনা লোকসকলৰ গীত-মাততো নানা শ্ৰুতিকটু দোষ সোমাই থাকে। সকলো জাতিৰে লোক গীত-মাতবোৰত কম- বেচি পৰিমানে এনে দোষ আছে। আমাৰ অসমীয়া গীত-মাতবোৰো এনে দোষৰ পৰা সম্পূৰ্ণ মুক্ত নহয়। ভাষা সাহিত্যৰ ক্ষেত্ৰত ভাষাবিদ সাহিত্যিকসকলৰ আশাশুধীয়া চেষ্টাৰ ফলত অসম কিছু পৰিমাণে আগবাঢ়িছে। কিন্তু সঙ্গীতজ্ঞসকলৰ চেষ্টাৰ ক্ৰটীৰ বাবেই অসমীয়া সঙ্গীতৰ মানদণ্ড নিম্ন স্তৰৰ হৈ আছে।

 আমাৰ বৰগীত, লোকগীত আদিৰ কণ্ঠশিল্পীসকলৰ বহুতেই সুৰৰ আশ্ৰয়ৰ বাবে tonic বা এটি মূল স্বৰৰ যে আৱশ্যক হয়, যিটোক সঙ্গীত বিজ্ঞানৰ বিধিমতে ‘সা’ বুলি কোৱা হয়, তাক নাজানে। সেয়েহে গীতৰ প্ৰকৃত স্কেল নিৰূপিত হোৱাত বাধা অহা দেখা যায়। ড° মহেশ্বৰ নেওগ সম্পাদিত 'স্বৰৰেখাত বৰগীত' নামৰ কিতাপত সঙ্গীত বিশাৰদ বীৰেন্দ্ৰকুমাৰ ফুকনে এই কথাখিনি আলোচনা কৰিছে। স্বৰজ্ঞান নাথাকিলে গায়কে মূল স্বৰ স্থাপন কৰিব নোৱাৰে। ফলস্বৰূপে গীতৰ মাজত একাধিকবাৰ স্কেলৰ সাল-সলনি দেখা দিয়াৰ উপক্ৰম হয়। মুখে মুখে শুনি গীতৰ সুৰ জানিব পাৰি। কিন্তু স্বৰ জনাটো সুকঠিন। আজিকালি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কলাকাৰৰ পৰিবেশ সাঁজি লৈ কথা প্ৰধান লঘু গীত-মাতবোৰ অৰ-তৰ পৰা শুনি সভা-সমিতিয়ে গাই ফুৰা দেখা যায়। কিন্তু স্বৰ জ্ঞানৰ অভাৱত বেছিভাগ গায়কেই সুৰৰ প্ৰাণ সৃষ্টি কৰিব নোৱাৰে। লঘু সঙ্গীত শিল্পীসকলৰ বহুতে স্বৰৰ পূৰ্ণ প্ৰকাশ কৰিবলৈ গুণী গুৰুৰ ওচৰত স্বৰ সাধনা নকৰাৰ কাৰণেই এনেকুৱা প্ৰাণহীন সঙ্গীতৰ সৃষ্টি হৈছে। অপৈণত শিল্পীসকলে সৃষ্টি কৰা গীত-মাতবোৰে অসমীয়া সঙ্গীত কলাৰ অন্যায় সাধিছে।